--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেইদিনমান আগেয়ে ফোন কল ৰেকৰ্ডিঙক লৈ উত্তাল হৈ পৰিছিল ৰাজ্যৰ ৰাজনীতি। বিধায়ক অমিয় কুমাৰ ভূঞাৰ ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘এনে ৰেকৰ্ডিং কাৰ্য অবৈধ’- বুলি মন্তব্য কৰিছিল। তেওঁ লগতে ‘ফোন ৰেকৰ্ডিঙৰ দৰে কামে সংবিধান প্ৰদত্ত নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰিব’- বুলিও উল্লেখ কৰিছিল। কিন্তু তেওঁৰ সেই মন্তব্যই মাত্ৰ এটা পষেক অতিক্ৰম নকৰোঁতেই সন্মুখলৈ আহিছে চৰকাৰৰ আমোলত সংবিধানে দিয়া অধিকাৰ খৰ্বৰ গুৰুতৰ অভিযোগ। ভাৰত চৰকাৰে খৰ্ব কৰিছে নাগৰিকৰ অধিকাৰ। সংবিধানে নাগৰিকক প্ৰদান কৰা গোপনীয়তাৰ অধিকাৰ ভংগ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনত ইজৰাইল ভ্ৰমণ কৰি দেশখনৰ সৈতে সামৰিক চুক্তিত চুক্তিবদ্ধ হৈছিল। কিন্তু কেৱল সামৰিক চুক্তিতেই আবদ্ধ নাথাকি প্ৰধানমন্ত্ৰীয়ে ইজৰাইলৰ এটা বেচৰকাৰী সংস্থা NSO গ্ৰুপৰ সৈতেও চুক্তিবদ্ধ হৈছিল। এই চুক্তিত গ্ৰুপটোৰ ‘পেগাচাছ’ নামৰ এটা চোৰাংচোৱা এপ ভাৰতীয় লোকসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈও চুক্তিবদ্ধ হৈছিল। এই কথা প্ৰকাশ পাইছে ‘নিউয়ৰ্ক টাইমছ’ নামৰ বিশ্ব প্ৰতিষ্ঠ সংবাদ পত্ৰখনত। ‘পেগাচাছ’ নামৰ এই চোৰাংচোৱা এপটো ব্যৱহাৰ কৰি ভাৰত চৰকাৰে নাগৰিকৰ গতি-বিধিকে ধৰি সকলো তথ্য আহৰণ কৰিব পাৰিব। স্বৰূপাৰ্থত এই এপটোৰ দ্বাৰা ভাৰতীয় নাগৰিকসকল সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ চকুৰ সন্মুখত থাকিব।

পেগাছাচ কি?

ইজৰাইলৰ এটা বেচৰকাৰী গ্ৰুপ NSOৰ কৰ্তৃত্বত থকা ‘পেগাছাচ’ এটা চোৰাংচোৱা এপ্লিকেচন। ই আন চোৰাংচোৱা এপবোৰৰ তুলনাত যথেষ্ট পৃথক। ইয়াক পৃথকে মোবাইলত ইনষ্টল কৰিব নালাগে। মোবাইল ফোন ব্যৱহাৰকাৰীৰ অজ্ঞানেই এই এপ মোবাইলত ইনষ্টল কৰি দিয়া হয়। সাধাৰণ অৰ্থত ক’বলৈ গ’লে এই এপটোৱে মোবাইলৰ সকলো তথ্য, যেনে- ফটো, ভিডিঅ’, ফোন নম্বৰ, মেছেজ, অৱস্থিতি আদি সকলো তথ্য ব্যৱহাৰকাৰীৰ অজ্ঞাতে চুৰি কৰে। লগতে ব্যৱহাৰকাৰীয়ে কাৰ সৈতে ফোন যোগে কথা পাতিছে, কি পাতিছে আদি সকলো তথ্য আহৰণ কৰিব পৰা যায়। কেৱল এয়াই নহয় এপটোৰ যোগেদি মোবাইলৰ মাইক্ৰ’ফোন ব্যৱহাৰ কৰি ফোনৰ কাষত পাতি থকা কথা আৰু কেমেৰাৰ যোগেদি চৌপাশৰ পৰিৱেশৰ ভিডিঅ’ আহৰণ কৰিব পাৰি। মুঠৰ ওপৰত এটা ষ্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে প্ৰত্যক্ষভাৱে যিবোৰ সুবিধা ভোগ কৰিব পাৰে, সেই সকলো সুবিধা অপপ্ৰয়োগ কৰি ‘পেগাছাচ’ এপে তথ্য আহৰণ কৰিব পাৰে।

পেগাছাচ এপ কেনেকৈ চলে?

পেগাছাচ এপটো NSO গ্ৰুপে কিছুমান ব্যক্তিৰ মোবাইলত ইনষ্টল কৰি দিয়ে। তাৰ পাছত সেই ব্যক্তিজনৰ পৰা NSO-এ উপৰোক্ত তথ্যসমূহ আহৰণ কৰে। তেওঁলোকে সেই তথ্যবোৰ পোনপটীয়াকৈ ব্যৱহাৰ নকৰে। অৰ্থাত্ ব্লেক হেট হেকাৰৰ বা হোৱাইট হেট হেকাৰৰ দৰে তেওঁলোকে কাম নকৰে। তেওঁলোকে এই দুই হেকাৰৰ মাজত থকা গ্ৰে’ হেট হেকাৰৰ দৰে আচৰণ কৰে। অৰ্থাত্ তেওঁলোকে আহৰণ কৰা তথ্যবোৰ টকাৰ বিনিময়ত কোনো কৰ্তৃত্বশীল পক্ষক প্ৰদান কৰে। প্ৰতিবেদন অনুসৰি ইজৰাইলৰ এই বেচৰকাৰী সংস্থাটোৱে বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰৰ হৈ কাম কৰে। তেওঁলোকে আহৰণ কৰা তথ্যবোৰ টকাৰ বিনিময়ত সংশ্লিষ্ট দেশৰ চৰকাৰক প্ৰদান কৰে। উল্লেখযোগ্য যে এই এপটোৰ দ্বাৰা আহৰণ কৰা তথ্যৰ বাবদ NSO-এ বহু মূল্যৰ টকা দাবী কৰে। যাৰ বাবে এজন ব্যক্তিয়ে NSOৰ সৈতে চুক্তিবদ্ধ হৈ কোনো আন এজন ব্যক্তিৰ চোৰাংচোৱাগিৰি কৰাটো একেবাৰে অসম্ভৱ। শেহতীয়াকৈ প্ৰকাশ পোৱা ‘নিউয়ৰ্ক টাইমছ’ৰ বাতৰিত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ২০১৭ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইল ভ্ৰমণ কৰি সামৰিক চুক্তিৰ লগতে NSOৰ সৈতে ‘পেগাছাচ’ৰ বাবেও চুক্তিবদ্ধ হৈছিল। ইয়াৰ পাছতেই এতিয়া উত্তাল হৈছে দেশৰ ৰাজনীতি। কেৱল দেশতেই নহয়, নিজৰ দেশৰ জনসাধাৰণৰ ওপৰত অবৈধভাৱে চোৰাংচোৱাগিৰি কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ঘৃণিত হৈছে মোদী চৰকাৰ। বিধায়কৰ ফোনকল ৰেকৰ্ডিং কৰাটো সংবিধানৰ নীতিৰ পৰিপন্থী বুলি কোৱা ড০ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰৰ যদি নৈতিকতা আছে, তেনেহ’লে পেগাছাচ সন্দৰ্ভত পশ্চিমবংগৰ দৰে নিজাববীয়াকৈ তদন্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সাহস হ’বনে? এয়া বৰ্তমান সময়ৰ অতি প্ৰাসংগিক প্ৰশ্ন। আৰু পঢ়কঃ ভূপেন বৰাৰ আগ্ৰাসী ৰাজনীতিয়ে শংকিত কৰিছে নেকি বিজেপিক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি