--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক জটিল আৰু স্পৰ্শকাতৰ বিষয় হৈছে ধৰ্ম৷ প্ৰায় সংখ্যক মানুহে এই বিষয়টোৰ পৰা এৰাই চলিব বিচাৰে যদিও বহুতো মানুহে বিষয়টোৰ সৈতে পুৱাৰ পৰা নিশালৈকে একাত্ম হৈ থাকিব বিছাৰে৷ আজি আমাৰ আলোচ্য বিষয়টো হ’ব যে, পাকিস্তানত ভাৰতৰ হিন্দুসকলৰ অৱস্থিতি কেনেকুৱা৷ সাধাৰণতে পাকিস্তান এখন ধৰ্মীয় ৰাষ্ট্ৰ বুলি সংবিধান প্ৰদত্ত৷ ধৰ্মীয় গোড়ামী ৰাষ্ট্ৰখনত বসবাস কৰা হিন্দুসকলে পদে-পদে ভয়- শংকাৰ মাজত দিন অতিবাহিত কৰা বাতৰিয়ে সদায়ে সংবাদ শিৰোনাম দখল কৰা খবৰ আমি শুনিবলৈ পাওঁ৷


প্ৰথমে আহো পাকিস্তানত থকা মুঠ হিন্দুৰ সংখ্যা৷ দেশ বিভাজনৰ আগতে বিভাজনৰ আগতে, ১৯৪১ চনৰ লোকপিয়ল অনুসৰি, পশ্চিম পাকিস্তানৰ (বৰ্তমান পাকিস্তান) জনসংখ্যাৰ ১৪% আৰু পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) জনসংখ্যাৰ ২৮% হিন্দু আছিল। পাকিস্তানে ব্ৰিটিছ ৰাজৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত পশ্চিম পাকিস্তানৰ ৪.৭ নিযুত হিন্দু আৰু শিখ শৰণাৰ্থী হিচাপে ভাৰতলৈ গুচি যায়। তাৰ পাছত ১৯৫১ চনত প্ৰথম লোকপিয়লত হিন্দুসকল পশ্চিম পাকিস্তানৰ (বৰ্তমানপাকিস্তান) মুঠ জনসংখ্যাৰ ১.৬%, আৰু পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) ২২% আছিল। শেহতীয়া তথ্য অনুসৰি, ২০১৭ চনৰ লোকপিয়লত ৪৪৪,৪৮৭০জন হিন্দু অন্তৰ্ভুক্ত কৰা হৈছিল যি পাকিস্তানৰ মুঠ জনসংখ্যাৰ ২.১৪%। অৱশ্যে, পাকিস্তান হিন্দু পৰিষদে দাবী কৰে যে ২০২০ চনলৈকে হিন্দু জনসংখ্যা প্ৰায় ৪ নিযুত আছিল৷ পাকিস্তানৰ হিন্দু জনসংখ্যাৰ বেছিভাগ সিন্ধু প্ৰদেশত বসতি স্থাপন কৰে য'ত তেওঁলোকে মুছলমান বাসিন্দাসকলৰ সৈতে সংস্কৃতি, পৰম্পৰা আৰু ভাষা ভাগ বতৰা কৰে৷


এতিয়া প্ৰশ্ন হয় যে ধৰ্মীয় ৰাষ্ট্ৰখনত বসবাস কৰা অ-মুছলমানসকল সুৰক্ষিত হয়নে? অন্যান্য ধৰ্মীয় সংখ্যালঘুসকলৰ ভিতৰত পাকিস্তানত হিন্দু, খ্ৰীষ্টান, শিখ সম্প্ৰদায়ৰ লোকসকলে বাস কৰে৷ পাকিস্তানত হিন্দুসকলৰ বিৰুদ্ধে হিংসা আৰু বৈষম্যৰ বহুতো ঘটনা সংঘটিত হৈছে। হিংসাত্মক আৰু বৈষম্য ঘটনাসমূহৰ ভিতৰত, সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকল বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু বিবাহৰ লক্ষ্য হৈ আহিছে লগতে হিন্দু মহিলাসকল বলপূৰ্বকভাৱে ধৰ্ষণৰ বলি হ’ব লগা হৈছে৷ এই হিংসা বৈষ্যমৰ মাজতো পাকিস্তানত হিন্দুসকলৰ বাবে আছুতীয়াকৈ ধৰ্মীয় উপাসনাস্থলী আছে৷ পাকিস্তানত থকা মুখ্য হিন্দু মন্দিৰবোৰ হৈছে শ্ৰী হিংলাজ মাতা মন্দিৰ, য'ত ২৫০,০০০ তকৈয়ো অধিক তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰে, শ্ৰী ৰামদেৱ পীৰ মন্দিৰ, এই মন্দিৰত বাৰ্ষিক ৰামদেৱপীৰ মেলা হয় আৰু এই মন্দিৰ হৈছে পাকিস্তানৰ দ্বিতীয় সৰ্ববৃহৎ হিন্দু তীৰ্থযাত্ৰাৰ মন্দিৰ, উমাৰকোট শিৱমন্দিৰ। চুৰিঅ জবল দুৰ্গা মাতা মন্দিৰ ইত্যাদি৷

পাকিস্তানত থকা এটা হিন্দু মন্দিৰ

হিন্দুৰ এই মঠ-মন্দিৰ সমূহতো বহু সময়ত পাকিস্তানৰ মুছলমান লোকসকলে লণ্ড-ভণ্ড কৰি আহিছে৷ ২০২০ চনৰ ডিচেম্বৰ মাহত এটা শতিকা পুৰণি হিন্দু মন্দিৰ ভাঙি পেলাইছিল। সেই ঘটনাৰ তদন্ত বৰ্তমানেও পাকিস্তানৰ ন্যায়ালয়ত চলি আছে৷ ইয়াৰ আগতে ১৯৯৭ চনত, শ্ৰী পৰম হংসজী মহাৰাজ সমাধি মন্দিৰত মুছলমানলোক সকলৰ প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছিল৷ আদালতত বিচাৰাধীন হৈ থকা বিষয়টো ১৮ বছৰৰ পাছত অৰ্থাৎ ২০১৫ চনত ন্যায়ালয়ে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। পাকিস্তানৰ হিন্দু সমাজৰ ওপৰত মুছলমানসকলে কৰা এনে বৰ্বৰ অত্যাচাৰৰ ঘটনা এনে বহুটো উদাহৰণ উলাব৷ আমাৰ পৰৱৰ্তী প্ৰতিবেদনত পাকিস্তানত থকা হিন্দুসকলৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থা, তেওঁলোকৰ জীৱন ধাৰণাৰ প্ৰণালী, তেওঁলোকৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে তথ্য সহকাৰে প্ৰকাশ পাব…


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ