--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ক লৈ কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আছে বচ্চন পৰিয়ালে। দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়াত চৰ্চা চলি আছে যে অভিষেক আৰু ঐশ্বৰ্যৰ সম্পৰ্কত ভাঙোন হৈছে। আনকি দুয়োৰে বিবাহ বিচ্ছেদ হ’ব বুলিও দাবী কৰা হৈছে। ইয়াৰ মাজতে অভিষেক বচ্চন আৰু নিমৰত কৌৰৰ প্ৰেমৰ খবৰে গৰম কৰি ৰাখিছে মিডিয়া। এই খবৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। 

এই খবৰে খলকনি সৃষ্টি কৰি থকাৰ সময়তে অভিষেক আৰু নিমৰতৰ এখন ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, য’ত দুয়োকে বিবাহিত দম্পতী হিচাপে দেখা গৈছে। এই ছবিখন কিমান দূৰ সত্য তাকে জানিবলৈ ব্যগ্ৰ হৈ পৰিছে অনুৰাগীসকল।

অভিষেক বচ্চন আৰু নিমৰত কৌৰৰ প্ৰেমৰ সম্পৰ্কক লৈ বলীউডৰ লগতে বলীউডৰ বাহিৰতো তীব্ৰ চৰ্চা আৰম্ভ হৈছে। কোৱা হৈছে যে জুনিয়ৰ বচ্চনে নিমৰতৰ লগত ডেটিং কৰিছে। দুয়োজনে একেলগে কাম কৰিছিল ‘দসৱী’ চিনেমাত, য’ত তেওঁলোকক স্বামী-স্ত্ৰীৰ চৰিত্ৰত দেখা গৈছিল। ভাইৰেল হোৱা ফটোখনত নিমৰতৰ কপালত সেন্দুৰ দেখা গৈছে আৰু অভিষেকে নিমৰতক মৰমেৰে সাবটি থকা দেখা গৈছে। এই ফটোখনৰ লগত ঐশ্বৰ্য ৰায়ৰ এখন ফটোও সংযোগ কৰা হৈছে য’ত ঐশ্বৰ্যক অতি দুৰাৱস্থা ৰূপত দেখিবলৈ পোৱা গৈছে।
 
Abhishek

অনুৰাগীসকলে আতংকিত হোৱাৰ প্ৰয়োজন নাই কাৰণ অভিষেক বচ্চন, নিমৰত কৌৰ আৰু ঐশ্বৰ্য ৰায়ৰ এই ছবিখন ভুৱা। এইখন এখন মৰ্ফড ফটো, যিখন এআই প্ৰযুক্তিৰ জৰিয়তে তৈয়াৰ কৰা হৈছে। একে সময়তে এতিয়ালৈকে এই সমগ্ৰ বিষয়টোৰ ওপৰত অভিষেক বচ্চন, ঐশ্বৰ্য ৰায় বা নিমৰত কৌৰে একো মাত মতা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু