--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ এগৰাকী ৬২  বছৰীয়া  মহিলাই তেওঁৰ মৃত স্বামীৰ শুক্ৰাণুৰে  সন্তান জন্ম দিব  বিচাৰিছে। এই বিষয়ে তেওঁ অনুমতি বিচাৰি আদালতৰো কাষ চাপিছিল। অৱশেষত আদালতে মহিলা গৰাকীক তেওঁৰ মৃত স্বামীৰ   শুক্ৰাণুৰে  সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰিছে। 

প্ৰাপ্ত তথ্য অনুসৰি ২০১৯ চনত মহিলাগৰাকীৰ  ৩১ বছৰীয়া পুত্ৰ মটৰ  দুৰ্ঘটনাত নিহত হোৱাৰ পিছত দম্পতীহালে আন এটা সন্তান জন্ম দিয়াৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰিছিল।ছবছৰ পূৰ্বে  তেওঁলোকৰ ২৯ বছৰীয়া কন্যাৰো এক দুৰ্ঘটনাত মৃত্যু ঘটিছিল।  

এই বেদনাদায়ক ঘটনাবোৰে  দম্পতীহালক ৬১  বছৰীয়া স্বামীৰ শুক্ৰাণুৰে  এগৰাকী  চাৰোগেট মাতৃৰ সহায়ত সন্তান জন্ম দিয়াৰ বিষয়ে ভাবিবলৈ বাধ্য কৰোৱাইছিল। 


১৭  ডিচেম্বৰত মহিলাগৰাকীৰ  স্বামীৰো নিজৰ  ঘৰতে  মৃত্যু হোৱাৰ পিছত তেওঁৰ পত্নীয়ে চিকিৎসালয়ৰ মৰ্গত তেওঁৰ শুক্ৰাণু সংগ্ৰহ আৰু সংৰক্ষণ কৰিবলৈ বিচাৰিছিল।
কিন্তু আইনী বাধাৰ বাবে চিকিৎসালয়খনে তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছতে  মহিলাগৰাকীয়ে পশ্চিম অষ্ট্ৰেলিয়াৰ উচ্চতম ন্যায়ালয়ত জৰুৰী আদেশ বিচাৰি আবেদন কৰিছিল।  

বিজ্ঞানৰ মতে মৃত্যুৰ একৰ পৰা দুদিনৰ ভিতৰত শুক্ৰাণু  সংগ্ৰহ কৰিব পাৰি। বিচাৰক ফিওনা চিৱাৰ্ডে শুক্ৰাণু সংগ্ৰহ আৰু সঞ্চয় কৰাৰ আদেশ প্ৰদান কৰে।  আদালতে এই  আদেশটো ২১ ডিচেম্বৰতে দিছিল যদিও আদেশটোৰ কথা এতিয়াহে ৰাজহুৱা কৰা হৈছে।

ইয়াৰ পূৰ্বেও ২০২৩ চনৰ জুন মাহত এগৰাকী অষ্ট্ৰেলিয়ান মহিলাক তেওঁৰ ২৯ বছৰীয়া মৃত স্বামীৰ পৰা শুক্ৰাণু সংগ্ৰহৰ  অনুমতি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে