--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ইজৰাইলে৷ ইজৰাইলৰ কাৰিকৰী সহায়ত ভাৰতৰ ১৫০ খন গাঁও ৰূপান্তৰ হ’ব ‘আদৰ্শ গাঁৱ'লৈ৷ ভাৰতৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে এই কথা সদৰি কৰিছে৷ মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি, ইজৰাইল চৰকাৰে ভাৰতৰ ১২খন ৰাজ্যত ২৯টা উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰিছে৷ যিসমূহ কেন্দ্ৰই ২৫ নিযুতৰো অধিক পাচলি প্ৰকল্পৰ লগতে ৩,৮৭,০০০ৰো অধিক ফল উৎপাদন কৰি আছে৷ লগতে, এই কেন্দ্ৰসমূহৰ অধীনত প্ৰতি বছৰে ১ লাখ ২০ হাজাৰৰো অধিক কৃষকক প্ৰশিক্ষণ দিয়া হ’ব৷ ইজৰাইলে স্থাপন কৰা এই কেন্দ্ৰসমূহৰ চাৰিওফালে অৱস্থিত ১৫০খন গাঁৱকেই আদৰ্শ গাঁওলৈ ৰূপান্তৰ কৰা হ’ব। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে ২৭ জানুৱাৰীত ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনৰ সৈতে এক বৈঠকত কয়, ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষক স্মৰণ কৰিবলৈ প্ৰথম বছৰত ৭৫খন গাঁও হাতত লোৱা হৈছে, য’ত ভাৰত আৰু ইজৰাইলে একেলগে কাম কৰিব। ভাৰত আৰু ইজৰাইলৰ মাজত ৩০ বছৰীয়া কূটনৈতিক সম্পৰ্ক সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰি মন্তব্য কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰ ২৯টা উৎকৰ্ষ কেন্দ্ৰৰ কাম-কাজত সন্তুষ্ট বুলি এক চৰকাৰী বিবৃতিযোগেও প্ৰকাশ কৰিছে। ইজৰাইলৰ ৰাষ্ট্ৰদূত গিলনে কয়, এই কেন্দ্ৰবোৰ দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক উৎকৃষ্ট উদাহৰণ আৰু কৃষকসকলক প্ৰদান কৰা সেৱাৰ মান আৰু অধিক উন্নত কৰাৰ বাবে কেন্দ্ৰসমূহৰ বাবে প্ৰমাণপত্ৰৰ প্ৰস্তাৱ দিয়ে। তেওঁ কৃষি-গৱেষণা সংস্থা আইচিএআৰৰ সৈতে অধিক সহযোগিতা আৰু ইজৰাইলৰ সৈতে উপলব্ধ শেহতীয়া প্ৰযুক্তি উপলব্ধ কৰাৰ ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু