--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চাত এতিয়া ললিত-সুস্মিতা । আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে পূৰ্বে কেতিয়াও ব্যক্তিগত জীৱন ৰাজহুৱা কৰা নাছিল। কিন্তু বৃহস্পতিবাৰে তেওঁ টুইটাৰত নিজৰ নতুন জীৱন সংগীৰ কথা প্ৰকাশ কৰি সকলোকে আচৰিত কৰি তুলিলে। বিশ্ব সুন্দৰী সুস্মিতা সেনৰ সৈতে হোৱা ৰোমাঞ্চৰ কথা টুইটাৰযোগে প্ৰকাশ কৰিছে আৰু তাতে ললিত মোদীয়ে সুস্মিতা সেনৰ সৈতে ‘নতুন জীৱন’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। তেওঁ লিখিছে এইয়া এক নতুন আৰম্ভণি আৰু এক নতুন জীৱন। পিছেপৰবৰ্তী সময়ত সংবাদ মাধ্যমত বিবাহৰ বিষয়ে ব্যাপক আলোচনা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে তেওঁ আন এটা টুইটত স্বীকাৰ কৰে যে তেওঁ সুস্মিতা সেনৰ লগত ডেটিংহে কৰি আছে । বিয়া হ’ব বুলি আশাবাদী তেওঁ ।

সুস্মিতা সেনৰ সৈতে প্ৰেম কাহিনীয়ে তোলপাৰ লগোৱা পাছতো ললিতৰ প্ৰথম পত্নী আৰু বিবাহিত জীৱন সম্পৰ্কে এতিয়াও কিয় ৰাজহুৱা নহ’ল ? আচলতে আজিৰ পৰা প্ৰায় ৪ বছৰৰ আগতেই ললিত মোদীৰ প্ৰথম পত্নী মৃত্যু হয় ।ললিতৰ প্ৰথম পত্নীৰ নাম আছিল মিনাল।১৯৫৪ চনত নাইজেৰিয়াত সিন্ধী-ইন্দো পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মিনালে। ১৯৯১ চনৰ ১৭অক্টোবৰত মিনালে ললিত মোদীৰ লগত মুম্বাইত বিবাহপাশত আবদ্ধ হয়। দুৰ্ভাগ্যজনকভাৱে ২০১৮ চনৰ ১০ ডিচেম্বৰত ৬৮ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মিনালৰ মৃত্যু হয়। 

চৌদি আৰৱৰ এজন ধনী ব্যক্তি জেক ছাগ্ৰানীৰ সৈতে মিনালৰ প্ৰথম বিবাহ হৈছিল। কৰ্মসূত্ৰে নাইজেৰিয়াৰ পৰা লণ্ডনলৈ যাবলগীয়া হৈছিল। পাছলৈ তেওঁ চৌদি আৰৱত কাম কৰিবলৈ আৰম্ভ কৰে।

এবাৰ দুৰ্নীতিৰ কেলেংকাৰীত জড়িত থকাৰ বাবে জেকক ৭ মাহৰ কাৰাদণ্ড বিহা হৈছিল। মিনাল তেতিয়া গৰ্ভৱতী আছিল। জেকক লগ পোৱাৰ কোনো সুযোগ তেওঁৰ নাছিল। গৰ্ভৱতী অৱস্থাত মিনাল লণ্ডনলৈ গুচি যায়। তাতেই তাই কন্যা কৰিমাক জন্ম দিয়ে।

তাৰ পাছত মিনাল দিল্লীলৈ যায়। বিভিন্ন সূত্ৰৰ মতে, দিল্লীলৈ অহাৰ পিছতে মিনালৰ বন্ধুত্ব হৈছিল ললিত মোদীৰ মাতৃ বীনাৰ সৈতে। সেই উপলক্ষে তেওঁ প্ৰায়ে ললিতক লগ পাইছিল। ললিত মিনালতকৈ দহ বছৰ সৰু আছিল। লাহে লাহে সিহঁতৰ মাজত এক সম্পৰ্ক গঢ় লৈ উঠিল।

ইয়াৰ পিছত ললিত-মিলান মুম্বাইলৈ গুচি যায়। ১৯৯১ চনত দুয়োৰে বিয়া হৈছিল। সেই সময়ত দুয়োজন ব্যক্তিৰ বয়সৰ পাৰ্থক্য এটা চৰ্চাৰ বিষয় হৈ পৰিছিল।

ললিত-মিনালৰ দুজন সন্তান। ১৯৯৩ চনত জন্ম হৈছিল কন্যা আলিয়াৰ। ১৯৯৪ চনত জন্ম হৈছিল পুত্ৰ ৰুচিৰ। কেইবছৰমান পিছত ললিতৰ লগত মিনাল লণ্ডনলৈ গুচি যায়। লণ্ডনত থকাৰ সময়তে মিনালৰ কৰ্কট ৰোগ ধৰা পৰে। এবছৰ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজ দি ২০১৮ চনত মিনালৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য