--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি পৰম তৃপ্তিৰে মুখলৈ ভাতৰ গৰাহটো যে নিছে সেইগৰাহ ভাতত কি আছে জানেনে? শেহতীয়াকৈ এদল অসমীয়া বিজ্ঞানীৰ গৱেষণাত পোহৰলৈ আহিছে যে অসমত এতিয়া কেৱল খোৱাপানীতে নহয়, পথাৰৰ ধানটোলৈকে সোমাই গৈছে বিষাক্ত আৰ্ছেনিক। অসমৰ ভূগৰ্ভৰ পানীত থকা বিষাক্ত আৰ্ছেনিক ধান গছৰ শিপাই শুহি লোৱাৰ ফলত আমাৰ শান্তিৰ আৰু তৃপ্তিৰ ভাতসাঁজো এতিয়া হৈ পৰিছে বিষাক্ত। 

ফলত শেহতীয়াকৈ অসমত কিডনী বিকল, কেঞ্চাৰৰ দৰে ৰোগ অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু এতিয়াই যদি অসমৰ মাটি-পানীত বিয়পি পৰা বিষাক্ত আৰ্ছেনিক নিয়ন্ত্ৰণ কৰা নহয় তেনেহ'লে ইয়েই এদিন অসমক পৰিণত কৰিব মৃত্যু উপত্যকাত। এই ভয়ংকৰ আৰু বিস্ফোৰক তথ্য পোহাৰলৈ আহিছে ইংলেণ্ডৰ ব্রিষ্টল বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান আৰু জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী অসম সন্তান ড° জগন্নাথ বিশ্বকর্মাই চলোৱা এক দীর্ঘ গৱেষণাত। নগাঁৱৰ সন্তান ড° জগন্নাথ বিশ্বকৰ্মাৰ এই গৱেষণা ইতিমধ্যেই বিশ্বজুৰি চৰ্চিত হৈছে। 

বিশ্বৰ বিজ্ঞান জগতৰ আটাইতকৈ সম্ভ্রান্ত আলোচনী, য'ত ডাৰউইনৰ বিৱৰ্তনৰ সূত্ৰ প্ৰথমবাৰৰ বাবে প্রকাশ পাইছিল, সেইখন আলোচনী 'জিঅ'গ্রাফিকেল'এ অসম সন্তান বিজ্ঞানীজনৰ গৱেষণাৰ সবিশেষ তথ্যৰ এক প্রবন্ধ প্রকাশ কৰাৰ পাছতেই অসমত আৰ্ছেনিকৰ ভয়াৱহতাৰ বিষয়টোক লৈ বিশ্বৰ বিজ্ঞানীসকল কৌতূহলী হৈ পৰিছে। এই প্রবন্ধ প্রকাশ পোৱাৰ পাছতে বি বি চিয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ড° বিশ্বকৰ্মাৰ এক দীঘলীয়া সাক্ষাৎকাৰ প্ৰচাৰ কৰি অসমবাসীৰ ওপৰত চলা 'আৰ্ছেনিক'ৰ আক্রমণ সন্দৰ্ভত বিশ্ববাসীক সজাগ কৰি তোলে।

ড° জগন্নাথ বিশ্বকর্মাই এক বাৰ্তালাপত কয় যে অসমৰ ভূগৰ্ভৰ পানীত এতিয়া ৬০ৰ পৰা ৭০ শতাংশ আৰ্ছেনিকৰ উপস্থিতি তেওঁৰ গৱেষণাত ধৰা পৰিছে। বিজ্ঞানীজনে কয় যে আৰ্ছেনিক দুই প্ৰকাৰৰ আছে- আৰ্ছেনিক থ্ৰী আৰু আৰ্ছেনিক ফাইভ। ইয়াৰ আৰ্ছেনিক ফাইফ কম বিষাক্ত আৰু আৰ্ছেনিক থ্রী অতি বিষাক্ত।কিন্তু অসমবাসীৰ দুৰ্ভাগ্য যে অসমৰ ভূগৰ্ভৰ জলত অধিকাংশ অতি বিষাক্ত আৰ্ছেনিক থ্রীয়েই মিহলি হৈ আছে। গৱেষণাত এই কথাও পোহৰলৈ আহিছে যে ডবকা, হোজাই, লংকা, লামডিং, নলবাৰী, যোৰহাট, শিৱসাগৰ আৰু মাজুলী হ'ল অতি বিষাক্ত আৰ্ছেনিক থ্রীৰ হটস্পট। অর্থাৎ এইবিলাক ঠাইৰ গ্রামাঞ্চল আৰু নগৰাঞ্চল উভয়ৰে ভূগর্ভস্থ জলত উদ্বেগজনক মাত্ৰাত ধৰা পৰিছে অতি বিষাক্ত আৰ্ছেনিকৰ উপস্থিতি। 

বিজ্ঞানীজনে কয় যে মুঠ ভূগৰ্ভৰ জলৰ ৬০ৰ পৰা ৭০ শতাংশ পর্যন্ত বিষাক্ত হৈ পৰাৰ প্ৰক্ৰিয়া শেহতীয়াকৈ আৰম্ভ হৈছে। পূর্বেও ভূগর্ভত আৰ্ছেনিক পোৱা গৈছিল, কিন্তু এতিয়া ভূগৰ্ভৰ খনন, বৰিং আদিৰ দৰে ঘটনা যিমান বৃদ্ধি পাবলৈ ধৰিছে, অৰ্থাৎ ভূগৰ্ভত মানৱ-সৃষ্ট 'ডিষ্টাৰবেন্স' যিমানেই বৃদ্ধি পাইছে, সিমানেই বেছি মাত্রাত আৰ্ছেনিক ভূগৰ্ভৰ পানীত মিহলি হৈ গৈছে। বিজ্ঞানীজনে শংকা প্রকাশ কৰি কয় যে জলজীৱন মিছনৰ জৰিয়তে এই বিষাক্ত পানী অসমৰ ঘৰে ঘৰে বিয়পি পৰিছে। কাৰণ তেওঁৰ মতে, অসমত আজিলৈকে ভূগৰ্ভৰ আৰ্ছেনিক নির্মূলৰ কাৰণে কেন্দ্ৰ চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক কোনো এখন চৰকাৰেই কোনো ধৰণৰ 'ছিৰায়াছ' পদক্ষেপ বিগত তিনি/চাৰি দশকত গ্ৰহণ কৰা নাই আৰু ইয়াৰ পৰিণতিতে অসমত বিভিন্ন দুৰাৰোগ্য ৰোগৰ আক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। 

ইফালে, গুৱাহাটী আই আই টিৰ বায়'ছায়েন্স আৰু বায়' ইঞ্জিনীয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক সুকুমাৰ নন্দীয়ে কয় যে অসমত আৰ্ছেনিকে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু ড° বিশ্বকর্মাই ইংলেণ্ডত এইক্ষেত্ৰত অতি উৎকৃষ্ট গৱেষণা চলাই আছে। তেওঁ লগতে এইবুলিও কয় যে ৰয়েল জিঅ'গ্রাফিকেল ছ'চাইটিয়ে প্ৰকাশ কৰা জিঅ'গ্ৰাফিকেল আলোচনীত অসমত আৰ্ছেনিকৰ ভয়াৱহতা স্পষ্ট ৰূপত প্রকাশ পাইছেই, লগতে এই কথাও ওলাই পৰিছে যে বিজ্ঞানে কিমান গভীৰতাত এই সম্পৰ্কত গৱেষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ