--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ শিৱসেনাৰ ৫০ গৰাকীতকৈও অধিক বিধায়কে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে সমৰ্থন আগবঢ়াইছে একনাথ সিন্দেক৷ গুৱাহাটীত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী মন্ত্ৰীগৰাকীৰ এই দাবীয়ে এতিয়া আউল লগাইছে উদ্ধৱ থাকৰেৰ অংকত৷ 

 

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰে হোৱা এক আছুতীয়া বাৰ্তালাপত শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেয়ে কৈছে যে ৫০ জনতকৈও অধিক বিধায়কে উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে তেওঁৰ বিদ্ৰোহত তেওঁক সমৰ্থন কৰিছে। বিজেপিশাসিত অসমত শিবিৰ পাতি থকা সিন্দেয়ে এক বিশেষ সাক্ষাৎকাৰত কয় যে তেওঁলোকৰ লগত থকা প্ৰায় ৪০জন বিধায়ক শিৱসেনাৰ৷


যিসকলে আমাৰ ভূমিকাৰ ওপৰত বিশ্বাস ৰাখে তেওঁলোকে আমাৰ সৈতে যোগ দিব। আমি বালাচাহেব থাকৰেৰ আদৰ্শক আগবঢ়াই নিব বিচাৰো, যিসকলে ইয়াক ভাল পায় তেওঁলোক আহিব৷  বিদ্ৰোহীসকলে বালাচাহেব থাকৰেৰ শিৱসেনা এৰি যোৱা নাই বুলি জোৰ দি এই মন্তব্য কৰে একনাথ সিন্দেয়ে৷

 

সিন্দেয়ে লগতে কয় যে বিদ্ৰোহী বিধায়কসকলৰ বিৰুদ্ধে অযোগ্যতাৰ জাননী দাখিল কৰিবলৈ গ্ৰহণ কৰা শিৱসেনাৰ পদক্ষেপ অবৈধ৷ সেয়া কৰিবলৈ তেওঁলোকৰ কোনো অধিকাৰ নাই। আমি সংখ্যাগৰিষ্ঠ আৰু গণতন্ত্ৰত সংখ্যা গুৰুত্বপূৰ্ণ। সেয়া অবৈধ, আনকি তেওঁলোকে নিলম্বন কৰিব নোৱাৰে৷ 

 

মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ মাজত কোনো আলোচনা হোৱা নাই বুলি উল্লেখ কৰি ৩৭ জন বিধায়কে ৰাজ্যপাল আৰু উপাধ্যক্ষলৈ পত্ৰ লিখি একনাথ সিন্দেক বিধায়িনী দলৰ নেতা ৰখা হৈছে বুলি জানিব পৰা গৈছে। উদ্ধৱ থাকৰেয়ে উপাধ্যক্ষৰ ওচৰত ১২ গৰাকী বিদ্ৰোহীৰ বাবে অযোগ্যতাৰ আবেদন দাখিল কৰাৰ অলপ পাছতে এই পদক্ষেপ লোৱা হৈছিল।

 

তাৰ মাজতে সিন্দেৰ এটা টুইটে ঘটনাক্ৰমক দিছে নতুন গতি৷ এটা টুইটত উদ্ধৱ থাকৰেক উদ্দেশ্যি তেওঁ লিখিছে, আপুনি কাক ভয় খুৱাবলৈ চেষ্টা কৰি আছে? আমি আপোনাৰ মেক-আপ আৰু আইনো জানো! সংবিধানৰ দশম অনুসূচী অনুসৰি হুইপটো বিধানসভাৰ কামৰ বাবে, সভাৰ বাবে নহয়। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অসংখ্য সিদ্ধান্ত আছে৷ 

 

একনাথ শিন্দেয়ে সেনাক কংগ্ৰেছ আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি বা এনচিপিৰ সৈতে ইয়াৰ অপ্ৰাকৃতিক মিত্ৰতা ভংগ কৰিবলৈ আৰু বিজেপিৰ সৈতে মিত্ৰতা পুনৰ্স্থাপন কৰিবলৈ আৰু ৰাজ্যখন শাসন কৰিবলৈ দাবী জনাইছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি