--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাখীবন্ধনৰ পূৰ্বে এগৰাকী ভনীয়েকে ককায়েকক দিলে এক নতুন জীৱন। ৰাখীবন্ধনৰ প্ৰবিত্ৰ ক্ষণত সেই ভাতৃজনৰ  বাবে ইয়াতকৈ ডাঙৰ উপহাৰ একোৱেই হ’ব নোৱাৰিলেহেঁতেন। উত্তৰাখণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়ত  এজন ২২ বছৰীয়া যুৱকক কিডনী আৰু লিভাৰ দান কৰা হয়। যুৱকজনৰ দুয়োটা অংগ-প্ৰত্যংগ এদিনতে সলনি হ’ল। যুৱকজনৰ ২৭ বছৰীয়া জ্যেষ্ঠ ভগ্নীয়ে এটা লিভাৰ আৰু ৪৬ বছৰীয়া মাতৃয়ে এটা কিডনী দান কৰে যুৱকজনক চিকিৎসকৰ মতে, উক্ত যুৱকজন ৭ বছৰ বয়সৰ পৰাই ‘বিৰল জিনীয়’ ৰোগত আক্ৰান্ত হৈ আছিল।

বুধবাৰে চিকিৎসকে জনোৱা মতে, যুৱকজনৰ প্ৰাইমেৰী হাইপাৰঅক্সিলুৰিয়া টাইপ ১ নামৰ জিনৰ বিসংগতি আছে, যিটো এজিএক্সটি( AGXT ) জিনৰ মিউটেছন যিয়ে লিভাৰৰ কাৰ্য্যক্ষমতা হ্ৰাস কৰে। যিহেতু যুৱকজনৰ লিভাৰে এনজাইম উৎপন্ন কৰা নাছিল, সেয়েহে ই কিডনিকে ধৰি অন্যান্য অংগসমূহত বেয়া প্ৰভাৱ পেলাইছিল। এই জিনৰ অনুপস্থিতি বা বিসংগতিৰ ফলত শৰীৰত অক্সালেট অত্যধিক জমা হয় বুলিও তেওঁ কয়

এই ৰোগৰ ফলত বৃক্ক আৰু অন্যান্য অংগ যেনে হৃদযন্ত্ৰ, হাড়, ৰক্তবাহী নলী আদিত অদ্ৰৱণীয় কেলচিয়াম অক্সালেট স্ফটিক জমা হ’বলৈ আৰম্ভ কৰে বুলি চিকিৎসালয়খনে এক বিবৃতিত প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও শৰীৰৰ আন অংগসমূহতো গুৰুতৰ প্ৰভাৱ পেলায়, যাৰ ফলত অংগ-প্ৰত্যংগবোৰ ক্ষতিগ্ৰস্ত হয়।

কেইবাবছৰ ধৰি গৃহ চহৰত চিকিৎসাধীন হৈ আছিল যুৱকজন। শেহতীয়াকৈ নিয়মীয়া হেমোডায়েলাইছিছ ( Hemodialysis ) আৰম্ভ কৰিছে তেওঁ কয়, এইবাৰ যুৱকজনৰ অৱস্থা বৃক্ক বিকল হোৱাৰ শেষ পৰ্যায়ত উপনীত হৈছে, তাৰ পিছত ৬ জুনত তেওঁক এপ’ল’ হাস্পতালত ভৰ্তি কৰা হয়।

চিকিৎসালয়খনৰ নেফ্ৰ’লজী এণ্ড মাল্টি অৰ্গেন ট্ৰান্সপ্লাণ্ট ইউনিটৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ কৈলাশনাথ সিঙে তৎকালীনভাৱে কিডনী আৰু লিভাৰ ট্ৰান্সপ্লাণ্ট অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে। তাৰ পিছত ৭ জুনত চিকিৎসালয়খনত জ্যেষ্ঠ পৰামৰ্শদাতা অস্ত্ৰোপচাৰ বিশেষজ্ঞ সন্দীপ গুলেৰিয়া আৰু জ্যেষ্ঠ যকৃত প্ৰতিস্থাপন ডাঃ নিৰৱ গোয়ালৰ তত্বাৱধানত ১৬ ঘণ্টীয়া দীঘলীয়া বৃক্ক আৰু যকৃত প্ৰতিস্থাপন অস্ত্ৰোপচাৰ কৰা হয়। চিকিৎসকে কয় যে পৃথিৱীত অতি কম সংখ্যক লোকৰহে এই ৰোগ হৈছে।

ডাঃ গুলেৰিয়াই কয় যে ‘প্ৰাইমেৰী হাইপাৰঅক্সিলুৰিয়া টাইপ ১ এটা বিৰল জিনীয় অৱস্থা। প্ৰথম লক্ষণ হ’ল বৃক্কত পাথৰ হোৱা। কিডনীত পাথৰ হোৱাৰ চিকিৎসাত পলম কৰিব নালাগে এই ধৰণৰ ৰোগ মাৰাত্মক হ’ব পাৰে। সেয়ে ২২ বছৰীয়া যুৱকজনক ততাতৈয়াকৈ কিডনী আৰু লিভাৰ ট্ৰান্সপ্লাণ্টৰ বাবে পৰামৰ্শ দিয়া হয়। পৰীক্ষাৰ অন্তত মাতৃৰ বৃক্ক আৰু ভনীয়েকৰ যকৃত প্ৰতিস্থাপনৰ বাবে উপযোগী বুলি ধৰা পৰে।

প্ৰাথমিক হাইপাৰঅক্সিলুৰিয়াৰ আটাইতকৈ সাধাৰণ কাৰণটো হ’ল জিনীয়। এই ৰোগৰ প্ৰথম লক্ষণ হ’ল বৃক্কত পাথৰ সৃষ্টি হোৱা। বাৰম্বাৰ চিকিৎসা কৰাৰ পাছতো অংগটোত অক্সালেট জমা হোৱাৰ ফলত বৃক্কত পাথৰ হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ