--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড এক মহাসমুদ্ৰৰ সমান। ইয়াৰ মাজতে লুকাই আছে বহু অজানা ঘটনা। সময়ে সময়ে এই ঘটনাবোৰে সমাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দেখা যায়। শেহতীয়াকৈ, বলীউডৰ বিগ-বি অমিতাভ বচ্চনৰ প্ৰসংগত এটি অজানা তথ্য পোহৰলৈ আহিছে। শ্বুটিং চলাকালীন সময়তে সংঘটিত হৈছিল এই ঘটনা। এটি ব’ল্ড দৃশ্যত অভিনয়ৰ প্ৰসংগক লৈ সৃষ্টি হৈছিল এই ঘটনাটো। বিগ-বিৰ সৈতে অভিনয় কৰিবলৈ গৈ এগৰাকী অভিনেত্ৰীয়ে ওৰে নিশা কান্দিবলগীয়া হৈছিল। পোহৰলৈ আহিছে এই গোপন ঘটনাৰ প্ৰকৃত সত্য।

মন কৰিবলগীয়া যে 'নমক হালাল' বলীউডৰ অন্যতম জনপ্ৰিয় চলচ্চিত্ৰ। ১৯৮২ চনত এই ছবিখনে মুক্তিলাভ কৰিছিল। ছবিখনৰ অন্যতম জনপ্ৰিয় এটি গীত হৈছে 'আজ ৰাপত জায়ে তো…'। ছবিখনত অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছিল স্মিতা পাটিলে। সেই সময়ত আটাইতকৈ জনপ্ৰিয় আগশাৰীৰ অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী আছিল স্মিতা পাটিল। সেই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়তে ঘটিছিল এই অনাকাংক্ষিত ঘটনা। 'আজ ৰাপত জায়ে তো…'গীতৰ দৃশ্যত সাহসী দৃশ্যত অভিনয় কৰিছিল দুয়ো। এই দৃশ্যটোত অভিনয় কাৰৰ পাছত ওৰে নিশা টোপনি যোৱা নাছিল অভিনেত্ৰী।

জানিবলৈ পোৱা মতে, এনে ব’ল্ড দৃশ্যত অভিনয় কৰিব লাগিব বুলি খবৰ পোৱাৰ পাছতে উদ্বিগ্ন হৈ পৰিছিল স্মিতা পাটিল। ওৰে নিশা কন্দিছিল এইগৰাকী অভিনেত্ৰী। কথাষাৰ অমিতাভৰ কাণত পৰাত তেওঁ গৈ অভিনেত্ৰীক বুজনি দিয়া বুলিও প্ৰকাশ পাইছে। তেওঁ কৈছিল যে,  ছবিখনৰ পৰিচালক আৰু দৃশ্যটোৰ চাহিদাৰ বাবে এনে সাহসী দৃশ্যত অভিনয় কৰিবলগীয়া হৈছিল তেওঁ।  অৱশ্যে, সেই সময়ত ভাগি পৰিছিল অভিনেত্ৰী স্মিতা পাটিলে। পৰৱৰ্তী সময়ত অৱশ্যে সকলোবোৰ পুনৰ স্বাভাৱিক হৈ পৰে। ছবিখনে ব’ক্স অফিচত যথেষ্ট সঁহাৰি লাভ কৰিছিল। অমিতাভ বচ্চনৰ 'নমক হালাল' দৰ্শকৰ মাজত বহুত জনপ্ৰিয়। শেহতীয়াকৈ, এই ঘটনাৰ উৎসৰ পৰাই পুনৰ চৰ্চালৈ আহিছে এই অনস্ক্ৰীণ যুটি।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
অসম কন্যা নিয়ৰ পাৰিজাতলৈ শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান
সীমান্তস্তম্ভ ধ্বংসৰে ভূমি দখলৰ অপচেষ্টা খাছি দুর্বৃত্তৰ
ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ দখল দিব্যা দেশমুখৰ
নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিলৰ দাবী গ্ৰেণ্ড মুফতি কাৰ্যালয়ৰ
অপাৰেচন মহাদেৱৰ সাফল্য ; ভাৰতীয় সেনাৰ আক্ৰমণত নিহত পেহেলগাম কাণ্ডত জড়িত ৩ সন্ত্রাসবাদী
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত সংকটত চাকৰি; জটিল সমাজ ব্যৱস্থাত নতুন চিন্তা
ৰে’লৰ পৰা কম্বল, আঠুৱা, টাৱেল চুৰি কৰিলে ৫ বছৰ পৰ্যন্ত জে'ল! নিয়ম জানি লওক
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে