--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ইজৰাইলে৷ ইজৰাইলৰ কাৰিকৰী সহায়ত ভাৰতৰ ১৫০ খন গাঁও ৰূপান্তৰ হ’ব ‘আদৰ্শ গাঁৱ'লৈ৷ ভাৰতৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে এই কথা সদৰি কৰিছে৷ মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি, ইজৰাইল চৰকাৰে ভাৰতৰ ১২খন ৰাজ্যত ২৯টা উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰিছে৷ যিসমূহ কেন্দ্ৰই ২৫ নিযুতৰো অধিক পাচলি প্ৰকল্পৰ লগতে ৩,৮৭,০০০ৰো অধিক ফল উৎপাদন কৰি আছে৷ লগতে, এই কেন্দ্ৰসমূহৰ অধীনত প্ৰতি বছৰে ১ লাখ ২০ হাজাৰৰো অধিক কৃষকক প্ৰশিক্ষণ দিয়া হ’ব৷ ইজৰাইলে স্থাপন কৰা এই কেন্দ্ৰসমূহৰ চাৰিওফালে অৱস্থিত ১৫০খন গাঁৱকেই আদৰ্শ গাঁওলৈ ৰূপান্তৰ কৰা হ’ব। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে ২৭ জানুৱাৰীত ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনৰ সৈতে এক বৈঠকত কয়, ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষক স্মৰণ কৰিবলৈ প্ৰথম বছৰত ৭৫খন গাঁও হাতত লোৱা হৈছে, য’ত ভাৰত আৰু ইজৰাইলে একেলগে কাম কৰিব। ভাৰত আৰু ইজৰাইলৰ মাজত ৩০ বছৰীয়া কূটনৈতিক সম্পৰ্ক সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰি মন্তব্য কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰ ২৯টা উৎকৰ্ষ কেন্দ্ৰৰ কাম-কাজত সন্তুষ্ট বুলি এক চৰকাৰী বিবৃতিযোগেও প্ৰকাশ কৰিছে। ইজৰাইলৰ ৰাষ্ট্ৰদূত গিলনে কয়, এই কেন্দ্ৰবোৰ দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক উৎকৃষ্ট উদাহৰণ আৰু কৃষকসকলক প্ৰদান কৰা সেৱাৰ মান আৰু অধিক উন্নত কৰাৰ বাবে কেন্দ্ৰসমূহৰ বাবে প্ৰমাণপত্ৰৰ প্ৰস্তাৱ দিয়ে। তেওঁ কৃষি-গৱেষণা সংস্থা আইচিএআৰৰ সৈতে অধিক সহযোগিতা আৰু ইজৰাইলৰ সৈতে উপলব্ধ শেহতীয়া প্ৰযুক্তি উপলব্ধ কৰাৰ ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ