--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণৰ দ্বাৰা সতৰ্ক হ’ব পাৰি, তেন্তে ইয়াৰ চিকিৎসা সহজ হ’ব পাৰে। ৰোগ নিয়ন্ত্ৰণো সহজ। ডায়েবেটিছ ইনচিপিডাছ এনে এটা ৰোগ। ই স্বাভাৱিক ডায়েবেটিছতকৈ বেলেগ। ইয়াৰ মূল কাৰণ হ’ল শৰীৰত ভেছ’প্ৰেচিন নামৰ হৰম’নৰ ভাৰসাম্যহীনতা।

লক্ষণ

এই ৰোগত প্ৰস্ৰাৱৰ পৰিমাণ যথেষ্ট হাৰত বৃদ্ধি পায়। ফলত সঘনাই প্ৰস্ৰাৱ হয়। ৰোগ বৃদ্ধি হ’লেও প্ৰতিদিনে ২০ লিটাৰৰ  প্ৰস্ৰাৱ উৎপন্ন কৰিব পাৰে। এই সমস্যাৰ লগতে পিয়াহ বাঢ়ি যায়। ফলত ৰোগীয়ে বাৰে বাৰে পানী খাবলৈ মন কৰে।

ডায়েবেটিছ ইনচিপিডাছৰ আন‌ আন লক্ষণসমূহ হ'ল - 

১)  অত্যধিক প্ৰস্ৰাৱ কৰা, য’ত ৰোগীয়ে গোটেই দিনটো ৩ৰ পৰা ২০ লিটাৰ প্ৰস্ৰাৱ কৰে।

২) অত্যধিক পিয়াহ, য’ত প্ৰস্ৰাৱ অতি পাতল হোৱাৰ বাবে ৰোগীয়ে অতি পিয়াহ অনুভৱ কৰে। শৰীৰত দ্ৰৱীভূত পদাৰ্থৰ ঘনত্ব বৃদ্ধি হোৱাৰ বাবে আৰু পানীৰ অভাৱে আপোনাক অসুস্থ কৰি তোলাৰ কাম কৰে।

৩)  ৰাতিৰ সময়ত প্ৰস্ৰাৱ কৰা, এই অৱস্থাত ৰোগীয়ে শুই থকাৰ সময়ত বা ৰাতি অত্যধিক প্ৰস্ৰাৱ কৰাৰ আসক্ত হৈ পৰে।

৪) অস্বস্তি আৰু ক্লান্তি।

৫) পিটুইটাৰী টিউমাৰৰ ক্ষেত্ৰত মূৰৰ বিষ আৰু দৃষ্টিশক্তিৰ সমস্যা হয়।

৬) শিশুৱে ৰাতি বিচনাতে প্ৰস্ৰাৱ কৰে, যিটো এই ৰোগৰ লক্ষণ।


চিকিৎসা

এনে লক্ষণ দেখা দিলে সাধাৰণতে ৰোগীক কিছু সময় পানী খোৱাৰ পৰা আঁতৰাই ৰখা হয়। ইয়াৰ পাছতে চিকিৎসকে প্ৰস্ৰাৱ আৰু তেজত থকা তৰল পদাৰ্থৰ পৰিমাণ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। এই ৰোগ ধৰা পৰিলে চিকিৎসকে ভেছ’প্ৰেচিন হৰম’নৰ দৰে কৃত্ৰিম পদাৰ্থ প্ৰয়োগ কৰে। এই ঔষধ নাকৰ স্প্ৰে’, টেবলেট বা বেজীৰে দিব পাৰি। কিন্তু এনে কোনো সমস্যা হ’লে তৎক্ষণাত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু