--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চৰকাৰ চলিছে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মানে যেন এতিয়া একনায়কত্ববাদৰ চৰকাৰ৷ বিৰোধীৰ ত’ শব্দটোও শুনিব নোখোজে শাসনাধীষ্ঠ বিজেপি চৰকাৰে৷ বিজেপিয়ে এতিয়া ধন-বল, বাহুবল বা বিভিন্ন প্ৰলোভনেৰে নিজৰ আধিপত্য বিস্তাৰ কৰিব বিছাৰিছে বুলি ৰাইজৰ অভিযোগ আহিছে৷ এতিয়া যেন ৰাজ্যত শাসনাধীষ্ঠ বিজেপি চৰকাৰে কেৱল বিৰোধীৰ অস্তিত্ব নোহোৱা কৰাৰ চক্ৰান্তত নামিছে ৷ উল্লেখ্য যে, গণতন্ত্ৰ তেতিয়াহে শক্তিশালী হ’ব যেতিয়া বিৰোধী শক্তিশালী হ’ব৷ কিন্তু বিজেপিয়ে যেন এতিয়া চলে-বলে কৌশলে বিৰোধীৰ অস্তিত্ব নাইকিয়া কৰাৰ ষড়যন্ত্ৰত নামিছে৷ যিটো সুস্থ গণতন্ত্ৰৰ বাবে অশুভসূচক, যেন মূল্যবোধৰ ৰাজনীতি একেবাৰে বিসৰ্জন দিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ কেৱল প্ৰলোভন দি বিজেপিয়ে বিৰোধীৰ কেইবাজনো বিধায়কক বিজেপিত যোগদান কৰালে বুলি ৰাইজৰ অভিযোগ৷ এইক্ষেত্ৰত প্ৰথমে নাম উচ্চাৰিত হয় এআইইউডিএফৰ ভৱানীপুৰৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰৰ কথা৷ বিজেপিয়ে বিধায়কগৰাকীৰ সমষ্টি উন্নয়নৰ বাবে ২০০০ কোটি টকাৰ পেকেজ দিব বুলি প্ৰলোভন দিয়াৰ পাছত বিজেপিত যোগদান কৰাইছিল, কিন্তু বাস্তৱত সেয়া হৈ নুঠিল৷ তাৰ পাছতে আহোঁ তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাৰ প্ৰসংগলৈ, বিজেপিয়ে বিভিন্ন টোপ দি ভাস্কৰ বৰুৱাক বিজেপিলৈ অনাৰ কৌশল ৰচিছিল যদিও, কোনোবাখিনিত যে তেওঁলোকৰ অংক নিমিলিল আৰু তেওঁক বিজেপিলৈ আনিব নোৱাৰিলে৷ উল্লেখ্য যে, ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ বতাহ বলি আছে৷ ৰাজ্যত এতিয়া মাজুলিত উপ-নিৰ্বাচন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এই উপ-নিৰ্বাচনতো বিজেপিয়ে কিনা-বেচা ৰাজনীতিত নমাৰ সম্ভাৱনা আছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে শেহতীয়াকৈ মন্তব্য কৰিছে যে, অসমত সময়ে-সময়ে উপ-নিৰ্বাচন অনুষ্ঠিত হৈ থাকিব, আৰু তেওঁৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ