--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াৰ বিৰোধী দলৰ মূল নেতা লি জে-ম্যুং নিজৰ দেশতে আক্ৰমণৰ বলি হৈছে। অটোগ্ৰাফ লোৱাৰ আগতে এজন অচিনাকি আক্ৰমণকাৰীয়ে ডিঙিত কটাৰী লগাই দিলে। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ততাতৈয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। দেশৰ ৰাষ্ট্ৰপতি য়ুন চুক-য়েওলে গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক আক্ৰমণৰ গৰিহণা দিয়ে।

ৰয়টাৰ সংবাদ সংস্থাৰ মতে, বিৰোধী নেতা লীয়ে দক্ষিণ কোৰিয়াৰ দক্ষিণ উপকূলীয় বন্দৰ বুছানলৈ বিশেষ ৰাজনৈতিক ভ্ৰমণলৈ গৈছিল। তেওঁ দলৰ সমৰ্থকসকলৰ সৈতে বুছানৰ প্ৰস্তাৱিত বিমানবন্দৰ পৰিদৰ্শন কৰিছিল। সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ সৈতেও কথা পাতিছিল। সেই সময়ত হঠাৎ এজন আদবয়সীয়া ভদ্ৰলোকে লীৰ ওচৰলৈ আহিল, অটোগ্ৰাফ বিচাৰি। কোনোৱে একো বুজি পোৱাৰ আগতেই বিৰোধী দলৰ নেতাজনৰ ডিঙিৰ বাওঁফালে কটাৰীৰ মূৰটো থৈ দিয়া হ’ল। ভিৰৰ মাজত লীৰ সমৰ্থকসকলে চিঞৰি উঠিল।

বহু সমৰ্থকে বিৰোধী নেতাৰ ডিঙিৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈ ৰুমাল হাতত লৈ থকা দেখা গৈছিল। তাৰ পিছতো অৱশ্যে তেওঁৰ ৰক্তক্ষৰণ বন্ধ নহ’ল। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দক্ষিণ কোৰিয়াৰ স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে লীৰ ডিঙিত এক চেণ্টিমিটাৰ দ ঘাঁ হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও একো কোৱা নাই চিকিৎসালয় কৰ্তৃপক্ষই।

দক্ষিণ কোৰিয়াৰ বিৰোধী নেতা লি সেই দেশৰ গিয়ংগি প্ৰদেশৰ প্ৰাক্তন গৱৰ্ণৰ। ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি ইউনৰ হাতত সংকীৰ্ণভাৱে পৰাস্ত হৈছিল জনপ্ৰিয় নেতাগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে