--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিশেষভাৱে বাতৰি আৰু উচ্চ শিক্ষা সম্পৰ্কীয় বিষয়ত প্ৰতিবেদন প্ৰকাশ কৰি অহা ব্ৰিটিছ আলোচনী টাইমছ হায়াৰ এডুকেশ্বনএ যুগুতাই উলিওৱা ২০২২ বৰ্ষৰ এছিয়াৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানৰ তালিকাত ভাৰতৰ সোতৰখন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

টাইমছ হায়াৰ এডুকেশ্বন এছিয়া ইউনিভাৰ্চিটি ৰেংকিং-২০২২ত ভাৰত হৈছে তৃতীয় সৰ্বাধিক প্ৰতিনিধিত্ব কৰা দেশ, ৰ পৰা ৭১খন শিক্ষা প্ৰতিষ্ঠান তালিকাভুক্ত হৈছে৷ বিগত বৰ্ষত ৬৩খন শিক্ষা প্ৰতিষ্ঠানে স্থান লাভ কৰিছিল৷ 

ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্স, বাংগালোৰ হৈছে ৪২সংখ্যক স্থানত থকা শীৰ্ষস্থানৰ ভাৰতীয় প্ৰতিষ্ঠান৷ আই.আই.এছ.চি.ৰ উপৰিও, দেশৰ শীৰ্ষ ১০০টাত আন তিনিখন প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত আছে মহীশূৰৰ জেএছএছ একাডেমী অব্ হায়াৰ এডুকেশ্বন এণ্ড ৰিচাৰ্ছ, আইআইটি ৰোপাৰ (৬৮) আৰু আইআইটি ইন্দোৰ (৮৭)। শীৰ্ষ ২০০ৰ তালিকাক ১৭ন ভাৰতৰ বিশ্ববিদ্যালয় আছে৷

শীৰ্ষ ২০০খন শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত আইআইটি গান্ধীনগৰ, আলাগাপ্পা বিশ্ববিদ্যালয়, থাপাৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, সবেতা বিশ্ববিদ্যালয়, মহাত্মা গান্ধী বিশ্ববিদ্যালয়, দিল্লী প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, ৰাসায়নিক প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, জমিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, হায়দৰাবাদ, ইন্দ্ৰপ্ৰস্থ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, দিল্লী আৰু পাঞ্জাব বিশ্ববিদ্যালয় অন্যতম৷

টাইমছ্ হায়াৰ এডুকেশ্বনৰ বিষয়া ফিল বাটিয়ে এক বিবৃতিত কয়, এই নতুন তথ্যই সমগ্ৰ এছিয়া মহাদেশত উৎকৃষ্টতাৰ অসাধাৰণ বিবিধ পৰিসৰ দেখুৱাইছে৷ ৩১খন এছিয়াৰ ৰাষ্ট্ৰ/অঞ্চলক লৈ এই তালিকাখন তৈয়াৰ কৰা হৈছে৷ এই তথ্যই প্ৰমাণ কৰে যে এছিয়া আজি বিশ্বৰ উচ্চ শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ বাবে সম্ভৱতঃ আটাইতকৈ ৰোমাঞ্চকৰ আৰু গতিশীল মহাদেশ।

কিন্তু, এইখিনিতে প্ৰশ্ন হয় আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত আজিও কিয় স্থান পাবলৈ সক্ষম হোৱা নাই অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে৷ অসমৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দুখনে আজিও বিশ্বমানৰ শিক্ষানুষ্ঠানৰ সৈতে সমানে প্ৰতিযোগিতাত আগুওৱাত ব্যৰ্থ হৈছে নেকি?

যি সময়ত অসমত ইউপিএছচিত অসমীয়া শিক্ষাৰ্থীয়ে স্থান নোপোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে, সেই সময়তে এই প্ৰশ্নও নিশ্চয় উত্থাপন হব যে কিয় আজিও অসমৰ বিশ্ববিদ্যালয়ে বিশ্বৰ শিক্ষানুষ্ঠানৰ সৈতে আগুৱাব পৰা নাই? ত ভুল ৰৈ গৈছে গুৱাহাটী বিশ্ববিদ্যালয় অথবা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ? যি দুখন বিশ্ববিদ্যালয়ে অসমৰ সমাজ জীৱনলৈ আগবঢ়াইছে প্ৰভূত অৰিহণা, সেই দুখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মানক লৈ উঠিছে প্ৰশ্ন৷ টাইমছ্ হায়াৰ এডুকেশ্বনে নহয়, অন্য বহু সমীক্ষাতো স্থান পোৱা দেখা নাযায় ৰাজ্যৰ বিশ্ববিদ্যালয়দুখনক৷ অসমৰ বিশ্ববিদ্যালয় দুখনৰ শেহতীয়া ভূমিকাক লৈ সেয়ে উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ বৌদ্ধিক মহল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস