--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কালি লোকসভা সচিবালয়ে প্ৰকাশ কৰা অসংসদীয় শব্দৰ তালিকাখন কৰ্তন কৰে আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ সৈতে সম্পৰ্কিত কৰি কেন্দ্ৰক উপহাস কৰে। লোকসভা সচিবালয়ে মুকলি কৰা পুস্তিকাখনত ‘জুমলাজীভি’, ‘বালবুদ্ধি’, ‘লজ্জিত’, আৰু ‘অপব্যৱহাৰ’ৰ দৰে অসংসদীয় শব্দৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে, কেন্দ্ৰৰ এই সিদ্ধান্তই ইতিমধ্যে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু বিৰোধী নেতাসকলক শব্দবোৰৰ বিভিন্ন অৰ্থৰ অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। পিছ পৰি নৰ’ল মহুৱা মৈত্ৰও৷ 

১৪ জুলাইৰ দুপৰীয়া ১.১৯ বজাত তেওঁ টুইট কৰি লিখিছিল, অসংসদীয় শব্দৰ সলনি নতুন টুইটাৰ শৃংখলাৰ মোৰ প্ৰথমটো। নিষিদ্ধ শব্দ-যৌন উৎপীড়ন। প্ৰতিস্থাপন - মিঃ গগৈ৷ টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই শুকুৰবাৰে অসংসদীয় শব্দৰ তালিকাৰ সমালোচনা অব্যাহত ৰাখিছিল আৰু তেওঁ অসংসদীয় শব্দৰ সলনি শীৰ্ষক এটা টুইটাৰ শৃংখলাত শেহতীয়াটো পোষ্ট কৰিছিল।

মহুৱা মৈত্ৰৰ সেই টুইটটোৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ যৌন উৎপীড়কক গগৈৰ সৈতে তুলনা কৰাত জাঙুৰ খাই উঠিছে আহোম জনগোষ্ঠীৰ লোকসকল৷ মহুৱা মৈত্ৰই গগৈ উপাধিক লৈ তুচ্চ তাচ্ছিল্য কৰাত সমগ্ৰ অসমীয়া জাতি বা আহোম জনগোষ্ঠীয়ে অপমানিত হোৱা বুলি এতিয়া চৰ্চা চলিছে সামাজিক মাধ্যমত৷ 

সামাজিক মাধ্যমত যৌন নিৰ্যাতনৰ বিপৰীতে মিষ্টাৰ গগৈ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া এইগৰাকী সাংসদৰ বিৰুদ্ধে এতিয়া সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ টুইটাৰতে কেইবাগৰাকীও বিশিষ্ট অসমীয়াই উভতি ধৰাত ৰিটুইট কৰি মিষ্টাৰ গগৈ হিচাপে কাক ইংগিত কৰিছিল সেই কথা ক’লেই সাৰি যাব নেকি সাংসদগৰাকী? এই প্ৰশ্নও এতিয়া সৰ্বত্ৰ উত্থাপিত হৈছে৷ আনকি, নিচৰ্ত ক্ষমা বিচৰাৰো দাবী উঠিছে অসমৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত৷

প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ কেইবাগৰাকীও ৰাজনীতিবিদে৷ সাংসদ অজিত কুমাৰ ভূঞাই কয়, মহুৱা মৈত্ৰ এগৰাকী সচেতন ৰাজনীতিক৷ তেও হয়তো কিবা  যুক্তিৰ আধাৰতে কথাটো কৈছে৷ তেওঁ হয়তু ৰঞ্জন গগৈৰ কথা কৈছে৷ ৰঞ্জন গগৈৰ বিষয়টো সেই সময়ত চৰ্চিত হৈছিল৷ একেদৰে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে৷ যাক টাৰ্গেট কৰিছে তেওঁ উত্তৰ দিব। ব্যক্তিজনৰ বিৰুদ্ধে পূৰ্বেও অভিযোগ শুনিছিলোঁ। তেওঁ উত্তৰ দিয়ালৈ অপেক্ষা কৰিছোঁ৷ ইফালে, মহুৱা মৈত্ৰক ধিক্কাৰ জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ তেওঁ কয়, মহুৱা মৈত্ৰৰ অসমৰ ওপৰত কোনো জ্ঞান নাই৷ অসমৰ Caste - Communityৰ ওপৰত মন্তব্য দিয়াৰ পৰা আতঁৰত থাকক তেওঁ৷ ৰঞ্জন গগৈৰ দৰে এজন ব্যক্তিক অপমানসূচক মন্তব্য দিয়াটো অনুচিত বুলি কলিতাই মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য