--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাপ্পাৰাজীৰ কবলত পৰি হতভম্ব হৈ পৰিল ব্ৰিটেইনৰ ৰাজকুমাৰ হেৰী আৰু তেওঁৰ পত্নী মেঘান মাৰ্কলে।  মঙলবাৰে নিশা ৰাজকুমাৰ হেৰী আৰু মেঘানৰ টীমটোক পাপাৰাজ্জিয়ে এক বিপজ্জনকভাৱে অনুসৰণ কৰিছিল।

এই কাণ্ডই ১৯৯৭ চনত ৰাজকুমাৰ হেৰীৰ মাতৃ ৰাজকুমাৰী ডায়েনাৰ মৃত্যু ঘটা গাড়ী দুৰ্ঘটনাৰ স্মৃতিলৈ মনত পেলাই দিলে। পাপাৰাজ্জিয়ে খেদি ফুৰাৰ ফলতে ডায়েনাৰ মৃত্যু হৈছিল।

বুধবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি, হেৰী আৰু মেঘানৰ কাৰ্যালয়ে নিউয়ৰ্ক চহৰত ৰাজকীয় দম্পতীহালে এটা চেৰিটি ইভেণ্ট এৰি যোৱাৰ পিছতে সংঘটিত হোৱা ‘প্ৰায় বিপজ্জনক’ (near catastrophic) অনুসৰণৰ বৰ্ণনা কৰিছে।

সংবাদ মাধ্যমৰ বাতৰিত তেওঁলোকৰ মুখপাত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে মঙলবাৰে নিউয়ৰ্কত অনুষ্ঠিত হোৱা এটা চেৰিটি অনুষ্ঠানৰ পৰা ওলাই অহাৰ পিছত এই যুটি আৰু মেঘানৰ মাতৃ ড’ৰিয়া ৰেগলেণ্ডক দুঘণ্টাৰো অধিক সময় আধা ডজন বাহনে অনুসৰণ কৰিছিল।

বুধবাৰে তেওঁলোকৰ দলটোৱে এক বিবৃতিত কয় যে দম্পতীহালৰ ফটো তুলিবলৈ ‘অতি আক্ৰমণাত্মক পাপাৰাজ্জিৰ হাতত’ অতিষ্ঠ হৈ পলোৱাৰ ফলত ‘ৰাস্তাত আন চালক, পথচাৰী আৰু দুজন এন ৱাই পি ডি বিষয়াৰ সৈতে একাধিক নিকট সংঘৰ্ষৰ উপক্ৰম হয়।

নিউয়ৰ্ক আৰক্ষী বিভাগে জনোৱা মতে, মঙলবাৰে নিশা বিষয়াসকলে ৰাজকীয় যুটিটোৰ নিৰাপত্তাৰ ক্ষেত্ৰত সহায় কৰিছিল যদিও তেওঁলোকে ইয়াক ‘কাৰ চেজ’ বুলি বৰ্ণনা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস