--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতৰ আৰু এটা নক্ষত্ৰ খহি পৰিল। কেকেৰ মৃত্যুৰ খবৰে আহত কৰাৰ পাছত এইবাৰ শাস্ত্ৰীয় সংগীতৰ জগতখনৰ পৰা আহিছে এক অনাকাংক্ষিত খবৰ। সন্তুৰবাদক পণ্ডিত ভজন চৌপাৰিৰ দেহাৱসান। বৃহস্পতিবাৰে গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীজনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ।

১৯৪৮ চনত জন্মগ্ৰহণ কৰা পণ্ডিত ভজন চৌপাৰিৰ কাশ্মীৰৰ চৌপুৰ উপত্যকাৰ বাসিন্দা আছিল। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ছুফিয়ানা ঘৰানাৰ অন্তৰ্গত আছিল তেওঁ। ১৯৫৩ চনত পাঁচ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল ভজন চৌপাৰিয়ে। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা পশ্চিমীয়া শাস্ত্ৰীয় সংগীতত শিক্ষা লোৱাৰ উপৰি জ্যেষ্ঠ ভাতৃ এছ চি চৌপৰি আৰু পিতৃ শম্ভু নাথৰ পৰা হিন্দুস্তানী ঘৰনাত শিক্ষাৰে দীক্ষিত হৈছিল তেওঁ। ৱাশ্বিংটন বিশ্ববিদ্যালয়তো সংগীতৰ অধ্যাপনা কৰিছিল ভজন চৌপাৰিয়ে।

ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯২ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০০৪ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল চৌপাৰি।  পণ্ডিত ভজন চৌপৰি ক’ল’ন কেন্সাৰৰ চতুৰ্থ পৰ্যায়ত ধৰা পৰিছিল।  যকৃত আৰু হাড়লৈ বিয়পি পৰিছিল এই ৰোগ। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ ফৰ্টিছ মেম'ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউট (এফ এম আৰ আই), গুৰুগ্ৰামত চিকিৎসাধীন হৈ আছিল আৰু তেওঁ কেমোথেৰাপি, টাৰ্গেটেড থেৰাপি আৰু ইমিউন'থেৰাপি অ’ভাৰ গ্ৰহণ কৰিছিল যোৱা দুমাহ ধৰি। ২০২২ চনৰ ১৮ মে'ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পিছত তেওঁৰ এফ এম আৰ আইত ভৰ্তি কৰা হৈছিল। 

স্বাভাৱিকতে, সংগীত জগতৰ পৰা অহা  তাৰকা শিল্পীৰ অকাল মৃত্যুৰ খবৰে বক্ষ বিদীৰ্ণ কৰি তুলিছে শ্ৰোতা-দৰ্শকৰ। প্ৰখ্যাত সন্তুৰবাদক গৰাকীৰ অনাকাংক্ষিত মৃত্যুৰ ছাঁ পৰিছে ভাৰতীয় সংগীত জগতত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস