--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজস্থানত বিজেপিয়ে আৰম্ভ কৰিছে মিছন-২০২৩। বিগত কাৰ্যকালটোত বিভিন্নধৰণে ব্যতিব্যস্ত কৰি ৰখা কংগ্ৰেছ দলক বিবুদ্ধিত পেলোৱাৰ বাবে এতিয়া বিজেপিয়ে এটা সুবিধা লাভ কৰিছে। এইবাৰ স্বয়ং অশোক গেহলটৰ ঘৰতে চলিছে আক্ৰমণ। যিকোনো নিৰ্বাচনৰ পূ্ৰ্বেই বিৰোধী নেতা-মন্ত্ৰী বা তেওঁলোকৰ ঘনিষ্ঠৰ বিৰুদ্ধে গোচৰ, তদন্ত প্ৰক্ৰিয়া চলোৱাৰ জৰিয়তে বিজেপিয়ে চাপ সৃষ্টিৰ কৌশল কৰি গ্ৰহণ কৰি আহিছে। তেওঁলোকৰ এই কৌশল ব্যাপকভাৱে সমালোচনাৰো বিষয় হৈ আহিছে। কিন্তু এই অব্যৰ্থ কৌশলে বিজেপিক লাভৱানো কৰা আহিছে। এইবাৰ মধ্যপ্ৰদেশতো চলিছে একেই কৌশল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতে এতিয়া উৎসাহিত হৈ পৰিছে বিজেপি শিবিৰ। তেওঁক এটা দুৰ্নীতিৰ গোচৰত অভিযুক্ত কৰা আৰু গোচৰ ৰুজু হোৱাৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি সতীশ পুনিয়াই এটা টুইটযোগে মুখ্যমন্ত্ৰী গেহলট আৰু তেওঁৰ পুত্ৰ বৈভৱ গেহলটক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছিল। এটা টুইটৰ জৰিয়তে পুনিয়াই বৈভৱ গেহলটৰ বিৰুদ্ধে প্ৰকাশিত এটা বাতৰি উদ্ধৃত কৰাৰ জৰিয়তে কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগ কৰা হৈছে যে বৈভৱ গেহলট আৰু তেওঁৰ সহযোগীসকলে ৰাজস্থানত ই-শৌচালয় নিৰ্মাণৰ বাবে নিবিদা প্ৰদানৰ নামত মহাৰাষ্ট্ৰৰ নাছিকত জালিয়াতিৰ চেষ্টা কৰিছিল। গোটেই ঘটনাটোত ছয় কোটি টকাৰ দুৰ্নীতি পোহৰলৈ আহিছে। আদালতৰ নিৰ্দেশৰ পাছত, বৈভৱ গেহলটসহ ১৫ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
যোধপুৰ-আহমেদাবাদৰ লোকো জড়িত আছে কেলেংকাৰীত
প্ৰাপ্ত তথ্য অনুসৰি, নাছিকৰ গংগাপুৰ আৰক্ষী থানাত দুৰ্নীতিৰ এটা গোচৰ ৰুজু কৰা হৈছে। ইয়াত বৈভৱ গেহলটকে ধৰি ১৫জন লোকৰ নাম সন্নিৱিষ্ট হৈছে। ভাৰতীয় দণ্ডবিধিৰ ১৫৬ ধাৰাত অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই কেলেংকাৰীত যোধপুৰ-আহমেদাবাদৰ লোক জড়িত থকা সম্পৰ্কে তথ্য লাভ কৰিছে মন কৰিবলগীয়া যে,, ঘটনাটোৰ বিষয়ে প্ৰকাশ হোৱাৰ পাছতে, মহাৰাষ্ট্ৰৰ পৰা ৰাজস্থানলৈকে ৰাজনৈতিক ক্ষেত্ৰত এক আলোড়ন সৃষ্টি হৈছে।
সৰৱ হৈ পৰিছে ৰাজস্থান বিজেপিৰ ৰাজ্যিক সভাপতি পুনিয়া
কেলেংকাৰীটোত মুখ্যমন্ত্ৰী অশোক গেহলটৰ পুত্ৰৰ নাম সাঙোৰ খোৱাৰ পাছত, বিজেপিৰ ৰাজ্যিক সভাপতি সতীশ পুনিয়াই টুইট কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পুত্ৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। পুনিয়াই তেওঁৰ টুইটত মুখ্যমন্ত্ৰী গেহলটক আক্ৰমণ কৰি লিখিছে, "মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুপুত্ৰৰ নাম এই মাৰাঠী বাতৰিটোত সন্নিৱিষ্ট হোৱা দেখা গৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰা উচিত। ৰাজস্থানৰ মানুহে কেৱল সত্যটো জানিব বিচাৰিছে।’
নিৰ্বাচনৰ প্ৰস্তুতি চলি থকা ৰাজ্যখনত বিজেপিয়ে এনে এটা ডাঙৰ ইছ্যু লাভ কৰাটো শাসকীয় দলৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিব পাৰে। নিৰ্বাচনী ৰাজনীতিয়ে তীব্ৰতা লাভ কৰাৰ লগে লগে এই বিষয় লৈ শাসকীয় দলটোক বিজেপিয়ে ব্যতিব্যস্ত কৰি ৰাখিবলৈ যে চেষ্টা কৰিব সেয়া নিশ্চিত।
prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক