--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তিনি দশকৰো অধিক সময় ধৰি হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁ আধিপত্য বিস্তাৰ কৰি আছে৷ ১২৫ খনতকৈয়ো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে তেওঁ৷ তেওঁ হ’ল বলীউডৰ ছল্লু ভাই খ্যাত ছলমান খান৷ বলীউডৰ ভাই ছলমানে তেওঁ শক্তিভৰা প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰি আহিছে। আজি বলীউড ভাইজানৰ জন্মদিন৷ ছলমানে আজি ৫৬ বছৰ বয়সত ভৰি দিলে৷ পানভেল ফাৰ্ম হাউছত তেওঁৰ ৫৬সংখ্যক জন্মদিনৰ পৰিয়ালৰ কেইজনমান ঘনিষ্ঠলোকৰ সৈতে জন্মদিন উদযাপন কৰিছে ছলমান খানে। ছলমানৰ অসংখ্য গুণমুগ্ধৰ লগতে বলীউড তাৰকাসকলে সামাজিক মাধ্যমত প্ৰশংসাৰে উপচাই পেলাইছে অভিনেতাজনক৷

পিছপৰি ৰোৱা নাই বলীউডৰ চিকনী চামেলী কেটৰিনা কাঈফো৷ ব্যতিক্ৰমী ৰূপত কেটে ছল্লু ভাইক জনালে জন্মদিনৰ শুভেচ্ছা৷ কেটে তেওঁৰ ইনষ্ট্ৰাগাম একাউণ্টত ছলমানক শুভেচ্ছা জনাই লিখিছে- “@beingsalmankhan জন্মদিনৰ শুভেচ্ছা আপোনালৈ (এটা বগা হৃদয়ৰ ইমোজি) আপোনাৰ সৈতে থকা পোহৰ, প্ৰেম, বুদ্ধিমত্তা আপোনাৰ বাকী জীৱনৰ বাবে আপোনাৰ সৈতে সদায়েই থাকক।” কেটে পোষ্টটোৰ সৈতে ছলমানৰ এখন একৰঙী ফটোও সন্নিৱিষ্ট কৰিছে৷

কেটৰিনাৰ জন্মদিনৰ শুভেচ্ছা বাৰ্তা ছলমানলৈ…

উল্লেখ্য যে, কেটৰিনা কাঈফ আৰু ছলমান খান দুয়োজনে তেওঁলোকৰ জন্মদিনত ইজনে সিজনক শুভেচ্ছা জনাবলৈ কোনোবাৰেই পাহৰা নাই৷ যেতিয়া ২০২১চনৰ ১৬ জুলাইত কেটৰিনাৰ বয়স ৩৮ বছৰ হৈছিল, ছলমানে দুয়োৰে এখন ধুনীয়া ফটো পোষ্ট কৰিছিল, আৰু এক শুভেচ্ছা বাৰ্তা লিখিছিল।

ইয়াৰ মাজতে, ছলমানৰ এক দুৰ্ঘটনা সংঘটিত হয়। ছলমানক শনিবাৰে নিশা এটা বিষহীন সাপে দংশন কৰিছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু তাত তেওঁক এণ্টি-পইজন বেজি দিয়া হৈছিল। বৰ্তমান ছলমান খান সম্পূৰ্ণ সুস্থ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ