--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতৰ আৰু এটা নক্ষত্ৰ খহি পৰিল। কেকেৰ মৃত্যুৰ খবৰে আহত কৰাৰ পাছত এইবাৰ শাস্ত্ৰীয় সংগীতৰ জগতখনৰ পৰা আহিছে এক অনাকাংক্ষিত খবৰ। সন্তুৰবাদক পণ্ডিত ভজন চৌপাৰিৰ দেহাৱসান। বৃহস্পতিবাৰে গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীজনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ।

১৯৪৮ চনত জন্মগ্ৰহণ কৰা পণ্ডিত ভজন চৌপাৰিৰ কাশ্মীৰৰ চৌপুৰ উপত্যকাৰ বাসিন্দা আছিল। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ছুফিয়ানা ঘৰানাৰ অন্তৰ্গত আছিল তেওঁ। ১৯৫৩ চনত পাঁচ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল ভজন চৌপাৰিয়ে। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা পশ্চিমীয়া শাস্ত্ৰীয় সংগীতত শিক্ষা লোৱাৰ উপৰি জ্যেষ্ঠ ভাতৃ এছ চি চৌপৰি আৰু পিতৃ শম্ভু নাথৰ পৰা হিন্দুস্তানী ঘৰনাত শিক্ষাৰে দীক্ষিত হৈছিল তেওঁ। ৱাশ্বিংটন বিশ্ববিদ্যালয়তো সংগীতৰ অধ্যাপনা কৰিছিল ভজন চৌপাৰিয়ে।

ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯২ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০০৪ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল চৌপাৰি।  পণ্ডিত ভজন চৌপৰি ক’ল’ন কেন্সাৰৰ চতুৰ্থ পৰ্যায়ত ধৰা পৰিছিল।  যকৃত আৰু হাড়লৈ বিয়পি পৰিছিল এই ৰোগ। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ ফৰ্টিছ মেম'ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউট (এফ এম আৰ আই), গুৰুগ্ৰামত চিকিৎসাধীন হৈ আছিল আৰু তেওঁ কেমোথেৰাপি, টাৰ্গেটেড থেৰাপি আৰু ইমিউন'থেৰাপি অ’ভাৰ গ্ৰহণ কৰিছিল যোৱা দুমাহ ধৰি। ২০২২ চনৰ ১৮ মে'ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পিছত তেওঁৰ এফ এম আৰ আইত ভৰ্তি কৰা হৈছিল। 

স্বাভাৱিকতে, সংগীত জগতৰ পৰা অহা  তাৰকা শিল্পীৰ অকাল মৃত্যুৰ খবৰে বক্ষ বিদীৰ্ণ কৰি তুলিছে শ্ৰোতা-দৰ্শকৰ। প্ৰখ্যাত সন্তুৰবাদক গৰাকীৰ অনাকাংক্ষিত মৃত্যুৰ ছাঁ পৰিছে ভাৰতীয় সংগীত জগতত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন