--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যত ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমত তৎপৰ হৈ পৰিছে শাসক-বিৰোধী৷ ভাৰতীয় জনতা পাৰ্টীয়ে পবিত্ৰ মাৰ্ঘেৰিটাক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ একেদৰে, অসম চৰকাৰৰ মিত্ৰশক্তি ইউপিপিএল-এ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰণগৌড়া নাৰ্জাৰীক৷ একেদৰে, ভাৰতীয় জাতীয় কংগ্ৰেছেও ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম৷ ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা হ’ব ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী৷ ৰাজ্যসভাৰ নিৰ্বাচনলৈ এঘাৰ দিন বাকী থকা সময়তে এইবাৰ মুখ খুলিছে অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূস হাজৰিকাই৷ মন্ত্ৰীগৰাকীৰ দাবী, দুয়োখন আসনতে জয়লাভ কৰিব বিজেপি প্ৰাৰ্থীয়ে৷ হাজৰিকাই লগতে কয়, কেইটা ভোটত জিকিম সেইটোও ক’ব পাৰো, কিন্তু নকওঁ৷ সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী পীয়ূস হাজৰিকাই এটি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয়, নিৰ্বাচনৰ দিনা কাৰোবাৰ হয়তো গা বেয়া হ’ব পাৰে বাকোনোবা অনুপস্থিত থাকিব পাৰে৷ এই মন্তব্যৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে আসন্ন নিৰ্বাচনত বিৰোধী বিধায়কে বিজেপিক জয়লাভ কৰাত সহায় কৰাৰ ইংগিত প্ৰদান কৰিলে৷ পীযুষ হাজৰিকাই লগতে কয়, মই তিনিবছৰ ধৰি শুনি আছোঁ যে মই অপৰিপক্ব৷ সৰু ল’ৰা৷ কিন্তু, টেণ্ডুলকাৰটো টেণ্ডুলকাৰেই৷ তেওঁ বিশ বছৰ বয়শতে অভিজ্ঞতাৰে খেলিছিল৷ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰা ৰাজ্যসভাৰ নিৰ্বাচনত পৰাস্ত হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, মই পুনৰ দৃঢ়তাৰে কৈছোঁ৷ ৰিপুণ বৰা নিজিকে৷ কংগ্ৰেছৰ সদস্যসকলে তেওঁক ৰাজ্যসভাৰ সদস্য হোৱাটো নিবিচাৰে৷ কংগ্ৰেছক সমালোচনা কৰি হাজৰিকাই কয়, তেওঁলোকে নিলম্বন কৰি থোৱা বিধায়কৰ পৰা ভোট বিচাৰিছে৷ সেয়া কেনেকৈ সুস্থ গণতন্ত্ৰ হ’ল৷ ৩১ তাৰিখৰ ৰিজাল্টটো মই এতিয়াই কৈ দিব পাৰো, কিন্তু নকওঁ৷ কালি ৰাতিৰে পৰা কংগ্ৰেছৰ বিধায়কসকলে ৰিপুণ বৰাক হৰুৱাবলৈ লাগি গৈছে বুলি চাঞ্চল্যকৰ মন্তব্য কৰে মন্ত্ৰী পীয়ূস হাজৰিকাই৷ হৰ্ছ ট্ৰেডিঙৰ সম্ভাৱনাক নস্যাৎ কৰি তেওঁ কয়, হৰ্ছট্ৰেডিং নাই, কোনোবাই চৰকাৰক সমৰ্থন কৰি ভোট দিব পাৰে৷ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক