--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১১ মাৰ্চ, ২০২২। বক্স অফিচত এই দিনটোতে মুক্তি পাইছিল পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’। মুক্তিৰ পূৰ্বেও ‘দ্য কাশ্মীৰ ফাইলছ’ই ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। কাৰণ, এই ছবিখনৰ এটা মূল উপাদান হৈছে ৰাজনীতি।

নব্বৈৰ দশকত কাশ্মীৰৰ সংখ্যালঘু কাশ্মীৰী পণ্ডিতসকলক উচ্ছেদ কৰা ঘটনাৰ ওপৰত আলোকপাত কৰা হয় ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনত। সেইবাবেই এই ছবিখনক লৈ বিতৰ্কই দেখা দিয়ে।

ছবিখনৰ এবছৰ পূৰ্ণ হোৱাৰ উপলক্ষে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কয়- "মই কেতিয়াও ভবা নাছিলো যে এই ছবিখনে ইমান ছাপ পেলাব।"

মুক্তিৰ কিছু সময়ৰ পাছতেই ‘দ্য কাশ্মীৰ ফাইলছ’ বিজেপি শাসিত কেইবাখনো ৰাজ্যত কৰমুক্ত ঘোষণা কৰা হয়৷ বিজেপিৰ একাংশ নেতাইও এই ছবিখন চাবলৈ চিনেমা হললৈ গৈছিল। আনকি প্ৰধানমন্ত্ৰীয়েও ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসা কৰে।

আনহাতে বিৰোধীয়ে ‘দ্য কাশ্মীৰ ফাইলছ’ ব্যৱহাৰ কৰি শাসকীয় দলটোক আহিলা হিচাপে লৈছিল। একাংশই ছবিখনক ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’ আৰু ‘ইতিহাসৰ বিকৃতি’ বুলি অভিহিত কৰি বৰ্জনৰ আহ্বান জনাইছে।

ছবিখনে বক্স অফিচত ২৫২ কোটি টকাৰ ব্যৱসায় কৰিছিল। ইফালে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ সফলতাত উৎসাহিত হৈ বিবেকে ‘দিল্লী ফাইলছ’ নামৰ ছবিখনৰ কথা ঘোষণা কৰে। ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ছিকুৱেল নিৰ্মাণৰ কথাও ঘোষণা কৰিছে পৰিচালকগৰাকীয়ে।

পৰিচালকগৰাকীয়ে কয়- ‘‘কাশ্মীৰ ফাইলছ’ আছিল সত্যৰ সৈতে ন্যায়। ‘দিল্লী ফাইলছ’ ছবিখন হ’ব জীৱনৰ সৈতে ন্যায়।’’

বিবেকৰ ভাষাত- ‘‘গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ ভিতৰত জনসাধাৰণৰ সমৰ্থন অন্যতম। গতিকে তেওঁলোকে কি চাব, কোনটো চাব সেইটো বাছি লয়। সস্তীয়া বস্তু দেখুৱাই দৰ্শকৰ হাতচাপৰি পাব নোৱাৰি।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী