--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচলত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ বাবুক গাঁৱৰ সমীপৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে Pasighat-Pangin সংযোগী পথচোৱা।

আজি পুৱাই সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। পথত আৱদ্ধ হৈ পৰিছে এখন এম্বুলেন্সৰ লগতে শ শ যান বাহন। পথত আৱদ্ধ হৈ পৰিছে দূৰ-দূৰণিৰ পৰা অহা শ শ যাত্ৰী।

বৰ্তমানেও পাহাৰৰ ওপৰৰ পৰা মাটি খহিয়েই আছে বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে অৰুণাচল প্ৰশাসনে পুনৰ পথচোৱা যাতায়ত সুচলৰ বাবে তীব্ৰ গতিত মেৰামতিৰ কাম কৰি আছে যদিও পাহাৰৰ পৰা মাটি খহা অব্যাহত থকাৰ বাবে মেৰামতিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ