ডিজিটেল ডেস্ক : প্ৰব্ৰজনৰ দৰে সমস্যাই দেশৰ উত্তৰ-পূব প্ৰান্তক কি হাৰত ক্ষতিগ্ৰস্ত কৰিছে সেইকথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অনুপ্ৰৱেশ ৰোধৰ দাবীত বিগত দশকৰ পাছত দশক ধৰি চলি অহা আন্দোলন, দাবী সকলো অসাৰ প্ৰতিপন্ন কৰি ৰাজ্যলৈ অব্যাহত আছে অবৈধ অনুপ্ৰৱেশ। শেহতীয়াকৈ হিন্দু বাংলাদেশীৰ প্ৰসংগই সমগ্ৰ ৰাজ্যৰ সামাজিক-ৰাজনৈতিক পৰিৱেশক জোকাৰি আছে। ইয়াৰ মাজতে এখন বাংলা সংবাদপত্ৰত প্ৰকাশিত এখন প্ৰতিবেদনৰ তথ্যই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ যে, বিগত পাঁচ দশকত ভাৰত ৰ চুবুৰীয়া দেশ বাংলাদেশত ৭৫লাখ হিন্দু লোক হ্ৰাস হৈছে।
দেশখনৰ অভ্যন্তৰৰ পৰাই তথ্য প্ৰকাশিত হৈছে আৰু ইয়াক লৈ বিভিন্ন অধ্যয়নো চলি আছে। হিন্দু লোকৰ সংখ্যাৰ এনে দ্ৰুত হ্ৰাসৰ আঁৰৰ মূল কাৰণ হিচাপে চিহ্নিত কৰা হৈছে দেশখনৰ পৰা হোৱা বহিঃপ্ৰব্ৰজনক। তদুপৰি এটা বিশেষ কথা পূৰ্বৰ প্ৰতিবেদনতে প্ৰকাশ কৰিছিলোঁ যে দেশখনৰ পৰা অন্য দেশলৈ যোৱা সৰহসংখ্যক লোক গ্ৰামাঞ্চলৰ আৰু আর্থিকভাৱে পিছপৰা লোক। এই কথা দুটাৰ কিন্তু বিশেষ তাৎপৰ্য আছে। তাৰ কাৰণ আমি ব্যাখ্যা কৰিম এই প্ৰতিবেদনত।
ঐতিহাসিকভাৱে অসম তথা উত্তৰ পূবলৈ পূৰ্ববংগীয় বা বাংলাদেশী লোকসকলৰ প্ৰব্ৰজনৰ এটা প্ৰৱণতা আছে। ইয়াৰ কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি কেইবাটাও কথা। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে যে, অসমৰ বৰাক উপত্যকা, বংগৰ সীমামূৰীয়া অঞ্চলবোৰলৈ দেশখনৰ পৰা প্ৰব্ৰজন কৰাটো অতি সহজ কথা। ভৌগলিক-সাংস্কৃতিকভাৱে সামঞ্জস্য থকা এই অঞ্চললৈ বাংলাদেশীৰ অনুপ্ৰৱেশ এক স্বাভাৱিক প্ৰৱণতা হিচাপেই বিবেচিত হৈ আহিছে। যাৰ বাবে এই প্ৰৱণতা ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰতা অতি বাঞ্চনীয় বুলি বিবেচিত হৈ আহিছে। কিন্তু কথা হ’ল সেয়া হৈ উঠা নাই, বৰং নাগৰিকত্ব সংশোধনী আইনৰ দৰে আইন গৃহীত কৰাৰ জৰিয়তে উদগনি দিব খোজা হৈছে বহিঃৰাষ্ট্ৰৰ জনগণৰ সোঁতক।
কিন্তু কথা হ’ল যে, বাংলাদেশত হিন্দু লোকৰ সংখ্যা কমি অহাৰ সমান্তৰালভাৱে এতিয়া দেশত হিন্দু বঙালীৰ সংখ্যা বৃদ্ধি পাই অহাৰ কথা প্ৰমাণিত হৈছে। বিশেষকৈ অসম আৰু উত্তৰ-পূব এই আগ্ৰাসনৰ সৰ্বাধিক বলি হৈছে। অসমত দিনক দিনে বৃদ্ধি পোৱা হিন্দু বঙালীৰ আগ্ৰাসন অসমৰ ভাষিক তথা সাংস্কৃতিক প্ৰেক্ষাপটত পৰিলক্ষিত হৈছে। ত্ৰিপুৰাত ইতিমধ্যেই সংখ্যালঘুত পৰিণত হৈছে খিলঞ্জীয়া লোক। অসমতো সেই অৱস্থা হোৱাৰ আশংকা নুই কৰি নোৱাৰি বাবেই অসমৰ জনগণ, তথা দল-সংগঠনে নগৰিকত্ব সংশোধনী আইন প্ৰতিহত কৰাৰ বাবে পুনৰ সংকল্পবদ্ধ হোৱা দেখা গৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে, বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দুসকলৰ ওপৰত নিৰ্যাতনৰ ঘটনা অব্যাহত আছে।
শেহতীয়াকৈ দুৰ্গা পূ্জাৰ সময়তো অনুৰূপ ঘটনা সংঘটিত হৈছে দেশখনত। এনে পৰিপ্ৰেক্ষিতত দেশখৰ সম্বলহীন লোকসকলে তেওঁলোকৰ সহজ গন্তব্য হিচাপে অসম আৰু উত্তৰ পূবক বাছি লোৱাটো তেনেই সাধাৰণ কথা। উল্লেখ্য যে, আমি পূৰ্বৰ প্ৰতিবেদনতে প্ৰকাশ কৰিছিলোঁ, বাংলা কাকত ‘স্যন্দন পত্ৰিকা’ৰ যোৱা ১৮ নৱেম্বৰ সংখ্যাত এখন প্ৰতিবেদন প্ৰকাশ পাইছিল। জাকিৰ হোসেনে ঢাকাৰ পৰা প্ৰকাশ কৰা এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰিছে ভালেমান উদ্বেগজনক তথ্য। বিগত ৫০ বছৰত বাংলাদেশত ৭৫লাখ হিন্দু লোক কমা বুলি প্ৰকাশ পাইছে এই প্ৰতিবেদনত। ক্ৰমাগতভাৱে হিন্দুৰ জনসংখ্যা কমি অহাৰ এই তথ্য প্ৰকাশ কৰি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে, বিগত ৫০বছৰত দেশখনৰ জনসংখ্যা দুগুণতকৈও অধিক হৈছে।
এই সময়ছোৱাত বৌদ্ধ, খ্ৰীষ্টান আৰু অন্যান্য ধৰ্মাৱলম্বীৰ জনসংখ্যা প্ৰায় একেই আছে যদিও হিন্দুৰ সংখ্যা চকুত লগাকৈ কম হৈছে। স্বাধীন বাংলাদেশত প্ৰথম লোকপিয়ল কৰা হৈছিল ১৯৭৪চনত। সেই সময়ত হিন্দুৰ জনসংখ্যাৰ হাৰ আছিল ১৩.৫শতাংশ। তাৰ পাছত আৰু চাৰিটা লোকপিয়ল হৈছে। একেবাৰে শেহতীয়া লোকপিয়লটো হৈছে ২০১১চনত। এই লোকপিয়লত দেখা গৈছে দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৮.৫শতাংশ হিন্দুহে দেশখনত এতিয়া আছে। এই সময়ছোৱাত কমি যোৱা হিন্দুসকলে অসম তথা উত্তৰ পূবতে আশ্ৰয় লোৱাৰ সম্ভাৱনা অতি স্পষ্ট। যদি এয়া সত্য হয় আৰু এই প্ৰৱণতা যদি অব্যাহত থাকে তেন্তে এয়া অতি ভয়ংকৰ কথা। এই সম্পৰ্কত অধিক তথ্য উদঘাটনেৰে আমি প্ৰকাশ কৰিম পৰৱৰ্তী প্ৰতিবেদনত।