--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক্ৰমাৎ সলনি হ’বলৈ ধৰিছে দেশৰ বিৰোধী শিবিৰৰো ৰাজনৈতিক সমীকৰণ। বিৰোধী শিবিৰৰ আৱৰ্তনৰ অভিকেন্দ্ৰ এতিয়া সলনি হোৱাৰ উপক্ৰম ঘটিছে। এইক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছে। ইমানদিনে বিৰোধী দলসমূহৰ আৱৰ্তনৰ কেন্দ্ৰ হৈ আছিল কংগ্ৰেছ। কিন্তু দলটোৰ ধাৰাবাহিক ব্যৰ্থতা আৰু নেতৃত্বহীন অৱস্থাৰ বাবে এতিয়া তেওঁলোকৰ পূ্ৰ্বৰ স্থিতি যেন থৰক-বৰক হৈ পৰিছে। এতিয়া নতুন উদ্যম আৰু গতিশীলতাৰে সেই স্থান পূৰাবলৈ অগ্ৰসৰ হৈছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে। পশ্চিমবংগত বিশাল বিজেপি বাহিনীক প্ৰতিহত কৰাই নহয় তেওঁলোকৰ ভেটি একপ্ৰকাৰ উচন কৰাৰ দিশে অগ্ৰসৰ হোৱা মমতা বেনাৰ্জী এতিয়া প্ৰচণ্ড আত্মবিশ্বাসী। তেওঁৰ সাহস আৰু অনমনীয় ব্যক্তিত্বৰ কথা ক’বই নালাগে। এতিয়া মমতাই পশ্চিমবংগৰ পৰিসীমা অতিক্ৰমী দেশৰ ৰাজনীতিত এটা নতুন দুৰ্গ নিৰ্মাণ কৰিব বিচাৰিছে।

এই অভিযান আৰম্ভ কৰিয়েই মমতাই প্ৰথমেই আঘাত হানিছে কংগ্ৰেছৰ ভেটিত। অসম, মেঘালয়, গোৱাৰ দৰে ৰাজ্যত তৃণমূলে প্ৰথম আঘাত হানিছে কংগ্ৰেছত। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাক দৰে নেতাই তেওঁৰ সাংগোপাংগসহ তৃণমূলত যোগ দিয়াটো বৃহৎ ৰাজনৈতিক পৰিঘটনা হিচাপে চিহ্নিত হৈছে। অসমতো বৰাকৰ শক্তিশালী নেত্ৰী সুস্মিতা দেবক লগত লৈ অভিযান আৰম্ভ কৰিছে মমতাই। অখিল গগৈৰ সৈতেও তেওঁ আলোচনাত মিলিত হৈছে আৰু ২০২৬চনত অসম দখলৰ পৰিকল্পনা সাজু কৰি তুলিছে। মমতাৰ এই অভিযানৰ ৰূপকাৰ আন কোনো নহয়, প্ৰশান্ত কিশোৰ। প্ৰশান্ত কিশোৰৰ পৰিকল্পনা আৰু দিশ নিৰ্দেশনাতেই মমতাৰ তৃণমূলৰ ঘোঁৰাই এতিয়া দ্ৰুত লয় অৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। তাৰ সুবাদতে এতিয়া মমতাই কংগ্ৰেছৰ নেতৃত্বত কাম কৰিবলৈ একপ্ৰকাৰ অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। কিছুদিন পূৰ্বে দিল্লীত থাকিও ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পৰা বিৰত আছিল মমতা বেনাৰ্জী। শেহতীয়াকৈ এতিয়া তেওঁ কংগ্ৰেছ নেতৃত্বৰ বিৰোধী শিবিৰৰ পৰা আঁতৰি অহাৰ আন এটা ইংগিত দিছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, তৃণমূল কংগ্ৰেছে সংসদৰ অধিৱেশনৰ সময়ত কংগ্ৰেছ দলে আহ্বান জনোৱা বিৰোধী দলৰ কোনো বৈঠকতে অংশগ্ৰহণ নকৰে। সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব। দলটোৰ গোৱা ইউনিটৰ ইচ্ছা অনুসৰি এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। যিহেতু গোৱাত তৃণমূলে কংগ্ৰেছ আৰু বিজেপি উভয়ৰে সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে সেয়েহে কংগ্ৰেছৰে কোনোধৰণৰ আলোচনাৰ বাবে তেওঁলোক পক্ষপাতী নহয়। তৃণমূলৰ এগৰাকী নেতাই প্ৰকাশ কৰা অনুসৰি সংসদৰ মজিয়াত ‘বিৰোধী ঐক্য’ থাকিব যদিও অধিৱেশনৰ পূৰ্বে কংগ্ৰেছে আহ্বান জনোৱা বিৰোধী দলৰ বৈঠকত তৃণমূলে অংশ লোৱাৰ সম্ভাৱনা নাই।

ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই তেওঁৰ কোঠাত সোমবাৰে পুৱা বিৰোধী দলৰ বৈঠকৰ আহ্বান জনাইছে। তেওঁ বিৰোধী ঐক্যৰ বাবে আহ্বান জনাইছিল কংগ্ৰেছৰ মেঘালয়ত হোৱা খহনীয়াৰ পাছতে। কিন্তু তৃণমূলৰ দেহভংগীয়ে এতিয়া বহু সমীকৰণ সলনি কৰি পেলোৱাৰ উপক্ৰম ঘটাইছে। তৃণমূলৰ এই মনোভাবে এতিয়া আন বিৰোধী দল, যিবোৰ ইউপিএৰ অংশীদাৰ নহয় তেওঁলোকৰ বাবেও বহু কথা নতুনকৈ ভবাৰ অৱকাশ মুকলি কৰিছে। বিজেপিৰ বিৰুদ্ধে চমকপ্ৰদ জয়ৰ পাছত স্বাভাৱিকতে মমতা বেনাৰ্জীৰ সাফল্য সকলোৰে বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে আৰু তেওঁৰ নেতৃ্ত্বক বহুতেই ‘নিৰাপদ’ বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছৰ দুৰ্বল আৰু ইতস্ততঃ ভূমিকাৰ বিপৰীতে তৃণমূলৰ এই আগ্ৰাসনে বিজেপিক কিমান প্ৰত্যাহ্বান জনাব পাৰে সেয়া পাছৰ কথা যদিও কংগ্ৰেছৰ বাবে তেওঁলোক প্ৰৱল প্ৰত্যাহ্বান বিবেচিত হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ