--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিশেষভাৱে বাতৰি আৰু উচ্চ শিক্ষা সম্পৰ্কীয় বিষয়ত প্ৰতিবেদন প্ৰকাশ কৰি অহা ব্ৰিটিছ আলোচনী টাইমছ হায়াৰ এডুকেশ্বনএ যুগুতাই উলিওৱা ২০২২ বৰ্ষৰ এছিয়াৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানৰ তালিকাত ভাৰতৰ সোতৰখন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

টাইমছ হায়াৰ এডুকেশ্বন এছিয়া ইউনিভাৰ্চিটি ৰেংকিং-২০২২ত ভাৰত হৈছে তৃতীয় সৰ্বাধিক প্ৰতিনিধিত্ব কৰা দেশ, ৰ পৰা ৭১খন শিক্ষা প্ৰতিষ্ঠান তালিকাভুক্ত হৈছে৷ বিগত বৰ্ষত ৬৩খন শিক্ষা প্ৰতিষ্ঠানে স্থান লাভ কৰিছিল৷ 

ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্স, বাংগালোৰ হৈছে ৪২সংখ্যক স্থানত থকা শীৰ্ষস্থানৰ ভাৰতীয় প্ৰতিষ্ঠান৷ আই.আই.এছ.চি.ৰ উপৰিও, দেশৰ শীৰ্ষ ১০০টাত আন তিনিখন প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত আছে মহীশূৰৰ জেএছএছ একাডেমী অব্ হায়াৰ এডুকেশ্বন এণ্ড ৰিচাৰ্ছ, আইআইটি ৰোপাৰ (৬৮) আৰু আইআইটি ইন্দোৰ (৮৭)। শীৰ্ষ ২০০ৰ তালিকাক ১৭ন ভাৰতৰ বিশ্ববিদ্যালয় আছে৷

শীৰ্ষ ২০০খন শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত আইআইটি গান্ধীনগৰ, আলাগাপ্পা বিশ্ববিদ্যালয়, থাপাৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, সবেতা বিশ্ববিদ্যালয়, মহাত্মা গান্ধী বিশ্ববিদ্যালয়, দিল্লী প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, ৰাসায়নিক প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, জমিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, হায়দৰাবাদ, ইন্দ্ৰপ্ৰস্থ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, দিল্লী আৰু পাঞ্জাব বিশ্ববিদ্যালয় অন্যতম৷

টাইমছ্ হায়াৰ এডুকেশ্বনৰ বিষয়া ফিল বাটিয়ে এক বিবৃতিত কয়, এই নতুন তথ্যই সমগ্ৰ এছিয়া মহাদেশত উৎকৃষ্টতাৰ অসাধাৰণ বিবিধ পৰিসৰ দেখুৱাইছে৷ ৩১খন এছিয়াৰ ৰাষ্ট্ৰ/অঞ্চলক লৈ এই তালিকাখন তৈয়াৰ কৰা হৈছে৷ এই তথ্যই প্ৰমাণ কৰে যে এছিয়া আজি বিশ্বৰ উচ্চ শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ বাবে সম্ভৱতঃ আটাইতকৈ ৰোমাঞ্চকৰ আৰু গতিশীল মহাদেশ।

কিন্তু, এইখিনিতে প্ৰশ্ন হয় আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত আজিও কিয় স্থান পাবলৈ সক্ষম হোৱা নাই অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে৷ অসমৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দুখনে আজিও বিশ্বমানৰ শিক্ষানুষ্ঠানৰ সৈতে সমানে প্ৰতিযোগিতাত আগুওৱাত ব্যৰ্থ হৈছে নেকি?

যি সময়ত অসমত ইউপিএছচিত অসমীয়া শিক্ষাৰ্থীয়ে স্থান নোপোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে, সেই সময়তে এই প্ৰশ্নও নিশ্চয় উত্থাপন হব যে কিয় আজিও অসমৰ বিশ্ববিদ্যালয়ে বিশ্বৰ শিক্ষানুষ্ঠানৰ সৈতে আগুৱাব পৰা নাই? ত ভুল ৰৈ গৈছে গুৱাহাটী বিশ্ববিদ্যালয় অথবা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ? যি দুখন বিশ্ববিদ্যালয়ে অসমৰ সমাজ জীৱনলৈ আগবঢ়াইছে প্ৰভূত অৰিহণা, সেই দুখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মানক লৈ উঠিছে প্ৰশ্ন৷ টাইমছ্ হায়াৰ এডুকেশ্বনে নহয়, অন্য বহু সমীক্ষাতো স্থান পোৱা দেখা নাযায় ৰাজ্যৰ বিশ্ববিদ্যালয়দুখনক৷ অসমৰ বিশ্ববিদ্যালয় দুখনৰ শেহতীয়া ভূমিকাক লৈ সেয়ে উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ বৌদ্ধিক মহল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন