--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১১ মাৰ্চ, ২০২২। বক্স অফিচত এই দিনটোতে মুক্তি পাইছিল পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’। মুক্তিৰ পূৰ্বেও ‘দ্য কাশ্মীৰ ফাইলছ’ই ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। কাৰণ, এই ছবিখনৰ এটা মূল উপাদান হৈছে ৰাজনীতি।

নব্বৈৰ দশকত কাশ্মীৰৰ সংখ্যালঘু কাশ্মীৰী পণ্ডিতসকলক উচ্ছেদ কৰা ঘটনাৰ ওপৰত আলোকপাত কৰা হয় ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনত। সেইবাবেই এই ছবিখনক লৈ বিতৰ্কই দেখা দিয়ে।

ছবিখনৰ এবছৰ পূৰ্ণ হোৱাৰ উপলক্ষে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কয়- "মই কেতিয়াও ভবা নাছিলো যে এই ছবিখনে ইমান ছাপ পেলাব।"

মুক্তিৰ কিছু সময়ৰ পাছতেই ‘দ্য কাশ্মীৰ ফাইলছ’ বিজেপি শাসিত কেইবাখনো ৰাজ্যত কৰমুক্ত ঘোষণা কৰা হয়৷ বিজেপিৰ একাংশ নেতাইও এই ছবিখন চাবলৈ চিনেমা হললৈ গৈছিল। আনকি প্ৰধানমন্ত্ৰীয়েও ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসা কৰে।

আনহাতে বিৰোধীয়ে ‘দ্য কাশ্মীৰ ফাইলছ’ ব্যৱহাৰ কৰি শাসকীয় দলটোক আহিলা হিচাপে লৈছিল। একাংশই ছবিখনক ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’ আৰু ‘ইতিহাসৰ বিকৃতি’ বুলি অভিহিত কৰি বৰ্জনৰ আহ্বান জনাইছে।

ছবিখনে বক্স অফিচত ২৫২ কোটি টকাৰ ব্যৱসায় কৰিছিল। ইফালে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ সফলতাত উৎসাহিত হৈ বিবেকে ‘দিল্লী ফাইলছ’ নামৰ ছবিখনৰ কথা ঘোষণা কৰে। ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ছিকুৱেল নিৰ্মাণৰ কথাও ঘোষণা কৰিছে পৰিচালকগৰাকীয়ে।

পৰিচালকগৰাকীয়ে কয়- ‘‘কাশ্মীৰ ফাইলছ’ আছিল সত্যৰ সৈতে ন্যায়। ‘দিল্লী ফাইলছ’ ছবিখন হ’ব জীৱনৰ সৈতে ন্যায়।’’

বিবেকৰ ভাষাত- ‘‘গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ ভিতৰত জনসাধাৰণৰ সমৰ্থন অন্যতম। গতিকে তেওঁলোকে কি চাব, কোনটো চাব সেইটো বাছি লয়। সস্তীয়া বস্তু দেখুৱাই দৰ্শকৰ হাতচাপৰি পাব নোৱাৰি।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ