--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কালি লোকসভা সচিবালয়ে প্ৰকাশ কৰা অসংসদীয় শব্দৰ তালিকাখন কৰ্তন কৰে আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ সৈতে সম্পৰ্কিত কৰি কেন্দ্ৰক উপহাস কৰে। লোকসভা সচিবালয়ে মুকলি কৰা পুস্তিকাখনত ‘জুমলাজীভি’, ‘বালবুদ্ধি’, ‘লজ্জিত’, আৰু ‘অপব্যৱহাৰ’ৰ দৰে অসংসদীয় শব্দৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে, কেন্দ্ৰৰ এই সিদ্ধান্তই ইতিমধ্যে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু বিৰোধী নেতাসকলক শব্দবোৰৰ বিভিন্ন অৰ্থৰ অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। পিছ পৰি নৰ’ল মহুৱা মৈত্ৰও৷ 

১৪ জুলাইৰ দুপৰীয়া ১.১৯ বজাত তেওঁ টুইট কৰি লিখিছিল, অসংসদীয় শব্দৰ সলনি নতুন টুইটাৰ শৃংখলাৰ মোৰ প্ৰথমটো। নিষিদ্ধ শব্দ-যৌন উৎপীড়ন। প্ৰতিস্থাপন - মিঃ গগৈ৷ টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই শুকুৰবাৰে অসংসদীয় শব্দৰ তালিকাৰ সমালোচনা অব্যাহত ৰাখিছিল আৰু তেওঁ অসংসদীয় শব্দৰ সলনি শীৰ্ষক এটা টুইটাৰ শৃংখলাত শেহতীয়াটো পোষ্ট কৰিছিল।

মহুৱা মৈত্ৰৰ সেই টুইটটোৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ যৌন উৎপীড়কক গগৈৰ সৈতে তুলনা কৰাত জাঙুৰ খাই উঠিছে আহোম জনগোষ্ঠীৰ লোকসকল৷ মহুৱা মৈত্ৰই গগৈ উপাধিক লৈ তুচ্চ তাচ্ছিল্য কৰাত সমগ্ৰ অসমীয়া জাতি বা আহোম জনগোষ্ঠীয়ে অপমানিত হোৱা বুলি এতিয়া চৰ্চা চলিছে সামাজিক মাধ্যমত৷ 

সামাজিক মাধ্যমত যৌন নিৰ্যাতনৰ বিপৰীতে মিষ্টাৰ গগৈ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া এইগৰাকী সাংসদৰ বিৰুদ্ধে এতিয়া সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ টুইটাৰতে কেইবাগৰাকীও বিশিষ্ট অসমীয়াই উভতি ধৰাত ৰিটুইট কৰি মিষ্টাৰ গগৈ হিচাপে কাক ইংগিত কৰিছিল সেই কথা ক’লেই সাৰি যাব নেকি সাংসদগৰাকী? এই প্ৰশ্নও এতিয়া সৰ্বত্ৰ উত্থাপিত হৈছে৷ আনকি, নিচৰ্ত ক্ষমা বিচৰাৰো দাবী উঠিছে অসমৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত৷

প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ কেইবাগৰাকীও ৰাজনীতিবিদে৷ সাংসদ অজিত কুমাৰ ভূঞাই কয়, মহুৱা মৈত্ৰ এগৰাকী সচেতন ৰাজনীতিক৷ তেও হয়তো কিবা  যুক্তিৰ আধাৰতে কথাটো কৈছে৷ তেওঁ হয়তু ৰঞ্জন গগৈৰ কথা কৈছে৷ ৰঞ্জন গগৈৰ বিষয়টো সেই সময়ত চৰ্চিত হৈছিল৷ একেদৰে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে৷ যাক টাৰ্গেট কৰিছে তেওঁ উত্তৰ দিব। ব্যক্তিজনৰ বিৰুদ্ধে পূৰ্বেও অভিযোগ শুনিছিলোঁ। তেওঁ উত্তৰ দিয়ালৈ অপেক্ষা কৰিছোঁ৷ ইফালে, মহুৱা মৈত্ৰক ধিক্কাৰ জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ তেওঁ কয়, মহুৱা মৈত্ৰৰ অসমৰ ওপৰত কোনো জ্ঞান নাই৷ অসমৰ Caste - Communityৰ ওপৰত মন্তব্য দিয়াৰ পৰা আতঁৰত থাকক তেওঁ৷ ৰঞ্জন গগৈৰ দৰে এজন ব্যক্তিক অপমানসূচক মন্তব্য দিয়াটো অনুচিত বুলি কলিতাই মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক