--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজস্থানত বিজেপিয়ে আৰম্ভ কৰিছে মিছন-২০২৩। বিগত কাৰ্যকালটোত বিভিন্নধৰণে ব্যতিব্যস্ত কৰি ৰখা কংগ্ৰেছ দলক বিবুদ্ধিত পেলোৱাৰ বাবে এতিয়া বিজেপিয়ে এটা সুবিধা লাভ কৰিছে। এইবাৰ স্বয়ং অশোক গেহলটৰ ঘৰতে চলিছে আক্ৰমণ। যিকোনো নিৰ্বাচনৰ পূ্ৰ্বেই বিৰোধী নেতা-মন্ত্ৰী বা তেওঁলোকৰ ঘনিষ্ঠৰ বিৰুদ্ধে গোচৰ, তদন্ত প্ৰক্ৰিয়া চলোৱাৰ জৰিয়তে বিজেপিয়ে চাপ সৃষ্টিৰ কৌশল কৰি গ্ৰহণ কৰি আহিছে। তেওঁলোকৰ এই কৌশল ব্যাপকভাৱে সমালোচনাৰো বিষয় হৈ আহিছে। কিন্তু এই অব্যৰ্থ কৌশলে বিজেপিক লাভৱানো কৰা আহিছে। এইবাৰ মধ্যপ্ৰদেশতো চলিছে একেই কৌশল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতে এতিয়া উৎসাহিত হৈ পৰিছে বিজেপি শিবিৰ। তেওঁক এটা দুৰ্নীতিৰ গোচৰত অভিযুক্ত কৰা আৰু গোচৰ ৰুজু হোৱাৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি সতীশ পুনিয়াই এটা টুইটযোগে মুখ্যমন্ত্ৰী গেহলট আৰু তেওঁৰ পুত্ৰ বৈভৱ গেহলটক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছিল। এটা টুইটৰ জৰিয়তে পুনিয়াই বৈভৱ গেহলটৰ বিৰুদ্ধে প্ৰকাশিত এটা বাতৰি উদ্ধৃত কৰাৰ জৰিয়তে কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগ কৰা হৈছে যে বৈভৱ গেহলট আৰু তেওঁৰ সহযোগীসকলে ৰাজস্থানত ই-শৌচালয় নিৰ্মাণৰ বাবে নিবিদা প্ৰদানৰ নামত মহাৰাষ্ট্ৰৰ নাছিকত জালিয়াতিৰ চেষ্টা কৰিছিল। গোটেই ঘটনাটোত ছয় কোটি টকাৰ দুৰ্নীতি পোহৰলৈ আহিছে। আদালতৰ নিৰ্দেশৰ পাছত, বৈভৱ গেহলটসহ ১৫ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
যোধপুৰ-আহমেদাবাদৰ লোকো জড়িত আছে কেলেংকাৰীত
প্ৰাপ্ত তথ্য অনুসৰি, নাছিকৰ গংগাপুৰ আৰক্ষী থানাত দুৰ্নীতিৰ এটা গোচৰ ৰুজু কৰা হৈছে। ইয়াত বৈভৱ গেহলটকে ধৰি ১৫জন লোকৰ নাম সন্নিৱিষ্ট হৈছে। ভাৰতীয় দণ্ডবিধিৰ ১৫৬ ধাৰাত অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই কেলেংকাৰীত যোধপুৰ-আহমেদাবাদৰ লোক জড়িত থকা সম্পৰ্কে তথ্য লাভ কৰিছে মন কৰিবলগীয়া যে,, ঘটনাটোৰ বিষয়ে প্ৰকাশ হোৱাৰ পাছতে, মহাৰাষ্ট্ৰৰ পৰা ৰাজস্থানলৈকে ৰাজনৈতিক ক্ষেত্ৰত এক আলোড়ন সৃষ্টি হৈছে।
সৰৱ হৈ পৰিছে ৰাজস্থান বিজেপিৰ ৰাজ্যিক সভাপতি পুনিয়া
কেলেংকাৰীটোত মুখ্যমন্ত্ৰী অশোক গেহলটৰ পুত্ৰৰ নাম সাঙোৰ খোৱাৰ পাছত, বিজেপিৰ ৰাজ্যিক সভাপতি সতীশ পুনিয়াই টুইট কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পুত্ৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। পুনিয়াই তেওঁৰ টুইটত মুখ্যমন্ত্ৰী গেহলটক আক্ৰমণ কৰি লিখিছে, "মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুপুত্ৰৰ নাম এই মাৰাঠী বাতৰিটোত সন্নিৱিষ্ট হোৱা দেখা গৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰা উচিত। ৰাজস্থানৰ মানুহে কেৱল সত্যটো জানিব বিচাৰিছে।’
নিৰ্বাচনৰ প্ৰস্তুতি চলি থকা ৰাজ্যখনত বিজেপিয়ে এনে এটা ডাঙৰ ইছ্যু লাভ কৰাটো শাসকীয় দলৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিব পাৰে। নিৰ্বাচনী ৰাজনীতিয়ে তীব্ৰতা লাভ কৰাৰ লগে লগে এই বিষয় লৈ শাসকীয় দলটোক বিজেপিয়ে ব্যতিব্যস্ত কৰি ৰাখিবলৈ যে চেষ্টা কৰিব সেয়া নিশ্চিত।
prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য