--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমীয়াত এষাৰ প্ৰচলিত বচন আছে, “আম পাৰিবলৈ ফৰ্মূটি পঠালো; আমো নাই ফৰ্মূটিও নাই।” কাৰ্যত: এই বচন ফাঁকিৰে বহি:প্ৰকাশ ঘটিল মহাৰাষ্ট্ৰৰ ৰাজনীতিত। ৰাজনৈতিক অস্থিৰতাই গ্ৰাস কৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ শিবিৰত বাৰুকৈয়ে অথন্তৰ ঘটাই এজন বিধায়কে কৰিছে এক আজৱ কাণ্ড। মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ নেতৃত্ব দিয়া কেবিনেট মন্ত্ৰী একনাথ সিন্দে আৰু তেওঁৰ সমৰ্থক বিসম্বাদী বিধায়কসকলে প্ৰায় পতন ঘটাবলৈ আগবাঢ়িছে উদ্ধৱ ঠাকৰে চৰকাৰক।

চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সূচনা কৰি বৰ্তমান গুৱাহাটীত আশ্ৰয় লৈ থকা সিন্দে আৰু তেওঁৰ সতীৰ্থ বিধায়কসকলে পোনপ্ৰথমে মহাৰাষ্ট্ৰৰ পৰা গৈ গুটৰাটৰ চুৰাটত আত্মগোপন কৰিছিল। বিদ্ৰোহী বিধায়কসকলৰ সৈতে আলোচনা কৰিবলৈ মঙলবাৰে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই তেওঁৰ ব্যক্তিগত সচিব মিলিন্দ নাৰ্ভেকাৰৰ সৈতে শিৱসেনাৰ নেতা ৰবীন্দ্ৰ ফাটকক চুৰাটলৈ প্ৰেৰণ কৰিছিল।

চুৰাটৰ এখন হোটেলত আশ্ৰয় লৈ থকা বিসম্বাদী বিধায়কসকলক সাক্ষাৎ কৰি দুয়োগৰাকীয়ে আলোচনাত মিলিত হয়। কিন্তু আলোচনাত কোনো সফলতা লাভ নকৰাৰ পিছত তেওঁলোক দুয়ো একেদিনাই মুম্বাইলৈ উভতি যায়। আনহাতে সেই দিনাই নিশা বিসম্বাদী শিবিৰটোৱে নতুন আশ্ৰয়স্থলৰ সন্ধানত চুৰাটৰ পৰা অসমলৈ উৰা মাৰে।

কিন্তু বিসম্বাদী নেতাক বুজাবলৈ পঠিওৱা এই ফাটক নামৰ নেতাগৰাকীয়েই এইবাৰ ঠাকৰে শিবিৰ ত্যাগ কৰি গুৱাহাটীত বাহৰ পতা বিদ্ৰোহী শিবিৰত যোগদান কৰিছে। বৃহস্পতিবাৰে শিৱসেনাৰ দুগৰাকী বিধায়কৰ সৈতে ৰবীন্দ্ৰ ফাটকো একনাথ সিন্দেৰ নেতৃত্বাধীন বিদ্ৰোহী শিবিৰত যোগদান কৰিবলৈ গুৱাহাটীত উপস্থিত হয়।

ফাটকৰ সৈতে গুৱাহাটীত উপস্থিত হোৱা আন দুজন শিৱসেনা বিধায়ক হৈছে ক্ৰমে সঞ্জয় ৰাথোড় আৰু দাদাজী ভুছে। ভুছে মহা বিকাশ আঘাৰী চৰকাৰৰ এজন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। 

ইফালে, শিৱসেনাৰ বিধায়কসকলৰ পাছতে এইবাৰ শিৱসেনাৰ সাংসদ আৰু কাউঞ্চিলৰসকলেও একনাথ সিন্দেৰ শিবিৰলৈ সমৰ্থন আগবঢ়োৱা দেখা গৈছে। ইতিমধ্যে গুৱাহাটীত শিবিৰ পাতি থকা ৩৭ জন বিদ্ৰোহী শিৱসেনাৰ বিধায়কে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নৰহাৰী জীৰৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰি একনাথ সিন্দেক তেওঁলোকৰ নেতা হিচাপে ঘোষণা কৰিছে। 

আনহাতে কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতাৰ বিৰোধ কৰি বিজেপিৰ সৈতে মিত্ৰতাৰ দাবী তোলা একনাথ সিন্দেই আজি তেওঁৰ সৈতে শিৱসেনাৰ ৪০ জন বিধায়কৰ লগতে মুঠ ৫০ জন বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰিছে। এনে পৰিস্থিতিত মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মহা বিকাশ আঘাৰী চৰকাৰৰ পতন প্ৰায় নিশ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান