--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চৰকাৰ চলিছে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মানে যেন এতিয়া একনায়কত্ববাদৰ চৰকাৰ৷ বিৰোধীৰ ত’ শব্দটোও শুনিব নোখোজে শাসনাধীষ্ঠ বিজেপি চৰকাৰে৷ বিজেপিয়ে এতিয়া ধন-বল, বাহুবল বা বিভিন্ন প্ৰলোভনেৰে নিজৰ আধিপত্য বিস্তাৰ কৰিব বিছাৰিছে বুলি ৰাইজৰ অভিযোগ আহিছে৷ এতিয়া যেন ৰাজ্যত শাসনাধীষ্ঠ বিজেপি চৰকাৰে কেৱল বিৰোধীৰ অস্তিত্ব নোহোৱা কৰাৰ চক্ৰান্তত নামিছে ৷ উল্লেখ্য যে, গণতন্ত্ৰ তেতিয়াহে শক্তিশালী হ’ব যেতিয়া বিৰোধী শক্তিশালী হ’ব৷ কিন্তু বিজেপিয়ে যেন এতিয়া চলে-বলে কৌশলে বিৰোধীৰ অস্তিত্ব নাইকিয়া কৰাৰ ষড়যন্ত্ৰত নামিছে৷ যিটো সুস্থ গণতন্ত্ৰৰ বাবে অশুভসূচক, যেন মূল্যবোধৰ ৰাজনীতি একেবাৰে বিসৰ্জন দিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ কেৱল প্ৰলোভন দি বিজেপিয়ে বিৰোধীৰ কেইবাজনো বিধায়কক বিজেপিত যোগদান কৰালে বুলি ৰাইজৰ অভিযোগ৷ এইক্ষেত্ৰত প্ৰথমে নাম উচ্চাৰিত হয় এআইইউডিএফৰ ভৱানীপুৰৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰৰ কথা৷ বিজেপিয়ে বিধায়কগৰাকীৰ সমষ্টি উন্নয়নৰ বাবে ২০০০ কোটি টকাৰ পেকেজ দিব বুলি প্ৰলোভন দিয়াৰ পাছত বিজেপিত যোগদান কৰাইছিল, কিন্তু বাস্তৱত সেয়া হৈ নুঠিল৷ তাৰ পাছতে আহোঁ তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাৰ প্ৰসংগলৈ, বিজেপিয়ে বিভিন্ন টোপ দি ভাস্কৰ বৰুৱাক বিজেপিলৈ অনাৰ কৌশল ৰচিছিল যদিও, কোনোবাখিনিত যে তেওঁলোকৰ অংক নিমিলিল আৰু তেওঁক বিজেপিলৈ আনিব নোৱাৰিলে৷ উল্লেখ্য যে, ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ বতাহ বলি আছে৷ ৰাজ্যত এতিয়া মাজুলিত উপ-নিৰ্বাচন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এই উপ-নিৰ্বাচনতো বিজেপিয়ে কিনা-বেচা ৰাজনীতিত নমাৰ সম্ভাৱনা আছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে শেহতীয়াকৈ মন্তব্য কৰিছে যে, অসমত সময়ে-সময়ে উপ-নিৰ্বাচন অনুষ্ঠিত হৈ থাকিব, আৰু তেওঁৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ