--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বাবে গৌৰৱৰ ক্ষণ। লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত ৯৫ সংখ্যক অস্কাৰত উজলি উঠিল ভাৰত। দুটাকৈ শিতানত শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰি সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতে অৰ্জন কৰিলে বিশেষ সন্মান। এছ এছ ৰাজামৌলীৰ 'আৰ আৰ আৰ' বোলছবিৰ 'নাটু নাটু' শীৰ্ষক গানটোৱে অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। 

ছবিখন মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰিছিল 'নাটু নাটু' শীৰ্ষক গানটিয়ে। এছ এছ ৰাজামৌলীৰ ছবি ‘আৰআৰআৰ’য়ে সমগ্ৰ বিশ্বতে যথেষ্ট ব্যৱসায় কৰিছে। ৰাম চৰণ, জুনিয়ৰ এনটিআৰে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে আলিয়া ভাট আৰু অজয় দেৱগন এটা কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল।

অস্কাৰ বঁটাৰ পূৰ্বে এই গানটোৱে গোল্ডেন গ্লোৱ, ২০২৩ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছতেই অস্কাৰৰ দৌৰত শক্তিশালী স্থানত অৱস্থান কৰে এই জনপ্ৰিয় গীতটিয়ে। শ্ৰেষ্ঠ মৌলিক সংগীত শিতানত বিশ্বৰ অন্যতম জনপ্ৰিয় শিল্পী লেডী গাগাৰ 'হ'ল্ড মাই হেণ্ড' আৰু ৰিহানাৰ 'লিফ্ট মি আপ'ৰ দৰে সংগীতক পিছ পেলাই অস্কাৰ বঁটা লভিবলৈ সক্ষম হয় 'নাটু নাটু'ৱে।

এ আৰ ৰহমান, ৰাছুল পুকুটি আৰু গুলজাৰে ২০০৯ চনত ‘স্লামডগ মিলিয়নেয়াৰ’ চলচ্চিত্ৰৰ ‘জয় হো’ গানটোৰ বাবে অস্কাৰ লাভ কৰিছিল। 

ইয়াৰ লগতে অস্কাৰৰ দৌৰত উজলি উঠিল আন এখন ভাৰতীয় তথ্যচিত্ৰ। কাৰ্তিকী গনচালভেছৰ পৰিচালিত আৰু গুণীত মোংগাই প্ৰযোজনা কৰা ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ (The Elephant Whisperers) তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত অস্কাৰ বঁটা লাভ কৰিছে।এই শিতানত অস্কাৰ বঁটা লাভ কৰা প্ৰথমখন ভাৰতীয় ছবি হৈছে ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’। তদুপৰি, এই শিতানত মনোনয়ন পোৱা এইখন তৃতীয় ভাৰতীয় ছবি। ইয়াৰ পূৰ্বে ১৯৬৯ চনত ‘দ্য হাউছ ডেট আনন্দা বিল্ট’ আৰু ১৯৭৯ চনত ‘এন এনকাউণ্টাৰ উইথ ফেচেছ’–য়ে ভাৰতৰ পৰা শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

দক্ষিণ ভাৰতৰ এক দম্পতীয়ে এটি ঘাট মাউৰা হাতী পোৱালিক তুলি তালি নিজৰ সন্তানৰ দৰে ডাঙৰ-দীঘল কৰাৰ কাহিনীৰে আগবাঢ়িছিল তথ্যচিত্ৰখন। এই শিতানত প্ৰথমবাৰৰ বাবে ভাৰতে লাভ কৰিলে এই সাফল্য। উল্লেখ্য যে, অস্কাৰৰ মঞ্চত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় গীত পৰিৱেশন কৰা হয়।





















FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী