--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চাত এতিয়া ললিত-সুস্মিতা । আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে পূৰ্বে কেতিয়াও ব্যক্তিগত জীৱন ৰাজহুৱা কৰা নাছিল। কিন্তু বৃহস্পতিবাৰে তেওঁ টুইটাৰত নিজৰ নতুন জীৱন সংগীৰ কথা প্ৰকাশ কৰি সকলোকে আচৰিত কৰি তুলিলে। বিশ্ব সুন্দৰী সুস্মিতা সেনৰ সৈতে হোৱা ৰোমাঞ্চৰ কথা টুইটাৰযোগে প্ৰকাশ কৰিছে আৰু তাতে ললিত মোদীয়ে সুস্মিতা সেনৰ সৈতে ‘নতুন জীৱন’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। তেওঁ লিখিছে এইয়া এক নতুন আৰম্ভণি আৰু এক নতুন জীৱন। পিছেপৰবৰ্তী সময়ত সংবাদ মাধ্যমত বিবাহৰ বিষয়ে ব্যাপক আলোচনা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে তেওঁ আন এটা টুইটত স্বীকাৰ কৰে যে তেওঁ সুস্মিতা সেনৰ লগত ডেটিংহে কৰি আছে । বিয়া হ’ব বুলি আশাবাদী তেওঁ ।

সুস্মিতা সেনৰ সৈতে প্ৰেম কাহিনীয়ে তোলপাৰ লগোৱা পাছতো ললিতৰ প্ৰথম পত্নী আৰু বিবাহিত জীৱন সম্পৰ্কে এতিয়াও কিয় ৰাজহুৱা নহ’ল ? আচলতে আজিৰ পৰা প্ৰায় ৪ বছৰৰ আগতেই ললিত মোদীৰ প্ৰথম পত্নী মৃত্যু হয় ।ললিতৰ প্ৰথম পত্নীৰ নাম আছিল মিনাল।১৯৫৪ চনত নাইজেৰিয়াত সিন্ধী-ইন্দো পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মিনালে। ১৯৯১ চনৰ ১৭অক্টোবৰত মিনালে ললিত মোদীৰ লগত মুম্বাইত বিবাহপাশত আবদ্ধ হয়। দুৰ্ভাগ্যজনকভাৱে ২০১৮ চনৰ ১০ ডিচেম্বৰত ৬৮ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মিনালৰ মৃত্যু হয়। 

চৌদি আৰৱৰ এজন ধনী ব্যক্তি জেক ছাগ্ৰানীৰ সৈতে মিনালৰ প্ৰথম বিবাহ হৈছিল। কৰ্মসূত্ৰে নাইজেৰিয়াৰ পৰা লণ্ডনলৈ যাবলগীয়া হৈছিল। পাছলৈ তেওঁ চৌদি আৰৱত কাম কৰিবলৈ আৰম্ভ কৰে।

এবাৰ দুৰ্নীতিৰ কেলেংকাৰীত জড়িত থকাৰ বাবে জেকক ৭ মাহৰ কাৰাদণ্ড বিহা হৈছিল। মিনাল তেতিয়া গৰ্ভৱতী আছিল। জেকক লগ পোৱাৰ কোনো সুযোগ তেওঁৰ নাছিল। গৰ্ভৱতী অৱস্থাত মিনাল লণ্ডনলৈ গুচি যায়। তাতেই তাই কন্যা কৰিমাক জন্ম দিয়ে।

তাৰ পাছত মিনাল দিল্লীলৈ যায়। বিভিন্ন সূত্ৰৰ মতে, দিল্লীলৈ অহাৰ পিছতে মিনালৰ বন্ধুত্ব হৈছিল ললিত মোদীৰ মাতৃ বীনাৰ সৈতে। সেই উপলক্ষে তেওঁ প্ৰায়ে ললিতক লগ পাইছিল। ললিত মিনালতকৈ দহ বছৰ সৰু আছিল। লাহে লাহে সিহঁতৰ মাজত এক সম্পৰ্ক গঢ় লৈ উঠিল।

ইয়াৰ পিছত ললিত-মিলান মুম্বাইলৈ গুচি যায়। ১৯৯১ চনত দুয়োৰে বিয়া হৈছিল। সেই সময়ত দুয়োজন ব্যক্তিৰ বয়সৰ পাৰ্থক্য এটা চৰ্চাৰ বিষয় হৈ পৰিছিল।

ললিত-মিনালৰ দুজন সন্তান। ১৯৯৩ চনত জন্ম হৈছিল কন্যা আলিয়াৰ। ১৯৯৪ চনত জন্ম হৈছিল পুত্ৰ ৰুচিৰ। কেইবছৰমান পিছত ললিতৰ লগত মিনাল লণ্ডনলৈ গুচি যায়। লণ্ডনত থকাৰ সময়তে মিনালৰ কৰ্কট ৰোগ ধৰা পৰে। এবছৰ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজ দি ২০১৮ চনত মিনালৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক