ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ পৰা ভাৰতৰ মহামূল্যৱান কহিনৰু হীৰা ওভতাই অনাৰ দাবী পুনৰ তীব্ৰতৰ হৈ পৰিছে। এনে সময়তে বলীউডৰ অভিনেত্ৰী টুইঙ্কল খান্নাই এটা ধেমেলীয়া টুইট কৰিছে। অভিনেত্ৰীগৰাকীয়ে ব্ৰিটেইনক কহিনুৰ হীৰাৰ লগতে "ভাৰতৰ আন দুটা মূল্যৱান ৰত্ন" ঘূৰাই দিবলৈও দাবী জনাইছে।
খান্নাই কয়, "মই ব্ৰিটেইনক কেৱল কহিনুৰেই নহয়, আমাৰ আন দুটা মূল্যৱান ৰত্ন বিজয় মালিয়া আৰু ললিত মোডীকো ঘূৰাই দিবলৈ আহ্বান জনাইছো।"
উল্লেখ্য বিজয় মালিয়া আৰু ললিত মোডীয়ে ভাৰতৰ বিভিন্ন বেংকৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণলৈ সেই ধন পৰিশোধ নকৰাকৈয়ে বিদেশলৈ পলায়ন কৰিছে। কিংফিচাৰ বিমান পৰিবহন সংস্থাৰ নামত মালিয়াই ভাৰতৰ বহু কেইটা বেংকৰ পৰা প্ৰায় ৯হাজাৰ কোটি টকা ঋণ লৈছিল।
ভাৰত চৰকাৰে মালিয়াক বিদেশৰ পৰা দেশলৈ ঘুৰাই অনাৰ বাবে বহু চেষ্টা কৰিও সফল হ’ব পৰা নাই। ললিত মোডীৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে। ললিত মোডীয়েও দেশৰ বিভিন্ন বেংকৰ পৰা ধন লৈ বিদেশত আত্মগোপন কৰি আছে। অভিনেত্ৰী টুইঙ্কল খান্নাই তেওঁৰ ধেমেলীয়া টুইটৰ জড়িয়তে সেয়ে এক ডাঙৰ কথা ক’ব বিচাৰিছে বুলি বহুতে আলোচনা কৰিছে।
উল্লেখ্য ১৮৪৯ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ পৰা ইংলেণ্ডলৈ মহা মূল্যৱান কহিনুৰ হীৰা ব্ৰিটেইনলৈ লৈ গৈছিল। পিছলৈ ৰাণী ভিক্টোৰিয়াই হীৰা ডোখৰ ৰাজপৰিয়ালৰ অংশ হিচাবে গ্ৰহণ কৰিছিল। ১৯৩৭ চনত ৰজা পঞ্চম জৰ্জৰ ৰাজ্যাভিষেকৰ সময়ত কহিনুৰ হীৰা তেওঁৰ পত্নী ৰাণী দ্বিতীয় এলিজাবেথৰ শিৰত পিন্ধাইছিল।কহিনুৰ হীৰা ভাৰতক ওভতাই দিব লাগে বুলি বিভিন্ন সময়ত বহুতে দাবী জনাই আহিছে।