--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাপ্পাৰাজীৰ কবলত পৰি হতভম্ব হৈ পৰিল ব্ৰিটেইনৰ ৰাজকুমাৰ হেৰী আৰু তেওঁৰ পত্নী মেঘান মাৰ্কলে।  মঙলবাৰে নিশা ৰাজকুমাৰ হেৰী আৰু মেঘানৰ টীমটোক পাপাৰাজ্জিয়ে এক বিপজ্জনকভাৱে অনুসৰণ কৰিছিল।

এই কাণ্ডই ১৯৯৭ চনত ৰাজকুমাৰ হেৰীৰ মাতৃ ৰাজকুমাৰী ডায়েনাৰ মৃত্যু ঘটা গাড়ী দুৰ্ঘটনাৰ স্মৃতিলৈ মনত পেলাই দিলে। পাপাৰাজ্জিয়ে খেদি ফুৰাৰ ফলতে ডায়েনাৰ মৃত্যু হৈছিল।

বুধবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি, হেৰী আৰু মেঘানৰ কাৰ্যালয়ে নিউয়ৰ্ক চহৰত ৰাজকীয় দম্পতীহালে এটা চেৰিটি ইভেণ্ট এৰি যোৱাৰ পিছতে সংঘটিত হোৱা ‘প্ৰায় বিপজ্জনক’ (near catastrophic) অনুসৰণৰ বৰ্ণনা কৰিছে।

সংবাদ মাধ্যমৰ বাতৰিত তেওঁলোকৰ মুখপাত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে মঙলবাৰে নিউয়ৰ্কত অনুষ্ঠিত হোৱা এটা চেৰিটি অনুষ্ঠানৰ পৰা ওলাই অহাৰ পিছত এই যুটি আৰু মেঘানৰ মাতৃ ড’ৰিয়া ৰেগলেণ্ডক দুঘণ্টাৰো অধিক সময় আধা ডজন বাহনে অনুসৰণ কৰিছিল।

বুধবাৰে তেওঁলোকৰ দলটোৱে এক বিবৃতিত কয় যে দম্পতীহালৰ ফটো তুলিবলৈ ‘অতি আক্ৰমণাত্মক পাপাৰাজ্জিৰ হাতত’ অতিষ্ঠ হৈ পলোৱাৰ ফলত ‘ৰাস্তাত আন চালক, পথচাৰী আৰু দুজন এন ৱাই পি ডি বিষয়াৰ সৈতে একাধিক নিকট সংঘৰ্ষৰ উপক্ৰম হয়।

নিউয়ৰ্ক আৰক্ষী বিভাগে জনোৱা মতে, মঙলবাৰে নিশা বিষয়াসকলে ৰাজকীয় যুটিটোৰ নিৰাপত্তাৰ ক্ষেত্ৰত সহায় কৰিছিল যদিও তেওঁলোকে ইয়াক ‘কাৰ চেজ’ বুলি বৰ্ণনা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ