--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বাবে গৌৰৱৰ ক্ষণ। লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত ৯৫ সংখ্যক অস্কাৰত উজলি উঠিল ভাৰত। দুটাকৈ শিতানত শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰি সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতে অৰ্জন কৰিলে বিশেষ সন্মান। এছ এছ ৰাজামৌলীৰ 'আৰ আৰ আৰ' বোলছবিৰ 'নাটু নাটু' শীৰ্ষক গানটোৱে অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। 

ছবিখন মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰিছিল 'নাটু নাটু' শীৰ্ষক গানটিয়ে। এছ এছ ৰাজামৌলীৰ ছবি ‘আৰআৰআৰ’য়ে সমগ্ৰ বিশ্বতে যথেষ্ট ব্যৱসায় কৰিছে। ৰাম চৰণ, জুনিয়ৰ এনটিআৰে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে আলিয়া ভাট আৰু অজয় দেৱগন এটা কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল।

অস্কাৰ বঁটাৰ পূৰ্বে এই গানটোৱে গোল্ডেন গ্লোৱ, ২০২৩ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছতেই অস্কাৰৰ দৌৰত শক্তিশালী স্থানত অৱস্থান কৰে এই জনপ্ৰিয় গীতটিয়ে। শ্ৰেষ্ঠ মৌলিক সংগীত শিতানত বিশ্বৰ অন্যতম জনপ্ৰিয় শিল্পী লেডী গাগাৰ 'হ'ল্ড মাই হেণ্ড' আৰু ৰিহানাৰ 'লিফ্ট মি আপ'ৰ দৰে সংগীতক পিছ পেলাই অস্কাৰ বঁটা লভিবলৈ সক্ষম হয় 'নাটু নাটু'ৱে।

এ আৰ ৰহমান, ৰাছুল পুকুটি আৰু গুলজাৰে ২০০৯ চনত ‘স্লামডগ মিলিয়নেয়াৰ’ চলচ্চিত্ৰৰ ‘জয় হো’ গানটোৰ বাবে অস্কাৰ লাভ কৰিছিল। 

ইয়াৰ লগতে অস্কাৰৰ দৌৰত উজলি উঠিল আন এখন ভাৰতীয় তথ্যচিত্ৰ। কাৰ্তিকী গনচালভেছৰ পৰিচালিত আৰু গুণীত মোংগাই প্ৰযোজনা কৰা ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ (The Elephant Whisperers) তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত অস্কাৰ বঁটা লাভ কৰিছে।এই শিতানত অস্কাৰ বঁটা লাভ কৰা প্ৰথমখন ভাৰতীয় ছবি হৈছে ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’। তদুপৰি, এই শিতানত মনোনয়ন পোৱা এইখন তৃতীয় ভাৰতীয় ছবি। ইয়াৰ পূৰ্বে ১৯৬৯ চনত ‘দ্য হাউছ ডেট আনন্দা বিল্ট’ আৰু ১৯৭৯ চনত ‘এন এনকাউণ্টাৰ উইথ ফেচেছ’–য়ে ভাৰতৰ পৰা শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

দক্ষিণ ভাৰতৰ এক দম্পতীয়ে এটি ঘাট মাউৰা হাতী পোৱালিক তুলি তালি নিজৰ সন্তানৰ দৰে ডাঙৰ-দীঘল কৰাৰ কাহিনীৰে আগবাঢ়িছিল তথ্যচিত্ৰখন। এই শিতানত প্ৰথমবাৰৰ বাবে ভাৰতে লাভ কৰিলে এই সাফল্য। উল্লেখ্য যে, অস্কাৰৰ মঞ্চত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় গীত পৰিৱেশন কৰা হয়।





















FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ