--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি বলীউডৰ ভাইজান দাবাং ছলমান খানৰ ৫৬ সংখ্যক জন্মদিন৷ ভাইজানৰ এই বিশেষ দিনটোত তেওঁৰ প্ৰিয়জন, তেওঁৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলে জন্মদিনৰ শুভকামনাৰে উপচাই পেলাইছে। তেওঁ ৩০ বছৰৰো অধিক কাল বলীউডত দপদপাই আছে। ১৯৬৫ চনৰ ২৭ ডিচেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰত জন্মগ্ৰহণ কৰিছিল ছলমান খানে। ছলমানৰ পিতৃৰ নাম ছেলিম খান আৰু মাতৃৰ নাম সুশীলা চৰক।ছলমান খানে অভিনয়ৰ জগতত খোজ দিছিল ১৯৮৮ চনত মুক্তি লাভ কৰা "বিবি হো তো এইছি" ছবিখনৰ জৰিয়তে৷ ইয়াৰ পাছত ১৯৮৯ চনত 'মেইনে প্যাৰ কিয়া'ত অভিনয় কৰি ৰাতিটোৰ ভিতৰতে ছুপাৰষ্টাৰ হৈ পৰিল ছলমান খান।

কল্ড ড্ৰিংকছৰ এটা বিজ্ঞাপনত অভিনয় কৰি ছলমান খান প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখীন হয়। ছলমান মানেই অপাৰ জনপ্ৰিয়তাৰ অন্য এক নাম। ছলমানৰ নিজ জীৱন কাহিনীও কোনো চিনেমাতকৈ কম নহয়। কৃষ্ণসাৰ মৃগক গুলীয়াই হত্যা, পদপথত শুই থকা মানুহক মাতাল হৈ গাড়ীৰে খুন্দিওৱা আদি অনেক ধৰণৰ বদনামো আছে ভাইজানৰ। এনেকুৱা ধৰণৰ কাণ্ডৰ কাৰণেই বলীউডৰ 'বেড বয়' বুলি জনা যায় অভিনেতাজনক। তেওঁৰ ব্যক্তিত্ব অনন্য ধৰণৰ। ছলমানৰ আছে এখন কোমল অন্তৰ। মানুহৰ দুখ-দৰ্দশা তেওঁ সহিব নোৱাৰে। আৰ্তজনৰ কাষত সদায় ছলমান খান উপস্থিত হৈ সহায়ৰ হাত আগবঢ়োৱাৰ নজিৰ আছে। বলীউডত বহু নৱাগতাক তেওঁ প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছে। ছলমানক চৌদিশে আগুৰি ৰাখে অগণন মানুহে কিন্তু আজিলৈকে জীৱনসংগী এগৰাকী বাচি লোৱা নাই ছলমানে৷ ছলমানৰ খানৰ বিয়ালৈ এতিয়াও অধীৰ আগ্ৰহেৰে বাট চাই চাই তেওঁৰ গুণমুগ্ধসকলে৷ জীৱনত কিন্তু বহু কেইবাৰ প্ৰেম সাগৰত ডুব মাৰিছে ছলমানে৷ ছলমানৰ হৃদয়ৰ ৰাণী হৈছিল এইকেইগৰাকী সুন্দৰী।

১) ছলমান-শ্বাহিন

বলীউডত ভৰি থোৱাৰ পূৰ্বে জনপ্ৰিয় অভিনেতা দিলীপ কুমাৰৰ ভতিজা শ্বাহিনৰ প্ৰেমত পৰিছিল ছলমান খান৷ কলেজত পঢ়ি থাকোতে এই প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল৷ জীৱনৰ ১৯ বছৰ বয়সত শ্বাহিনৰ সৈতে প্ৰথম প্ৰেম গঢ় লৈ উঠিছিল ছলমান খানৰ। দুয়োখন ঘৰৰ পৰিয়ালে এই সম্পৰ্কটো জানিছিল আৰু কাৰো আপত্তি নাছিল। শ্বাহিনেও বহু কেইখন চিনেমাত অভিনয় কৰিছিল কিন্তু ইমান সাফল্য লভিব নোৱাৰিলে৷ এই প্ৰেম বেছিদিন নিটিকিল৷ ১৯৯৭ চনত অভিনেতা সুমিত ছেহগীলৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় শ্বাহিন৷

২) ছলমান-সংগীতা

ছলমান খান আৰু সংগীতা বিজলানীৰ প্ৰেমৰ কথা নজনা মানুহ খুব কমেই ওলাব৷ ৫ বছৰ ধৰি ছলমান আৰু সংগীতা প্ৰেমৰ সম্পৰ্কত আছিল৷ ছলমানতকৈ সংগীতা বয়সত ৫ বছৰ ডাঙৰ আছিল। দুয়ো বিবাহৰ সিদ্ধান্তও লৈছিল আৰু বিয়াৰ কাৰ্ডো ছপা হৈছিল৷ কিন্তু ভাগ্যই লিখি থৈছিল অন্য লিখন৷ সেই সময়তে ছলমানৰ জীৱনলৈ আহে এগৰাকী পাকিস্তানী-আমেৰিকান যুৱতী৷ যুৱতীগৰাকীৰ নাম ছোমী আলী৷ ছোমী আলীৰ বাবেই ছলমান-সংগীতাৰ প্ৰেমত ফাঁট মেলে আৰু দুয়োৰে মাজত বিচ্ছেদ হয়৷ ১৯৯৬ চনত ক্ৰিকেটাৰ আজাহাৰউদ্দিনৰ সৈতে বিয়াত বহে সংগীতা বিজলানী৷

৩) ছলমান-ছোমী

ছলমান খান আৰু ছোমী আলীৰ প্ৰেমৰ সম্পৰ্ক আছিল প্ৰায় ৮ বছৰ৷ ছোমীয়ে 'মেইনে প্যাৰ কিয়া' ছবিত ছলমানক দেখাৰ পিছতেই ছলমানৰ প্ৰেমত পৰে৷ ছলমানক লগ পাবৰ বাবে তেওঁ আমেৰিকাৰ পৰা ভাৰতলৈ আহে৷ সেই সময়ত ছোমীৰ বয়স আছিল মাত্ৰ ১৫ বছৰ৷ ছলমানৰ বাবেই ছোমীয়ে বলীউডতো ভৰি থয় আৰু লাহে লাহে ছোমীৰ সৈতে ছলমানৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে৷ ছোমীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থাকোতেই ছলমান খান ঐশ্বৰ্য ৰায়ৰ প্ৰেমত পৰে৷ 'হম দিল দে চুকে চনম' এই চিনেমাখনৰ শ্বুটিং কৰি থকাৰ সময়তে ছলমানৰ হৃদয়ত প্ৰেমৰ লহৰ তোলে বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ে। ঐশ্বৰ্যৰ সৈতে ছলমানৰ প্ৰেম কমদিনৰ ভিতৰতে তুংগত উঠে আৰু সকলোতে চৰ্চা লাভ কৰে। এই খবৰ বিয়পি পৰাৰ পাছতেই ছলমান-ছোমীৰ ব্ৰেক-আপ হয়।

৪) ছলমান-ঐশ্বৰ্য

হম দিল দে চুকে চনমৰ শ্বুটিং চলি থকাৰ সময়ত ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ প্ৰেমৰ সম্পৰ্কই সকলোতে চৰ্চা লাভ কৰিছিল৷ এই প্ৰেমৰ সম্পৰ্ক আছিল প্ৰায় ৪ বছৰ৷ ঐশ্বৰ্যৰ এই সম্পৰ্কক লৈ একেবাৰে সুখী নাছিল ঐশ্বৰ্যৰ পিতৃ-মাতৃ৷ কিন্তু ছলমানৰ প্ৰেমত মচগুল আছিল ঐশ্বৰ্য৷ খবৰ পোৱা গৈছিল যে দুয়ো মনে মনে বিবাহপাশতো আৱদ্ধ হৈছিল কিন্তু এই খবৰৰ সত্যতা কোনেও দিব পৰা নাছিল। কিন্তু লাহে লাহে ছলমান খান ঐশ্বৰ্যক লৈ ইমানেই পজেচিভ হৈ পৰে যে ঐশ্বৰ্য লাহে লাহে ছলমানৰ আচৰণত অতীষ্ঠ হ’বলৈ ধৰে আৰু শেষত ঐশ্বৰ্যই ছলমানৰ কাষৰ পৰা একেবাৰে গুচি অহাৰ সিদ্ধান্ত লয়। ২০০৭ চনত অভিষেক বচ্চনৰ জীৱনসংগী হয় ঐশ্বৰ্য ৰায়।

৫) ছলমান-কেটৰিনা

ঐশ্বৰ্যই ভা্ঙি থৈ যোৱা ছলমানৰ হৃদয়খন জোৰা লগাবলৈ আহে কেটৰিনা কাঈফ৷ ২০০৪ চনত ছলমান আৰু কেটৰীণাৰ মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠে। বলীউডৰ হট কাপলৰ অন্যতম আছিল ছলমান-কেটৰিনা। এই প্ৰেমৰ সম্পৰ্ক ৭ বছৰ ধৰি আছিল৷ কেটৰীণাক বলীউডত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ছলমানে অগ্ৰণী ভূমিকা লৈছিল৷ কেটৰিনাক ছলমানে কেৱল প্ৰেমিক হিচাপেই নহয় অভিভাৱকৰ দৰেও আৱৰি আছিল৷ দুয়োৰে বিয়াৰ কথাও চলি আছিল কিন্তু কেটৰিনাই দিয়ে বিধি-পথালি৷ অজৱ প্ৰেম কী গজৱ কাহানী চিনেমা কৰি থকাৰ সময়ত কেটৰিনা ৰণবীৰ কাপুৰৰ প্ৰেমত পৰে আৰু ছলমান-কেটৰিনাৰ প্ৰেম সিমানতে স্তব্ধ হয়৷ ২০২১ চনৰ ৭ ডিচেম্বৰত বিকি কৌশলৰ সৈতে বিয়াত বহে কেটৰিনা কাঈফ।

৬) ছলমান-ইউলিয়া

ৰোমানিয়ান যুৱতী ইউলিয়া ভাণ্টুৰৰ সৈতে বৰ্তমান নাম সাঙুৰ খাই আছে ছলমান খানৰ৷ কথিত ৰূপত ইউলিয়াই এতিয়া ছলমান খানৰ গাৰ্লফ্ৰেণ্ড৷ আজিলৈকে এই সম্পৰ্কক লৈ খুলাখুলিকৈ ছলমানে একো কোৱা নাই যদিও সকলোৱে ভাবে যে বৰ্তমান সময়ত ইউলিয়াই হৈছে ছলমানৰ হৃদয়ৰ ৰাণী। ছলমান খানৰ ঘৰৰ দুৱাৰ সদায় খোলা ইউলিয়াৰ বাবে৷ যেতিয়াই মন যায় তেতিয়াই ইউলিয়া ছলমানৰ ঘৰলৈ আহে৷ দুয়ো চিনাকি হৈছিল ডাবলিনত ২০১০ চনত৷ তেতিয়াৰে পৰা দুয়ো এক মধুৰ সম্পৰ্কত বান্ধ খাই আছে৷ এতিয়া ছলমান-ইউলিয়াৰ প্ৰেমে বিবাহৰ ৰূপ লয় নে নলয় সেয়া গম পোৱা যাব সময়তহে৷ কিন্তু সকলোৱে আশাৰে বাট চাইছে ইউলিয়াই হওক ছলমানৰ শেষ সম্পৰ্ক আৰু হৃদয়ৰ স্থায়ী ঠিকনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাটিকাদুৰিৰ নানা উপকাৰী গুণ
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান
পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত