--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া চাৰি বছৰৰ তলৰ কোনো শিশুৰ কাহ হ’লে তেনে শিশুক কফ চিৰাপ খুৱাব পৰা নাযাব। শেহতীয়াকৈ ভাৰতত উৎপাদিত কফ চিৰাপ খাই বিশ্বৰ কেইবাখনো দেশত ১৪১  টি শিশুৰ মৃত্যু ঘটিছে। এনে ঘটনাৰ পিছতে অতি কম বয়সৰ শিশুসকলৰ বাবে যে বজাৰত এতিয়া  উপলব্ধ কফ চিৰাপ নিৰাপদ নয় সেই কথা চৰকাৰে উপলব্ধি কৰিছে।  এনেবোৰ দিশ ফঁহিয়াই চাই  কেন্দ্ৰই চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কফ চিৰাপ ব্যৱহাৰৰ বিষয়ত  এক কঠোৰ সিদ্ধান্ত লৈছে।

 ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে বৃহস্পতিবাৰে চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কাহৰ ঔষধৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰক সংস্থাই কৈছে যে অননুমোদিত কফ  চিৰাপসমূহ কম বয়সৰ শিশুৰ বাবে কিমান নিৰাপদ সেই কথাত সন্দেহ আছে। সেয়ে বিষয়টো সন্দৰ্ভত  আলোচনাৰ পিছত চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত  কাহৰ ঔষধ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জাম্বিয়া, উজবেকিস্তান আৰু কেমেৰুনত ২০১৯ চনৰ পৰা এতিয়ালৈকে  কফ চিৰাপ খাই কমেও ১৪১ টি  শিশুৰ  মৃত্যু হৈছে। 

কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰকে কয় যে দেশত প্ৰস্তুত কৰা  কফ চিৰাপ সেৱন কৰাৰ পিছত ২০১৯  চনত কমেও ১২  টি শিশুৰ মৃত্যু হৈছিল। বিষক্ৰিয়াৰ ফলত চাৰিটা শিশু শাৰীৰিকভাৱে অক্ষম হৈ পৰিছিল। কম দামত জীৱন ৰক্ষাকাৰী ঔষধৰ যোগানৰ বাবে ভাৰতক "বিশ্বৰ ফাৰ্মাচী" বুলি কোৱা হয়। অৱশ্যে, যোৱা কেইবছৰমানত শিশুৰ ঔষধসমূহ কিমান নিৰাপদ তাকে লৈ  বিভিন্ন  অভিযোগ উত্থাপিত হৈছে।

এনে  পৰিস্থিতিত ঔষধ নিয়ন্ত্ৰক সংস্থা ফিক্সড ড্ৰাগ কম্বিনেচন (এফডিচি)য়ে নতুন নিৰ্দেশনা জাৰি কৰিছে। চাৰি বছৰৰ তলৰ শিশুৰ কাহৰ ঔষধ নিষিদ্ধ কৰাৰ সিদ্ধান্ত ১৮ ডিচেম্বৰতে  লোৱা হৈছিল  যদিও শেহতীয়াকৈ  সেয়া ৰাজহুৱা কৰা হৈছে। কেন্দ্ৰীয় সংস্থাটোৱে কৈছে যে এতিয়াৰে পৰা  কাহৰ ঔষধৰ বটলবোৰৰ ওপৰত বিশেষ সতৰ্কবাণী লিখা হ'ব। এইবুলি লিখা হ'ব যে এই ঔষধবিধ  চাৰি বছৰৰ তলৰ শিশুৰ বাবে সুৰক্ষিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক