--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ তাৰকা আৰু চেলিব্ৰিটিসকলে অনুৰাগীসকলৰ পৰা যথেষ্ট মৰম আৰু প্ৰশংসা লাভ কৰে।  দৰ্শকৰ নিৰন্তৰ সমৰ্থনে তাৰকাসকলক আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে। বহু  চেলিব্ৰিটিয়ে প্ৰায়ে সামাজিক মাধ্যমত ঘৃণামূলক মন্তব্য আৰু ট্ৰলিঙৰো সন্মুখীন হয়। বহুতে কোনো কথা ভাবি নাচাই  প্ৰায়ে কোনো স্পষ্ট কাৰণ নোহোৱাকৈয়ে অনলাইনত চলচ্চিত্ৰ তাৰকাসকলকসৈ আপত্তিজনক বাৰ্তা দিয়ে।

যেতিয়া অভিনেত্ৰীসকলৰ কথা আহে, বহুতে তেওঁলোকে ইণ্টাৰনেটত কৰা পোষ্টত আপত্তিজনক মন্তব্য দিয়ে।শেহতীয়াকৈ অভিনেত্ৰী শ্ৰুতি হাচানে একে ধৰণৰ অগ্নিপৰীক্ষা সহ্য কৰিবলগীয়া হৈছিল। শ্ৰুতিয়ে প্ৰায়ে তেওঁৰ অনুৰাগীসকলৰ সৈতে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে বাৰ্তালাপ কৰে, লাইভ কৰে আৰু লগতে প্ৰশ্ন-উত্তৰ দিয়ে। তেওঁ  অলপতে এটা প্ৰশ্ন-উত্তৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল।   য'ত তেওঁ তেওঁৰ অনুৰাগীসকলক প্ৰশ্ন সুধিবলৈ কৈছিল।  

শ্ৰুতিয়ে নিশ্চিতভাৱে আশা কৰা নাছিল যে এটা অনুপযুক্ত প্ৰশ্ন কৰা  হ'ব। এজন ব্যৱহাৰকাৰীয়ে তেওঁক সুধিছিল যে তেওঁ কুমাৰী নেকি। শ্ৰুতিয়ে এই প্ৰশ্নটো  সহজভাৱে ল'ব পৰা নাছিল। তেওঁ প্ৰশ্নটোৰ উত্তৰো দিছিল আৰু সেই উত্তৰে তেওঁৰ বহু অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। প্ৰশ্ন কৰা লোকজনে  কুমাৰী শব্দটোক 'ভাৰ্জিন'ৰ ঠাইত ইংৰাজীতে ’ভাৰ্জাইন  বুলি লিখিছিল। শ্ৰুতিয়ে সেয়া  লক্ষ্য কৰিছিল আৰু সৰলভাৱে উত্তৰ দিছিল, "বানান ঠিক কৰক , বানান! যদি আপুনি এগৰাকী ভাল প্ৰশ্নকৰ্তা হ'ব বিচাৰে, প্ৰথমে বানান ঠিক কৰিবলৈ শিকক"।

 শ্ৰুতিয়ে আন ভাল প্ৰশ্নবোৰো পাইছিল, যিবোৰৰ উত্তৰ তেওঁ  আনন্দেৰে দিছিল। যেতিয়া কোনোবাই শ্ৰুতিক সুধিছিল যে তেওঁক  তেওঁৰ প্ৰেমিক শান্তনু হাজৰিকাৰ কোনটো গুণে বেছি  আকৰ্ষিত কৰে। শ্ৰুতিয়ে  উত্তৰ দিছিল যে সেয়া হৈছে   শান্তনু হাজৰিকাৰ কলাসুলভ মনটো। উল্লেখ্য শ্ৰুতি হাছানৰ মনৰ মানুহ শান্তনু হাজৰিকা অসমৰ আৰু তেওঁ মুম্বাইৰ এগৰাকী প্ৰতিষ্ঠিত চিত্ৰকৰ।

 কি বেছি  ভালপায় সেই বিষয়ে সোধাত শ্ৰুতিয়ে  মাৰ্শাল আৰ্টৰ কিংবদন্তী ব্ৰুছ লী তেওঁৰ প্ৰিয় ব্যক্তি বুলি কয়।  কোনোবাই আনকি তেওঁক  তেওঁৰ  ওঁঠৰ আকাৰৰ বিষয়েও  সুধিছিল ।শ্ৰুতিয়ে কৈছিল, "আপুনি সেয়া কেনেকৈ জুখিব?" শ্ৰুতি হাছানে বৰ্তমান  প্ৰভাসৰ সৈতে  ছালাৰৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ