--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনচিপি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত যোৱা সপ্তাহত যান-বাহন আৰক্ষী নিয়ন্ত্ৰক হোৱাটছএপ নম্বৰৰ জৰিয়তে বলীউডৰ অভিনেতা ছলমান খানে ভাবুকি লাভ কৰিছিল। এতিয়া ভাবুকি দিয়া ব্যক্তিজনে ক্ষমা বিচাৰিছে। তথ্য মতে, বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনে এই বাৰ্তাটো ভুলতে তেওঁক প্ৰেৰণ কৰা বুলি কয় আৰু ইয়াৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে।

Lawrence Bishnoi gang shooter Sukha arrested by Mumbai Police in Salman  Khan house firing case | Latest News India - Hindustan Times

বৰ্তমান সময়ত আৰক্ষীয়ে এই বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনৰ স্থান ঝাৰখণ্ডত বিচাৰি পাইছে আৰু আৰক্ষীৰ দলটোৱে তেওঁক বিচাৰি তাত উপস্থিত হৈছে। সূত্ৰ অনুসৰি এই বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনে নিজকে লৰেন্স বিষ্ণয় গেঙৰ ঘনিষ্ঠ বুলি অভিহিত কৰি ছলমান আৰু লৰেন্সৰ মাজত মিলন ঘটাব বুলি দাবী কৰিছিল।

যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰত অহা মেছেজ প্ৰেৰণ কৰা ব্যক্তিজনে দাবী কৰে যে, "এইটো সহজভাৱে ল'ব নালাগে, যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণয়ৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে, তেন্তে তেওঁ ৫ কোটি টকা দিব লাগিব। যদি টকা নিদিয়ে তেন্তে বাবা ছিদ্দিকীতকৈও বেয়া হ'ব ছলমান খানৰ অৱস্থা।"

এই বাৰ্তা লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষীয়ে অচিনাকি হোৱাটছএপ নম্বৰ ব্যৱহাৰকাৰীজনৰ বিৰুদ্ধে কৰা অভিযোগ অতি গুৰুত্বসহকাৰে লৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিলে। উল্লেখ্য যে ছলমান খানে এই ভাবুকি লাভ কৰিছিল সেই সময়ত যেতিয়া তেওঁৰ বন্ধু বাবা ছিদ্দিকীক মুম্বাইত গুলীচালনাকাৰীয়ে ৰাজহুৱাভাৱে হত্যা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ