--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ এগৰাকী ৬২  বছৰীয়া  মহিলাই তেওঁৰ মৃত স্বামীৰ শুক্ৰাণুৰে  সন্তান জন্ম দিব  বিচাৰিছে। এই বিষয়ে তেওঁ অনুমতি বিচাৰি আদালতৰো কাষ চাপিছিল। অৱশেষত আদালতে মহিলা গৰাকীক তেওঁৰ মৃত স্বামীৰ   শুক্ৰাণুৰে  সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰিছে। 

প্ৰাপ্ত তথ্য অনুসৰি ২০১৯ চনত মহিলাগৰাকীৰ  ৩১ বছৰীয়া পুত্ৰ মটৰ  দুৰ্ঘটনাত নিহত হোৱাৰ পিছত দম্পতীহালে আন এটা সন্তান জন্ম দিয়াৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰিছিল।ছবছৰ পূৰ্বে  তেওঁলোকৰ ২৯ বছৰীয়া কন্যাৰো এক দুৰ্ঘটনাত মৃত্যু ঘটিছিল।  

এই বেদনাদায়ক ঘটনাবোৰে  দম্পতীহালক ৬১  বছৰীয়া স্বামীৰ শুক্ৰাণুৰে  এগৰাকী  চাৰোগেট মাতৃৰ সহায়ত সন্তান জন্ম দিয়াৰ বিষয়ে ভাবিবলৈ বাধ্য কৰোৱাইছিল। 


১৭  ডিচেম্বৰত মহিলাগৰাকীৰ  স্বামীৰো নিজৰ  ঘৰতে  মৃত্যু হোৱাৰ পিছত তেওঁৰ পত্নীয়ে চিকিৎসালয়ৰ মৰ্গত তেওঁৰ শুক্ৰাণু সংগ্ৰহ আৰু সংৰক্ষণ কৰিবলৈ বিচাৰিছিল।
কিন্তু আইনী বাধাৰ বাবে চিকিৎসালয়খনে তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছতে  মহিলাগৰাকীয়ে পশ্চিম অষ্ট্ৰেলিয়াৰ উচ্চতম ন্যায়ালয়ত জৰুৰী আদেশ বিচাৰি আবেদন কৰিছিল।  

বিজ্ঞানৰ মতে মৃত্যুৰ একৰ পৰা দুদিনৰ ভিতৰত শুক্ৰাণু  সংগ্ৰহ কৰিব পাৰি। বিচাৰক ফিওনা চিৱাৰ্ডে শুক্ৰাণু সংগ্ৰহ আৰু সঞ্চয় কৰাৰ আদেশ প্ৰদান কৰে।  আদালতে এই  আদেশটো ২১ ডিচেম্বৰতে দিছিল যদিও আদেশটোৰ কথা এতিয়াহে ৰাজহুৱা কৰা হৈছে।

ইয়াৰ পূৰ্বেও ২০২৩ চনৰ জুন মাহত এগৰাকী অষ্ট্ৰেলিয়ান মহিলাক তেওঁৰ ২৯ বছৰীয়া মৃত স্বামীৰ পৰা শুক্ৰাণু সংগ্ৰহৰ  অনুমতি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ