--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰ্থনৈতিক সংকটে গ্ৰাস কৰা পাকিস্তানত অনুষ্ঠিত হ’ব  উপ-নিৰ্বাচন৷  পাকিস্তানৰ নিৰ্বাচন আয়োগে সিদ্ধান্ত লৈছে যে চলিত বৰ্ষৰ ১৬ মাৰ্চত পাকিস্তানত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা  হ'ব।পাকিস্তানৰ উপ-নিৰ্বাচনত ইমৰান খানে নিজেই ৩৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ নেতা ফাৱাদ চৌধুৰীয়ে টুইটাৰত এইকথা প্ৰকাশ কৰিছে৷ 

ফাৱাদে টুইটত কয়  যে ইমৰান খান হৈছে ৩৩ টা উপ-নিৰ্বাচনত তেহৰিক-ই-ইনচাফৰ প্ৰাৰ্থীয়ে ভাগ ল’ব।
দলটোৰ নেতা শ্বাহ মেহমুদ কুৰেছিয়ে কয় যে তেওঁ আশাবাদী যে ১৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত সকলোৱে খানকে ভোট দিব। তেওঁ লগতে কয় যে সকলোৰে এতিয়াও ইমৰানৰ ওপৰত বিশ্বাস আছে, ভোটৰ জৰিয়তে সেয়া স্পষ্ট হ’ব ৷

উল্লেখ্য ২০২২ চনৰ এপ্ৰিলত দলৰ মুৰব্বী ইমৰান খানক নেচনেল এচেম্বলীৰ পৰা বহিষ্কাৰ কৰাৰ পিছত পিটিআই দলৰ কেইবাজনো সদস্যই সংসদৰ নিম্ন সদনৰ পৰা পদত্যাগ কৰিছিল।

পিটিআইৰ ৩৫ জনতকৈও অধিক সদস্যই অধ্যক্ষ ৰাজা পাৰভাইজ আশ্ৰাফলৈ পদত্যাগ প্ত্ৰ প্ৰেৰণ কৰিছিল। ফলস্বৰূপে দেশ খনৰ সদনত বহু  আসন খালী হৈ পৰিছে। কুৰেছিয়ে কয় যে সংবিধানৰ নিয়ম অনুসৰি আসন এখন  খালী হোৱাৰ ৯০  দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। সেয়েহে, উপ-নিৰ্বাচনৰ তাৰিখ ১৬ মাৰ্চত নিৰ্ধাৰণ কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ