--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণৰ দ্বাৰা সতৰ্ক হ’ব পাৰি, তেন্তে ইয়াৰ চিকিৎসা সহজ হ’ব পাৰে। ৰোগ নিয়ন্ত্ৰণো সহজ। ডায়েবেটিছ ইনচিপিডাছ এনে এটা ৰোগ। ই স্বাভাৱিক ডায়েবেটিছতকৈ বেলেগ। ইয়াৰ মূল কাৰণ হ’ল শৰীৰত ভেছ’প্ৰেচিন নামৰ হৰম’নৰ ভাৰসাম্যহীনতা।

লক্ষণ

এই ৰোগত প্ৰস্ৰাৱৰ পৰিমাণ যথেষ্ট হাৰত বৃদ্ধি পায়। ফলত সঘনাই প্ৰস্ৰাৱ হয়। ৰোগ বৃদ্ধি হ’লেও প্ৰতিদিনে ২০ লিটাৰৰ  প্ৰস্ৰাৱ উৎপন্ন কৰিব পাৰে। এই সমস্যাৰ লগতে পিয়াহ বাঢ়ি যায়। ফলত ৰোগীয়ে বাৰে বাৰে পানী খাবলৈ মন কৰে।

ডায়েবেটিছ ইনচিপিডাছৰ আন‌ আন লক্ষণসমূহ হ'ল - 

১)  অত্যধিক প্ৰস্ৰাৱ কৰা, য’ত ৰোগীয়ে গোটেই দিনটো ৩ৰ পৰা ২০ লিটাৰ প্ৰস্ৰাৱ কৰে।

২) অত্যধিক পিয়াহ, য’ত প্ৰস্ৰাৱ অতি পাতল হোৱাৰ বাবে ৰোগীয়ে অতি পিয়াহ অনুভৱ কৰে। শৰীৰত দ্ৰৱীভূত পদাৰ্থৰ ঘনত্ব বৃদ্ধি হোৱাৰ বাবে আৰু পানীৰ অভাৱে আপোনাক অসুস্থ কৰি তোলাৰ কাম কৰে।

৩)  ৰাতিৰ সময়ত প্ৰস্ৰাৱ কৰা, এই অৱস্থাত ৰোগীয়ে শুই থকাৰ সময়ত বা ৰাতি অত্যধিক প্ৰস্ৰাৱ কৰাৰ আসক্ত হৈ পৰে।

৪) অস্বস্তি আৰু ক্লান্তি।

৫) পিটুইটাৰী টিউমাৰৰ ক্ষেত্ৰত মূৰৰ বিষ আৰু দৃষ্টিশক্তিৰ সমস্যা হয়।

৬) শিশুৱে ৰাতি বিচনাতে প্ৰস্ৰাৱ কৰে, যিটো এই ৰোগৰ লক্ষণ।


চিকিৎসা

এনে লক্ষণ দেখা দিলে সাধাৰণতে ৰোগীক কিছু সময় পানী খোৱাৰ পৰা আঁতৰাই ৰখা হয়। ইয়াৰ পাছতে চিকিৎসকে প্ৰস্ৰাৱ আৰু তেজত থকা তৰল পদাৰ্থৰ পৰিমাণ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। এই ৰোগ ধৰা পৰিলে চিকিৎসকে ভেছ’প্ৰেচিন হৰম’নৰ দৰে কৃত্ৰিম পদাৰ্থ প্ৰয়োগ কৰে। এই ঔষধ নাকৰ স্প্ৰে’, টেবলেট বা বেজীৰে দিব পাৰি। কিন্তু এনে কোনো সমস্যা হ’লে তৎক্ষণাত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ