--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ‘ভাৰত জোড়ো যাত্ৰা’ই ইতিমধ্যে কেইবাখনো প্ৰদেশ পাৰ কৰি তেলাংগানাত প্ৰৱেশ কৰিছে। এই যাত্ৰা অহা ৭ নৱেম্বৰত উপস্থিত হ’ব মহাৰাষ্ট্ৰত। ইয়াৰ মাজতে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰেও এই যাত্ৰাত যোগদান কৰিব বুলি এক খবৰ ওলাইছে।

 এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, শিৱসেনাৰ নেতা আদিত্য থাকৰেও ৰাহুল গান্ধীৰ ‘ইণ্ডিয়া জোড়ো’ যাত্ৰাত যোগদান কৰিব পাৰে। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে দেওবাৰে কয় যে, শাৰদ পাৱাৰে ‘ভাৰত জোড়ো’ যাত্ৰাৰ অংশ হ’বৰ বাবে দিয়া আমন্ত্ৰণ গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ ‘মহা আঘাড়ী’ চৰকাৰত কংগ্ৰেছ, এন চি পি আৰু শিৱসেনাৰ মিত্ৰতা আছিল। কিন্তু একে বছৰতে শিৱসেনাৰ একনাথ শিণ্ডেৰ লগতে কেইবাজনো বিধায়কৰ বিদ্ৰোহৰ পাছত চৰকাৰৰ পতন ঘটে। ইয়াৰ পিছতে বিজেপিৰ সহায়ত শিণ্ডেয়ে নতুন চৰকাৰ গঠন কৰে। তেনেসময়ছোৱাত শাৰদ পাৱাৰ আৰু আদিত্য থাকৰেয়ে ‘ভাৰত জোড়ো’ যাত্ৰাত যোগদান কৰিবলগীয়া ঘটনাই বহন কৰিছে বিশেষ তাৎপৰ্য।

বৰ্তমান ভাৰত জোদী যাত্ৰা তেলেংগানা ৰাজ্যৰ মাজেৰে পাৰ হৈছে। এই যাত্ৰা মহাৰাষ্ট্ৰলৈ যাবলৈ প্ৰস্তুতিত ব্যস্ত কংগ্ৰেছ কৰ্মী। বিগত ৭ ছেপ্তেম্বৰৰ পৰা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দেশজুৰি আৰম্ভ কৰিছিল ‘ভাৰত জোড়ো যাত্ৰা’। এই পদযাত্ৰাৰ জৰিয়তে ৰাহুল গান্ধীয়ে গঢ়ি তুলিব বিচাৰিছিল এক গণ আন্দোলন। কন্যাকুমাৰীৰ পৰা কাশ্মীৰ লৈ কৰিব এই যাত্ৰা। এই ‘ভাৰত জোড়ো যাত্ৰা’ত ইতিমধ্যে যোগ দিছে বিভিন্নজনে। ৰাহুল গান্ধীৰ এই পদযাত্ৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰদেশ কংগ্ৰেছেও আৰম্ভ কৰিছে পদযাত্ৰা। ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা শদিয়াত অন্ত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু