--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ক লৈ কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আছে বচ্চন পৰিয়ালে। দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়াত চৰ্চা চলি আছে যে অভিষেক আৰু ঐশ্বৰ্যৰ সম্পৰ্কত ভাঙোন হৈছে। আনকি দুয়োৰে বিবাহ বিচ্ছেদ হ’ব বুলিও দাবী কৰা হৈছে। ইয়াৰ মাজতে অভিষেক বচ্চন আৰু নিমৰত কৌৰৰ প্ৰেমৰ খবৰে গৰম কৰি ৰাখিছে মিডিয়া। এই খবৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। 

এই খবৰে খলকনি সৃষ্টি কৰি থকাৰ সময়তে অভিষেক আৰু নিমৰতৰ এখন ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, য’ত দুয়োকে বিবাহিত দম্পতী হিচাপে দেখা গৈছে। এই ছবিখন কিমান দূৰ সত্য তাকে জানিবলৈ ব্যগ্ৰ হৈ পৰিছে অনুৰাগীসকল।

অভিষেক বচ্চন আৰু নিমৰত কৌৰৰ প্ৰেমৰ সম্পৰ্কক লৈ বলীউডৰ লগতে বলীউডৰ বাহিৰতো তীব্ৰ চৰ্চা আৰম্ভ হৈছে। কোৱা হৈছে যে জুনিয়ৰ বচ্চনে নিমৰতৰ লগত ডেটিং কৰিছে। দুয়োজনে একেলগে কাম কৰিছিল ‘দসৱী’ চিনেমাত, য’ত তেওঁলোকক স্বামী-স্ত্ৰীৰ চৰিত্ৰত দেখা গৈছিল। ভাইৰেল হোৱা ফটোখনত নিমৰতৰ কপালত সেন্দুৰ দেখা গৈছে আৰু অভিষেকে নিমৰতক মৰমেৰে সাবটি থকা দেখা গৈছে। এই ফটোখনৰ লগত ঐশ্বৰ্য ৰায়ৰ এখন ফটোও সংযোগ কৰা হৈছে য’ত ঐশ্বৰ্যক অতি দুৰাৱস্থা ৰূপত দেখিবলৈ পোৱা গৈছে।
 
Abhishek

অনুৰাগীসকলে আতংকিত হোৱাৰ প্ৰয়োজন নাই কাৰণ অভিষেক বচ্চন, নিমৰত কৌৰ আৰু ঐশ্বৰ্য ৰায়ৰ এই ছবিখন ভুৱা। এইখন এখন মৰ্ফড ফটো, যিখন এআই প্ৰযুক্তিৰ জৰিয়তে তৈয়াৰ কৰা হৈছে। একে সময়তে এতিয়ালৈকে এই সমগ্ৰ বিষয়টোৰ ওপৰত অভিষেক বচ্চন, ঐশ্বৰ্য ৰায় বা নিমৰত কৌৰে একো মাত মতা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ