--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কাম কৰাৰ প্ৰৱল হেপাহ তেওঁৰ৷ দুই হাত, দুভৰি নোহোৱাৰ পাছতো কাৰোবাৰ ওচৰত হাত নাপাতি কৰ্মৰে কৰিছে উপাৰ্জন৷ হাজাৰ বাধাইয়ো তেওঁক যেন ৰখাব নোৱাৰে৷ জীৱন-যুঁজত আন দহজন সক্ষম ব্যক্তিৰ সৈতে সমানে আগবাঢ়ি গৈছে সম্পূৰ্ণৰূপে দিব্যাংগ ব্যক্তিগৰাকী৷ জীৱনৰ তাড়নাত তেওঁ কষ্ট কৰে মাথোঁ জীৱনটো জীয়াবলৈ, পৰিয়ালটো পোহপাল দিবলৈ বুলিয়ে৷

বৰ্তমান সময়ত এনে বহু ব্যক্তিয়ে কাম কৰি চলাৰ ক্ষেত্ৰত আগবাঢ়ি পৰিলক্ষিত নহয়৷ ৰাজপথত স্কুটীৰ ইঞ্জিনেৰে নিৰ্মাণ কৰি উলিওৱা এখন বিশেষ বাহন চলাই নিজ কৰ্মস্থলীলৈ ৰাওনা হয় ব্যক্তিগৰাকী৷ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰা এই বিশেষভাৱে সক্ষম ব্যক্তিজনৰ এটা ভিডিঅ’ৰ পাছতে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে যে “অভাৱেই আবিষ্কাৰৰ মূল"৷

অৱশ্যে এই ভিডিঅ’টোৰ সম্পূৰ্ণ তথ্য তথা ব্যক্তিজনৰ পৰিচয় সঠিকভাৱে জানিব পৰা হোৱা নাই যদিও ভিডিঅ’টোৱে প্ৰত্যেকগৰাকী হৃদয়বান লোকক চুই যাবলৈ সক্ষম হৈছে৷ ভিডিঅ’টোৰ জৰিয়তে কৰা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে, “মোৰ এগৰাকী পত্নী, দুটা সৰু ল’ৰা-ছোৱালী আৰু এজন বৃদ্ধ পিতৃ আছে৷ সেয়েহে মই উপাৰ্জন কৰিবলৈ বাহিৰলৈ যাওঁ।” উল্লেখ্য যে তেওঁ বিগত ৫ বছৰ ধৰি সেই বিশেষ বাহনখন চলাই থকা বুলিও মন্তব্য কৰে। হাত-ভৰি নথকাৰ পাছতো তেওঁ বাহনখন চলাব পৰা ক্ষমতা আৰু চেষ্টাৰ বাবে ধন্যবাদ জনাই ঈশ্বৰক।

https://twitter.com/anandmahindra/status/1475408386015612929?s=20

উল্লেখ্য যে বিশেষভাৱে সক্ষম ব্যক্তিজনৰ ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে মহিন্দ্ৰা গ্রুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই। ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে, “আজি মোৰ টাইমলাইনত এইটো পাইছো। এইটো কিমান পুৰণি বা ক’ৰ পৰা আহিছে নাজানো, কিন্তু মই এই ভদ্ৰলোকজনৰ কাৰ্যত আচৰিত হৈছোঁ। যি কেৱল তেওঁৰ বিকলাঙ্গতাৰ সন্মুখীন হৈ থকা নাই, কিন্তু তেওঁৰ যি আছে তাৰ বাবে কৃতজ্ঞ।”
আনন্দ মহিন্দ্ৰাই তেওঁৰ সহকৰ্মী ৰাম আৰু মহিন্দ্ৰা লজিষ্টিকছক টেগ কৰি সোধে, “ৰাম, তেওঁক লাষ্ট মাইল ডেলিভাৰীৰ বাবে ব্যৱসায়িক সহযোগী বনাব পাৰিবনে?”

উদ্যোগপতিগৰাকীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পাছতে মন্তব্য শাখাত এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে বিশেষভাৱে সক্ষম ব্যক্তিজনক দক্ষিণ দিল্লীৰ মেহৰৌলি অঞ্চলত দেখা পোৱা বুলি দাবী কৰে। অৱশ্যে ভিডিঅ’ প্ৰকৃততে কোন ঠাইৰ, সেয়া এতিয়াও স্পষ্ট নহয়। উল্লেখ্য যে, জানুৱাৰী মাহৰ পৰা মহিন্দ্ৰা লজিষ্টিকছে ছখন চহৰত বৈদ্যুতিক লাষ্ট মাইল ডেলিভাৰী সেৱা আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন