--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াৰ বিৰোধী দলৰ মূল নেতা লি জে-ম্যুং নিজৰ দেশতে আক্ৰমণৰ বলি হৈছে। অটোগ্ৰাফ লোৱাৰ আগতে এজন অচিনাকি আক্ৰমণকাৰীয়ে ডিঙিত কটাৰী লগাই দিলে। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ততাতৈয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। দেশৰ ৰাষ্ট্ৰপতি য়ুন চুক-য়েওলে গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক আক্ৰমণৰ গৰিহণা দিয়ে।

ৰয়টাৰ সংবাদ সংস্থাৰ মতে, বিৰোধী নেতা লীয়ে দক্ষিণ কোৰিয়াৰ দক্ষিণ উপকূলীয় বন্দৰ বুছানলৈ বিশেষ ৰাজনৈতিক ভ্ৰমণলৈ গৈছিল। তেওঁ দলৰ সমৰ্থকসকলৰ সৈতে বুছানৰ প্ৰস্তাৱিত বিমানবন্দৰ পৰিদৰ্শন কৰিছিল। সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ সৈতেও কথা পাতিছিল। সেই সময়ত হঠাৎ এজন আদবয়সীয়া ভদ্ৰলোকে লীৰ ওচৰলৈ আহিল, অটোগ্ৰাফ বিচাৰি। কোনোৱে একো বুজি পোৱাৰ আগতেই বিৰোধী দলৰ নেতাজনৰ ডিঙিৰ বাওঁফালে কটাৰীৰ মূৰটো থৈ দিয়া হ’ল। ভিৰৰ মাজত লীৰ সমৰ্থকসকলে চিঞৰি উঠিল।

বহু সমৰ্থকে বিৰোধী নেতাৰ ডিঙিৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈ ৰুমাল হাতত লৈ থকা দেখা গৈছিল। তাৰ পিছতো অৱশ্যে তেওঁৰ ৰক্তক্ষৰণ বন্ধ নহ’ল। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দক্ষিণ কোৰিয়াৰ স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে লীৰ ডিঙিত এক চেণ্টিমিটাৰ দ ঘাঁ হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও একো কোৱা নাই চিকিৎসালয় কৰ্তৃপক্ষই।

দক্ষিণ কোৰিয়াৰ বিৰোধী নেতা লি সেই দেশৰ গিয়ংগি প্ৰদেশৰ প্ৰাক্তন গৱৰ্ণৰ। ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি ইউনৰ হাতত সংকীৰ্ণভাৱে পৰাস্ত হৈছিল জনপ্ৰিয় নেতাগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ