--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমীয়াত এষাৰ প্ৰচলিত বচন আছে, “আম পাৰিবলৈ ফৰ্মূটি পঠালো; আমো নাই ফৰ্মূটিও নাই।” কাৰ্যত: এই বচন ফাঁকিৰে বহি:প্ৰকাশ ঘটিল মহাৰাষ্ট্ৰৰ ৰাজনীতিত। ৰাজনৈতিক অস্থিৰতাই গ্ৰাস কৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ শিবিৰত বাৰুকৈয়ে অথন্তৰ ঘটাই এজন বিধায়কে কৰিছে এক আজৱ কাণ্ড। মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ নেতৃত্ব দিয়া কেবিনেট মন্ত্ৰী একনাথ সিন্দে আৰু তেওঁৰ সমৰ্থক বিসম্বাদী বিধায়কসকলে প্ৰায় পতন ঘটাবলৈ আগবাঢ়িছে উদ্ধৱ ঠাকৰে চৰকাৰক।

চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সূচনা কৰি বৰ্তমান গুৱাহাটীত আশ্ৰয় লৈ থকা সিন্দে আৰু তেওঁৰ সতীৰ্থ বিধায়কসকলে পোনপ্ৰথমে মহাৰাষ্ট্ৰৰ পৰা গৈ গুটৰাটৰ চুৰাটত আত্মগোপন কৰিছিল। বিদ্ৰোহী বিধায়কসকলৰ সৈতে আলোচনা কৰিবলৈ মঙলবাৰে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই তেওঁৰ ব্যক্তিগত সচিব মিলিন্দ নাৰ্ভেকাৰৰ সৈতে শিৱসেনাৰ নেতা ৰবীন্দ্ৰ ফাটকক চুৰাটলৈ প্ৰেৰণ কৰিছিল।

চুৰাটৰ এখন হোটেলত আশ্ৰয় লৈ থকা বিসম্বাদী বিধায়কসকলক সাক্ষাৎ কৰি দুয়োগৰাকীয়ে আলোচনাত মিলিত হয়। কিন্তু আলোচনাত কোনো সফলতা লাভ নকৰাৰ পিছত তেওঁলোক দুয়ো একেদিনাই মুম্বাইলৈ উভতি যায়। আনহাতে সেই দিনাই নিশা বিসম্বাদী শিবিৰটোৱে নতুন আশ্ৰয়স্থলৰ সন্ধানত চুৰাটৰ পৰা অসমলৈ উৰা মাৰে।

কিন্তু বিসম্বাদী নেতাক বুজাবলৈ পঠিওৱা এই ফাটক নামৰ নেতাগৰাকীয়েই এইবাৰ ঠাকৰে শিবিৰ ত্যাগ কৰি গুৱাহাটীত বাহৰ পতা বিদ্ৰোহী শিবিৰত যোগদান কৰিছে। বৃহস্পতিবাৰে শিৱসেনাৰ দুগৰাকী বিধায়কৰ সৈতে ৰবীন্দ্ৰ ফাটকো একনাথ সিন্দেৰ নেতৃত্বাধীন বিদ্ৰোহী শিবিৰত যোগদান কৰিবলৈ গুৱাহাটীত উপস্থিত হয়।

ফাটকৰ সৈতে গুৱাহাটীত উপস্থিত হোৱা আন দুজন শিৱসেনা বিধায়ক হৈছে ক্ৰমে সঞ্জয় ৰাথোড় আৰু দাদাজী ভুছে। ভুছে মহা বিকাশ আঘাৰী চৰকাৰৰ এজন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। 

ইফালে, শিৱসেনাৰ বিধায়কসকলৰ পাছতে এইবাৰ শিৱসেনাৰ সাংসদ আৰু কাউঞ্চিলৰসকলেও একনাথ সিন্দেৰ শিবিৰলৈ সমৰ্থন আগবঢ়োৱা দেখা গৈছে। ইতিমধ্যে গুৱাহাটীত শিবিৰ পাতি থকা ৩৭ জন বিদ্ৰোহী শিৱসেনাৰ বিধায়কে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নৰহাৰী জীৰৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰি একনাথ সিন্দেক তেওঁলোকৰ নেতা হিচাপে ঘোষণা কৰিছে। 

আনহাতে কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতাৰ বিৰোধ কৰি বিজেপিৰ সৈতে মিত্ৰতাৰ দাবী তোলা একনাথ সিন্দেই আজি তেওঁৰ সৈতে শিৱসেনাৰ ৪০ জন বিধায়কৰ লগতে মুঠ ৫০ জন বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰিছে। এনে পৰিস্থিতিত মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মহা বিকাশ আঘাৰী চৰকাৰৰ পতন প্ৰায় নিশ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি