--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত ৰঙাঘৰৰ আলহী হ’ল অসমীয়াবিদ্বেষী নেতা প্ৰদীপ দত্ত ৰয়৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ পাছতেই স্বয়ম্ভূ বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে৷ তথাপিও যেন সৈমান নহয় অসমীয়াবিদ্বষী কথা-বতৰাৰে সংবাদ শিৰোনাম দখল কৰা নেতা প্ৰদীপ দত্ত ৰয়৷ জে’ললৈ যোৱাৰ পূৰ্বেও আক্ৰমণাত্মক ৰূপ প্ৰদীপ দত্ত ৰয়৷ অসমীয়া ভাষাক অপমান কৰিও অনুতপ্ত নহয় দত্ত ৰয় ৷ অসমতে থাকি ডাঙৰ-দীঘল হোৱা, লগতে নিজৰ ৰাজনৈতিক পৰিচয় বনোৱা বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্টৰ তথা-কথিত নেতাজন পূৰ্বৰে পৰাই অসমীয়া বিৰোধী৷ উল্লেখ্য যে, তেওঁ অসম আন্দোলনৰ দিনৰ পৰাই অসম বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে৷ সেই সময়ৰ প্ৰাক্তন কেন্দ্ৰীয়মন্ত্ৰী সন্তোষ মোহনৰ ঘনিষ্ঠ সহযোগী হিচাপে কাম কৰি আহিছিল৷

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ পাছত মানুহৰ মাজৰ পৰা নিজৰ উপস্থিতি হেৰাই পেলোৱা ৰয়েপুনৰ অসমীয়া বিৰুদ্ধ সৰৱ হৈ সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়৷ কিন্তু কথাতে আছে নহয়, 'কথাত কটা যায়; কথাত বঁটা পায়৷' তেওঁ কোৱা কথাৰ বঁটা হিচাপে ৰঙা ঘৰৰ আলহী হয় বিতৰ্কিত প্ৰদীপ৷ গ্ৰেপ্তাৰ হোৱা ফাছতো মুখ্যমন্ত্ৰী হিমন্তক তীব্ৰ সমালোচনা কৰে দত্ত ৰয়ে৷ হিমন্তই চক্ৰান্ত কৰাৰ অভিযোগো উত্থাপন কৰে BDFৰ মূৰব্বীজনে৷ তাৰউপৰিও মমতাৰ তৃণমূল কংগ্ৰেছৰ সহায় বিচাৰিলে দত্ত ৰয়ে৷ উল্লেখ্য যে, গ্ৰেপ্তাৰৰ পাছতেই দত্ত ৰয়ক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ প্ৰদান কৰে৷ ১০ ডিচেম্বৰলৈ ন্যায়িক জিম্মাত ৰঙাঘৰৰ আলহী হৈ থাকিব দত্ত ৰয়৷ শনিবাৰে নিশাই আদালতত হাজিৰ কৰোৱা হৈছিল দত্ত ৰয়ক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ