--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ ভয়াৱহ ভৱিষ্যতলৈ আগবাঢ়িছে দেশৰ অৰ্থনীতি৷ হিতাধিকাৰী সৃষ্টিয়ে সামগ্ৰিকভাৱে ক্ষতি কৰিছে ভাৰতৰ অৰ্থনীতিৰ৷ আৰু সেইবাবেই অৱশেষত উচ্চতম ন্যায়ালয়েও কেন্দ্ৰক বাধা আৰোপ কৰিছে হিতাধিকাৰী সৃষ্টিত৷ দেশৰ অৰ্থনীতিৰ বাবে বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে৷ মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণহীনতা আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱনমনে ভাৰতীয় অৰ্থনীতিক ঠেলি দিছে গভীৰ সংকটৰ মাজলৈ৷

আজি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৬ পইচা হ্ৰাস হৈ ৭৯.৩১লৈ অৱনমিত হৈছে৷ ইপিনে, ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতিৰ হাৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল যদিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু খাদ্যদ্ৰব্যৰ দাম নিয়ন্ত্ৰণত ক্ৰমাগত ছমাহ ধৰি সফল হ’ব পৰা নাই মোদী চৰকাৰ৷

সংকটে ছানি ধৰিছে ভাৰতীয় অৰ্থনীতি৷ টকাৰ মূল্য হ্ৰাস, জিএছটিৰ অৱনমনে দেশৰ অৰ্থনীতিক কোঙা কৰি তোলাৰ সময়তে আহিছে ইটোৰ পিছত সিটো উদ্বেগজনক খবৰ৷ জিএছটি প্ৰৱৰ্তন, আকস্মিক বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিলৈ বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই অনা বুলি মত ব্যক্ত কৰিছিল দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদসকলে৷

আনকি, দেশৰ বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ বাবেই পদত্যাগ পৰ্যন্ত কৰিবলগীয়া হৈছিল ৰিজাৰ্ভ বেংক  অব ইণ্ডিয়াৰ গৱৰ্ণৰে৷ নবেলজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে ইতিমধ্যে কেইবাবাৰো কেন্দ্ৰীয় চৰকাৰক দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ পৰামৰ্শ দি আহিছে৷ কিন্তু, এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই৷ বিধ্বস্ত অৰ্থনীতিৰ প্ৰতি পিঠি দি ধৰ্ম‌, ভাষা জাতীয় সংবেদনশীল বিষয়ৰ অৱতাৰণাৰে জনসাধাৰণক ব্যস্ত কৰি ৰখাৰ মৃদু কৌশল অৱলম্বন কৰাহে পৰিলক্ষিত হয়৷ আৰু মৌলিক বিষয়ৰ অৱতাৰণা নকৰাকৈ স্থূল বিষয়েৰে ঢাকি ৰখা হয় ভগ্ন অৰ্থনীতিৰ কংকালসাৰ জঁকা৷

মুদ্ৰাস্ফীতিৰ সমান্তৰালভাৱে ডলাৰৰ বিপৰীতে টকাৰ মূল্যমান হ্ৰাসেও প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ভাৰতীয় অৰ্থনীতিলৈ৷ ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাসে নিজেই নিজৰ অভিলেখ ভংগ কৰিছে৷ বৈদেশিক প্ৰাতিষ্ঠানিক বিনিয়োগকাৰীৰ ভাৰত ত্যাগৰ বাবেই টকাৰ বাবেই মূল্যমান হ্ৰাস পাইছে বুলি অৰ্থনীতিবিদসকলে সিদ্ধান্তলৈ আহিছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে যদি শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা হাতত নল’লে দুই-তিনিদিনৰ ভিতৰতে প্ৰতি ডলাৰৰ মূল্যই পুনৰ ৮০ টকাৰ ঘৰ অতিক্ৰম কৰিব৷

এনে পৰিস্থিতিত দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে যে অনাগত দিনত ভাৰতবৰ্ষই ভয়াৱহ সংকটৰ গ্ৰাসত পৰিব সেয়া ধূৰুপ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য