--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ তীৰ্থ যাত্ৰা হজ। প্ৰতিবছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ছৌদি আৰৱলৈ লাখ লাখ লোকে হজ পালন কৰিবলৈ উপস্থিত হয়। এই বছৰো বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০ লক্ষাধিক হজ যাত্ৰীয়ে ছৌদি আৰৱলৈ গৈছে হজ পালন কৰিবলৈ। কিন্তু ছৌদি আৰৱৰ পৰা প্ৰতিদিনেই আহি আছে বেয়া খবৰ। কিয়নো এতিয়ালৈকে অত্যাধিক গৰমৰ বাবে ১৩০০ৰো অধিক হজযাত্ৰীৰ মৃত্যু হৈছে। ইয়াৰে ১০০ ৰো অধিক হজযাত্ৰী ভাৰতৰ আৰু ইয়াৰ ৬ গৰাকী লোক অসমৰ হজযাত্ৰী। 

কিন্তু হজৰ এই তীৰ্থযাত্ৰাৰ সময়ত ইমান বৃহৎ সংখ্যক হজযাত্ৰীৰ প্ৰাণ হেৰুওৱা বিষয়টোৱে ছৌদি আৰৱৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এইবাৰৰ হজযাত্ৰাৰ সময়ত ইজিপ্তৰ সৰ্বাধিক হজযাত্ৰীৰ মৃত্যু হৈছে। ইজিপ্তে ইতিমধ্যে হজযাত্ৰীক মক্কালৈ লৈ যোৱা কোম্পানীসমূহৰ অনুজ্ঞাপত্ৰ বন্ধ কৰি দিয়াৰ বিপৰীতে একাংশ হাজীয়ে স্বাস্থ্য ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

আচলতে ছৌদি আৰৱত হজ যাত্ৰাৰ সময়ত শ শ লোকৰ মৃত্যু হৈছিল। কোৱা হৈছিল যে এই লোকসকলৰ অধিকাংশই ছৌদি আৰৱৰ তীব্ৰ গৰমৰ বাবেই মৃত্যুবৰণ কৰিছিল, কাৰণ ইয়াৰ উষ্ণতা ৫১ ডিগ্ৰী অতিক্ৰম কৰিছিল। নিউজ এজেন্সী AFPয়ে এজন আৰব কূটনীতিবিদৰ উদ্ধৃতি দি কয় যে এইবাৰৰ হজযাত্ৰাৰ সময়ত ৬৫৮ জন ইজিপ্তৰ লোকৰ মৃত্যু হৈছে। একে সময়তে ইণ্ডোনেছিয়াৰ তথ্য অনুসৰি ইয়াৰ ২০০ৰো অধিক নাগৰিকে প্ৰাণ হেৰুৱাইছে। ভাৰতে লগতে জনাইছে যে তেওঁলোকৰ হাতত ১০০ জন লোকৰ মৃত্যুৰ তথ্য আছে। ইয়াৰ উপৰিও পাকিস্তান, মালয়েছিয়া, জৰ্ডান, ইৰাণ, চেনেগাল, চুডান আৰু ইৰাকেও নিজৰ নাগৰিকৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।

হজযাত্ৰাৰ সময়ত সৰ্বাধিক অসামৰিক লোকৰ মৃত্যু হোৱাৰ পাছত ইজিপ্ত চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ইজিপ্ত চৰকাৰে শনিবাৰে ঘোষণা কৰে যে ছৌদি আৰবলৈ হজযাত্ৰীসকলৰ যাত্ৰাৰ সুবিধা প্ৰদান কৰা ১৬টা ট্যুৰ এণ্ড ট্ৰেভেল কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিছে। উল্লেখ্য যে এই কোম্পানীসমূহে হজ যাত্ৰীসকলক চিকিৎসা সেৱাৰ দৰে গুৰুত্বপূৰ্ণ সেৱা আগবঢ়োৱাত ব্যৰ্থ হৈছে।

একে সময়তে হজযাত্ৰীসকলে সংবাদ প্ৰতিষ্ঠান CNAক জনাইছে যে চৌদি আৰৱত অত্যাধিক গৰমৰ প্ৰভাৱৰ পৰা তীৰ্থযাত্ৰীসকলক ৰক্ষা কৰিব পৰাকৈ পৰ্যাপ্ত চিকিৎসা বা আন আন সুবিধা নাই। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, হজযাত্ৰাৰ সময়ত হঠাতে মানুহ অজ্ঞান হৈ পৰিছিল। "ঘৰলৈ উভতি অহাৰ পথত বহু তীৰ্থযাত্ৰীৰ মৃত্যু হোৱা দেখিলোঁ। প্ৰায় কেইশ মিটাৰৰ মূৰে মূৰে বগা কাপোৰেৰে ঢাকি থোৱা হৈছিল মৃতদেহসমূহ।

ছৌদি আৰৱৰ পৰিসংখ্যা সঞ্চালকালয়ৰ তথ্য অনুসৰি এই বছৰ হজৰ সময়ত প্ৰায় ২০ লক্ষাধিক লোক ইয়ালৈ আহিছিল। ইছলামিক কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে হজৰ বতৰ সলনি হয় আৰু এইবাৰ জুন মাহত পৰিল আৰু যিটো গৰমৰ ভিতৰত অন্যতম। AFPৰ প্ৰতিবেদন অনুসৰি মৃত্যু হোৱাসকলৰ আধাতকৈ অধিক লোকৰ পঞ্জীয়ন হোৱা নাছিল, যাৰ বাবে তেওঁলোকে এ চি টেণ্ট আৰু বাছৰ দৰে সুবিধা লাভ কৰিব পৰা নাছিল আৰু উষ্ণতা বৃদ্ধিয়েও ৰাইজৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে জনোৱা মতে, যোৱা বছৰ হজৰ সমগ্ৰ সময়ছোৱাত ভাৰতৰ পৰা মুঠ ১৮৭ জন লোকৰ মৃত্যু হৈছে। তেওঁ কয়, এই বছৰ ১,৭৫,০০০ ভাৰতীয় তীৰ্থযাত্ৰী মক্কালৈ গৈছে হজৰ বাবে। হজৰ সময়সীমা ৯ মে’ৰ পৰা ২২ জুলাইলৈ। চলিত বৰ্ষত এতিয়ালৈকে ১০০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰাকৃতিক কাৰণ, দীৰ্ঘদিনীয়া ৰোগ আৰু বাৰ্ধক্যৰ বাবেই এই মৃত্যুৰ সংঘটিত হৈছে। আৰাফাতৰ দিনটোত ৬ জন লোকৰ মৃত্যু হয় আৰু দুৰ্ঘটনাৰ ফলত ৪ জন লোকৰ মৃত্যু হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন