--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত ৰঙাঘৰৰ আলহী হ’ল অসমীয়াবিদ্বেষী নেতা প্ৰদীপ দত্ত ৰয়৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ পাছতেই স্বয়ম্ভূ বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে৷ তথাপিও যেন সৈমান নহয় অসমীয়াবিদ্বষী কথা-বতৰাৰে সংবাদ শিৰোনাম দখল কৰা নেতা প্ৰদীপ দত্ত ৰয়৷ জে’ললৈ যোৱাৰ পূৰ্বেও আক্ৰমণাত্মক ৰূপ প্ৰদীপ দত্ত ৰয়৷ অসমীয়া ভাষাক অপমান কৰিও অনুতপ্ত নহয় দত্ত ৰয় ৷ অসমতে থাকি ডাঙৰ-দীঘল হোৱা, লগতে নিজৰ ৰাজনৈতিক পৰিচয় বনোৱা বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্টৰ তথা-কথিত নেতাজন পূৰ্বৰে পৰাই অসমীয়া বিৰোধী৷ উল্লেখ্য যে, তেওঁ অসম আন্দোলনৰ দিনৰ পৰাই অসম বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে৷ সেই সময়ৰ প্ৰাক্তন কেন্দ্ৰীয়মন্ত্ৰী সন্তোষ মোহনৰ ঘনিষ্ঠ সহযোগী হিচাপে কাম কৰি আহিছিল৷

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ পাছত মানুহৰ মাজৰ পৰা নিজৰ উপস্থিতি হেৰাই পেলোৱা ৰয়েপুনৰ অসমীয়া বিৰুদ্ধ সৰৱ হৈ সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়৷ কিন্তু কথাতে আছে নহয়, 'কথাত কটা যায়; কথাত বঁটা পায়৷' তেওঁ কোৱা কথাৰ বঁটা হিচাপে ৰঙা ঘৰৰ আলহী হয় বিতৰ্কিত প্ৰদীপ৷ গ্ৰেপ্তাৰ হোৱা ফাছতো মুখ্যমন্ত্ৰী হিমন্তক তীব্ৰ সমালোচনা কৰে দত্ত ৰয়ে৷ হিমন্তই চক্ৰান্ত কৰাৰ অভিযোগো উত্থাপন কৰে BDFৰ মূৰব্বীজনে৷ তাৰউপৰিও মমতাৰ তৃণমূল কংগ্ৰেছৰ সহায় বিচাৰিলে দত্ত ৰয়ে৷ উল্লেখ্য যে, গ্ৰেপ্তাৰৰ পাছতেই দত্ত ৰয়ক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ প্ৰদান কৰে৷ ১০ ডিচেম্বৰলৈ ন্যায়িক জিম্মাত ৰঙাঘৰৰ আলহী হৈ থাকিব দত্ত ৰয়৷ শনিবাৰে নিশাই আদালতত হাজিৰ কৰোৱা হৈছিল দত্ত ৰয়ক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু