--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ‘ভাৰত জোড়ো যাত্ৰা’ই ইতিমধ্যে কেইবাখনো প্ৰদেশ পাৰ কৰি তেলাংগানাত প্ৰৱেশ কৰিছে। এই যাত্ৰা অহা ৭ নৱেম্বৰত উপস্থিত হ’ব মহাৰাষ্ট্ৰত। ইয়াৰ মাজতে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰেও এই যাত্ৰাত যোগদান কৰিব বুলি এক খবৰ ওলাইছে।

 এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, শিৱসেনাৰ নেতা আদিত্য থাকৰেও ৰাহুল গান্ধীৰ ‘ইণ্ডিয়া জোড়ো’ যাত্ৰাত যোগদান কৰিব পাৰে। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে দেওবাৰে কয় যে, শাৰদ পাৱাৰে ‘ভাৰত জোড়ো’ যাত্ৰাৰ অংশ হ’বৰ বাবে দিয়া আমন্ত্ৰণ গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ ‘মহা আঘাড়ী’ চৰকাৰত কংগ্ৰেছ, এন চি পি আৰু শিৱসেনাৰ মিত্ৰতা আছিল। কিন্তু একে বছৰতে শিৱসেনাৰ একনাথ শিণ্ডেৰ লগতে কেইবাজনো বিধায়কৰ বিদ্ৰোহৰ পাছত চৰকাৰৰ পতন ঘটে। ইয়াৰ পিছতে বিজেপিৰ সহায়ত শিণ্ডেয়ে নতুন চৰকাৰ গঠন কৰে। তেনেসময়ছোৱাত শাৰদ পাৱাৰ আৰু আদিত্য থাকৰেয়ে ‘ভাৰত জোড়ো’ যাত্ৰাত যোগদান কৰিবলগীয়া ঘটনাই বহন কৰিছে বিশেষ তাৎপৰ্য।

বৰ্তমান ভাৰত জোদী যাত্ৰা তেলেংগানা ৰাজ্যৰ মাজেৰে পাৰ হৈছে। এই যাত্ৰা মহাৰাষ্ট্ৰলৈ যাবলৈ প্ৰস্তুতিত ব্যস্ত কংগ্ৰেছ কৰ্মী। বিগত ৭ ছেপ্তেম্বৰৰ পৰা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দেশজুৰি আৰম্ভ কৰিছিল ‘ভাৰত জোড়ো যাত্ৰা’। এই পদযাত্ৰাৰ জৰিয়তে ৰাহুল গান্ধীয়ে গঢ়ি তুলিব বিচাৰিছিল এক গণ আন্দোলন। কন্যাকুমাৰীৰ পৰা কাশ্মীৰ লৈ কৰিব এই যাত্ৰা। এই ‘ভাৰত জোড়ো যাত্ৰা’ত ইতিমধ্যে যোগ দিছে বিভিন্নজনে। ৰাহুল গান্ধীৰ এই পদযাত্ৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰদেশ কংগ্ৰেছেও আৰম্ভ কৰিছে পদযাত্ৰা। ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা শদিয়াত অন্ত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক