--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনচিপি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত যোৱা সপ্তাহত যান-বাহন আৰক্ষী নিয়ন্ত্ৰক হোৱাটছএপ নম্বৰৰ জৰিয়তে বলীউডৰ অভিনেতা ছলমান খানে ভাবুকি লাভ কৰিছিল। এতিয়া ভাবুকি দিয়া ব্যক্তিজনে ক্ষমা বিচাৰিছে। তথ্য মতে, বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনে এই বাৰ্তাটো ভুলতে তেওঁক প্ৰেৰণ কৰা বুলি কয় আৰু ইয়াৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে।

Lawrence Bishnoi gang shooter Sukha arrested by Mumbai Police in Salman  Khan house firing case | Latest News India - Hindustan Times

বৰ্তমান সময়ত আৰক্ষীয়ে এই বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনৰ স্থান ঝাৰখণ্ডত বিচাৰি পাইছে আৰু আৰক্ষীৰ দলটোৱে তেওঁক বিচাৰি তাত উপস্থিত হৈছে। সূত্ৰ অনুসৰি এই বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনে নিজকে লৰেন্স বিষ্ণয় গেঙৰ ঘনিষ্ঠ বুলি অভিহিত কৰি ছলমান আৰু লৰেন্সৰ মাজত মিলন ঘটাব বুলি দাবী কৰিছিল।

যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰত অহা মেছেজ প্ৰেৰণ কৰা ব্যক্তিজনে দাবী কৰে যে, "এইটো সহজভাৱে ল'ব নালাগে, যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণয়ৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে, তেন্তে তেওঁ ৫ কোটি টকা দিব লাগিব। যদি টকা নিদিয়ে তেন্তে বাবা ছিদ্দিকীতকৈও বেয়া হ'ব ছলমান খানৰ অৱস্থা।"

এই বাৰ্তা লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষীয়ে অচিনাকি হোৱাটছএপ নম্বৰ ব্যৱহাৰকাৰীজনৰ বিৰুদ্ধে কৰা অভিযোগ অতি গুৰুত্বসহকাৰে লৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিলে। উল্লেখ্য যে ছলমান খানে এই ভাবুকি লাভ কৰিছিল সেই সময়ত যেতিয়া তেওঁৰ বন্ধু বাবা ছিদ্দিকীক মুম্বাইত গুলীচালনাকাৰীয়ে ৰাজহুৱাভাৱে হত্যা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু