--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যত ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমত তৎপৰ হৈ পৰিছে শাসক-বিৰোধী৷ ভাৰতীয় জনতা পাৰ্টীয়ে পবিত্ৰ মাৰ্ঘেৰিটাক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ একেদৰে, অসম চৰকাৰৰ মিত্ৰশক্তি ইউপিপিএল-এ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰণগৌড়া নাৰ্জাৰীক৷ একেদৰে, ভাৰতীয় জাতীয় কংগ্ৰেছেও ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম৷ ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা হ’ব ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী৷ ৰাজ্যসভাৰ নিৰ্বাচনলৈ এঘাৰ দিন বাকী থকা সময়তে এইবাৰ মুখ খুলিছে অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূস হাজৰিকাই৷ মন্ত্ৰীগৰাকীৰ দাবী, দুয়োখন আসনতে জয়লাভ কৰিব বিজেপি প্ৰাৰ্থীয়ে৷ হাজৰিকাই লগতে কয়, কেইটা ভোটত জিকিম সেইটোও ক’ব পাৰো, কিন্তু নকওঁ৷ সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী পীয়ূস হাজৰিকাই এটি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয়, নিৰ্বাচনৰ দিনা কাৰোবাৰ হয়তো গা বেয়া হ’ব পাৰে বাকোনোবা অনুপস্থিত থাকিব পাৰে৷ এই মন্তব্যৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে আসন্ন নিৰ্বাচনত বিৰোধী বিধায়কে বিজেপিক জয়লাভ কৰাত সহায় কৰাৰ ইংগিত প্ৰদান কৰিলে৷ পীযুষ হাজৰিকাই লগতে কয়, মই তিনিবছৰ ধৰি শুনি আছোঁ যে মই অপৰিপক্ব৷ সৰু ল’ৰা৷ কিন্তু, টেণ্ডুলকাৰটো টেণ্ডুলকাৰেই৷ তেওঁ বিশ বছৰ বয়শতে অভিজ্ঞতাৰে খেলিছিল৷ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰা ৰাজ্যসভাৰ নিৰ্বাচনত পৰাস্ত হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, মই পুনৰ দৃঢ়তাৰে কৈছোঁ৷ ৰিপুণ বৰা নিজিকে৷ কংগ্ৰেছৰ সদস্যসকলে তেওঁক ৰাজ্যসভাৰ সদস্য হোৱাটো নিবিচাৰে৷ কংগ্ৰেছক সমালোচনা কৰি হাজৰিকাই কয়, তেওঁলোকে নিলম্বন কৰি থোৱা বিধায়কৰ পৰা ভোট বিচাৰিছে৷ সেয়া কেনেকৈ সুস্থ গণতন্ত্ৰ হ’ল৷ ৩১ তাৰিখৰ ৰিজাল্টটো মই এতিয়াই কৈ দিব পাৰো, কিন্তু নকওঁ৷ কালি ৰাতিৰে পৰা কংগ্ৰেছৰ বিধায়কসকলে ৰিপুণ বৰাক হৰুৱাবলৈ লাগি গৈছে বুলি চাঞ্চল্যকৰ মন্তব্য কৰে মন্ত্ৰী পীয়ূস হাজৰিকাই৷ হৰ্ছ ট্ৰেডিঙৰ সম্ভাৱনাক নস্যাৎ কৰি তেওঁ কয়, হৰ্ছট্ৰেডিং নাই, কোনোবাই চৰকাৰক সমৰ্থন কৰি ভোট দিব পাৰে৷ BFC-new-banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি