--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ তাৰকা আৰু চেলিব্ৰিটিসকলে অনুৰাগীসকলৰ পৰা যথেষ্ট মৰম আৰু প্ৰশংসা লাভ কৰে।  দৰ্শকৰ নিৰন্তৰ সমৰ্থনে তাৰকাসকলক আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে। বহু  চেলিব্ৰিটিয়ে প্ৰায়ে সামাজিক মাধ্যমত ঘৃণামূলক মন্তব্য আৰু ট্ৰলিঙৰো সন্মুখীন হয়। বহুতে কোনো কথা ভাবি নাচাই  প্ৰায়ে কোনো স্পষ্ট কাৰণ নোহোৱাকৈয়ে অনলাইনত চলচ্চিত্ৰ তাৰকাসকলকসৈ আপত্তিজনক বাৰ্তা দিয়ে।

যেতিয়া অভিনেত্ৰীসকলৰ কথা আহে, বহুতে তেওঁলোকে ইণ্টাৰনেটত কৰা পোষ্টত আপত্তিজনক মন্তব্য দিয়ে।শেহতীয়াকৈ অভিনেত্ৰী শ্ৰুতি হাচানে একে ধৰণৰ অগ্নিপৰীক্ষা সহ্য কৰিবলগীয়া হৈছিল। শ্ৰুতিয়ে প্ৰায়ে তেওঁৰ অনুৰাগীসকলৰ সৈতে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে বাৰ্তালাপ কৰে, লাইভ কৰে আৰু লগতে প্ৰশ্ন-উত্তৰ দিয়ে। তেওঁ  অলপতে এটা প্ৰশ্ন-উত্তৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল।   য'ত তেওঁ তেওঁৰ অনুৰাগীসকলক প্ৰশ্ন সুধিবলৈ কৈছিল।  

শ্ৰুতিয়ে নিশ্চিতভাৱে আশা কৰা নাছিল যে এটা অনুপযুক্ত প্ৰশ্ন কৰা  হ'ব। এজন ব্যৱহাৰকাৰীয়ে তেওঁক সুধিছিল যে তেওঁ কুমাৰী নেকি। শ্ৰুতিয়ে এই প্ৰশ্নটো  সহজভাৱে ল'ব পৰা নাছিল। তেওঁ প্ৰশ্নটোৰ উত্তৰো দিছিল আৰু সেই উত্তৰে তেওঁৰ বহু অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। প্ৰশ্ন কৰা লোকজনে  কুমাৰী শব্দটোক 'ভাৰ্জিন'ৰ ঠাইত ইংৰাজীতে ’ভাৰ্জাইন  বুলি লিখিছিল। শ্ৰুতিয়ে সেয়া  লক্ষ্য কৰিছিল আৰু সৰলভাৱে উত্তৰ দিছিল, "বানান ঠিক কৰক , বানান! যদি আপুনি এগৰাকী ভাল প্ৰশ্নকৰ্তা হ'ব বিচাৰে, প্ৰথমে বানান ঠিক কৰিবলৈ শিকক"।

 শ্ৰুতিয়ে আন ভাল প্ৰশ্নবোৰো পাইছিল, যিবোৰৰ উত্তৰ তেওঁ  আনন্দেৰে দিছিল। যেতিয়া কোনোবাই শ্ৰুতিক সুধিছিল যে তেওঁক  তেওঁৰ প্ৰেমিক শান্তনু হাজৰিকাৰ কোনটো গুণে বেছি  আকৰ্ষিত কৰে। শ্ৰুতিয়ে  উত্তৰ দিছিল যে সেয়া হৈছে   শান্তনু হাজৰিকাৰ কলাসুলভ মনটো। উল্লেখ্য শ্ৰুতি হাছানৰ মনৰ মানুহ শান্তনু হাজৰিকা অসমৰ আৰু তেওঁ মুম্বাইৰ এগৰাকী প্ৰতিষ্ঠিত চিত্ৰকৰ।

 কি বেছি  ভালপায় সেই বিষয়ে সোধাত শ্ৰুতিয়ে  মাৰ্শাল আৰ্টৰ কিংবদন্তী ব্ৰুছ লী তেওঁৰ প্ৰিয় ব্যক্তি বুলি কয়।  কোনোবাই আনকি তেওঁক  তেওঁৰ  ওঁঠৰ আকাৰৰ বিষয়েও  সুধিছিল ।শ্ৰুতিয়ে কৈছিল, "আপুনি সেয়া কেনেকৈ জুখিব?" শ্ৰুতি হাছানে বৰ্তমান  প্ৰভাসৰ সৈতে  ছালাৰৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী