--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া চাৰি বছৰৰ তলৰ কোনো শিশুৰ কাহ হ’লে তেনে শিশুক কফ চিৰাপ খুৱাব পৰা নাযাব। শেহতীয়াকৈ ভাৰতত উৎপাদিত কফ চিৰাপ খাই বিশ্বৰ কেইবাখনো দেশত ১৪১  টি শিশুৰ মৃত্যু ঘটিছে। এনে ঘটনাৰ পিছতে অতি কম বয়সৰ শিশুসকলৰ বাবে যে বজাৰত এতিয়া  উপলব্ধ কফ চিৰাপ নিৰাপদ নয় সেই কথা চৰকাৰে উপলব্ধি কৰিছে।  এনেবোৰ দিশ ফঁহিয়াই চাই  কেন্দ্ৰই চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কফ চিৰাপ ব্যৱহাৰৰ বিষয়ত  এক কঠোৰ সিদ্ধান্ত লৈছে।

 ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে বৃহস্পতিবাৰে চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কাহৰ ঔষধৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰক সংস্থাই কৈছে যে অননুমোদিত কফ  চিৰাপসমূহ কম বয়সৰ শিশুৰ বাবে কিমান নিৰাপদ সেই কথাত সন্দেহ আছে। সেয়ে বিষয়টো সন্দৰ্ভত  আলোচনাৰ পিছত চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত  কাহৰ ঔষধ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জাম্বিয়া, উজবেকিস্তান আৰু কেমেৰুনত ২০১৯ চনৰ পৰা এতিয়ালৈকে  কফ চিৰাপ খাই কমেও ১৪১ টি  শিশুৰ  মৃত্যু হৈছে। 

কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰকে কয় যে দেশত প্ৰস্তুত কৰা  কফ চিৰাপ সেৱন কৰাৰ পিছত ২০১৯  চনত কমেও ১২  টি শিশুৰ মৃত্যু হৈছিল। বিষক্ৰিয়াৰ ফলত চাৰিটা শিশু শাৰীৰিকভাৱে অক্ষম হৈ পৰিছিল। কম দামত জীৱন ৰক্ষাকাৰী ঔষধৰ যোগানৰ বাবে ভাৰতক "বিশ্বৰ ফাৰ্মাচী" বুলি কোৱা হয়। অৱশ্যে, যোৱা কেইবছৰমানত শিশুৰ ঔষধসমূহ কিমান নিৰাপদ তাকে লৈ  বিভিন্ন  অভিযোগ উত্থাপিত হৈছে।

এনে  পৰিস্থিতিত ঔষধ নিয়ন্ত্ৰক সংস্থা ফিক্সড ড্ৰাগ কম্বিনেচন (এফডিচি)য়ে নতুন নিৰ্দেশনা জাৰি কৰিছে। চাৰি বছৰৰ তলৰ শিশুৰ কাহৰ ঔষধ নিষিদ্ধ কৰাৰ সিদ্ধান্ত ১৮ ডিচেম্বৰতে  লোৱা হৈছিল  যদিও শেহতীয়াকৈ  সেয়া ৰাজহুৱা কৰা হৈছে। কেন্দ্ৰীয় সংস্থাটোৱে কৈছে যে এতিয়াৰে পৰা  কাহৰ ঔষধৰ বটলবোৰৰ ওপৰত বিশেষ সতৰ্কবাণী লিখা হ'ব। এইবুলি লিখা হ'ব যে এই ঔষধবিধ  চাৰি বছৰৰ তলৰ শিশুৰ বাবে সুৰক্ষিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক