--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান যুৱ-প্ৰজন্মৰ মাজত প্ৰধান আৰু একমাত্ৰ শত্ৰু কোন বুলি যদি কোৱা হয়, সেয়া প্ৰথমে আমাৰ মনলৈ মোবাইল গেমৰ কথাকে আহে। সময়ে সময়ে নানাধৰণৰ মোবাইল গেমৰ আবিৰ্ভাৱ হৈ থাকে আৰু প্ৰতিটো গেমৰে জনপ্ৰিয়তা কম-বেছি পৰিমাণে থাকে৷ পাবজি, ফ্ৰি-ফায়াৰ ইত্যাদি বিভিন্ন গেম যুৱ-প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয়। এতিয়া কথাটো হ’ল যে এই মোবাইল গেমৰ প্ৰতি অত্যধিক আকৰ্ষিত হয় নৱ-প্ৰজন্মৰ লোকসকল আবিষ্কৃত প্ৰতিটো গেমেই সমাজত এটা বেয়া প্ৰভাৱ পেলাই আহিছে তাৰ জ্বলন্ত উদাহৰণ দুটামান বছৰৰ আগত ব্লু হুৱাইল নামৰ মোবাইল গেমটো। এই গেম খেলি শ শ কিশোৰে আত্মহত্যা কৰিছিল৷ এইবিলাকৰ উপৰি যুৱ-প্ৰজন্ম আজিকালি মোবাই ল গেমৰ প্ৰতি ইমানেই বেছি আসক্ত হৈ পৰিছে যে, তেওঁলোকে নিজৰ দৈনন্দিন কৰি থকা কাম-কাজ কৰিব লাগে বুলি পাহৰি যায়, বহুতে আকৌ চাকৰি পৰ্যন্ত হেৰুৱাব লগা হৈছে একমাত্ৰ মোবাইল গেমৰ বাবে। মোবাইল গেমৰ আসক্তিৰ বাবে আত্মহত্যা, হত্যা ঘটনা আগতেও সংঘটিত হৈছিল। অৱশ্যে, এইবাৰ পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত মোবাইল গেমে কাল অমানিশা নমাই আনিলে এটা পৰিয়াললৈ। এজন ১৪ বছৰীয়া কিশোৰে দীৰ্ঘদিনৰ পৰা অনলাইন মোবাইল গেম পাবজিৰ প্ৰতি বেয়াকৈ আসক্ত হৈ পৰিছিল। দিনটোৰ প্ৰায় ১২ ৰ পৰা ১৪ ঘণ্টা পৰ্যন্ত মোবাইল গেমত ব্যস্ত থকা পুত্ৰৰ এই কৰ্মৰাজিয়ে মাকক একেবাৰে বিৰক্তি কৰি তুলিছিল। সেয়েহে মাতৃয়ে পুত্ৰক মোবাইল গেম খেলিবলৈ বাধা দিছিল। কিন্তু মোবাইল গেমৰ আসক্তিত ইমানেই বেছি পৰিছিল যে মাকে মোবাইল গেম খেলিবলৈ বাধা দিয়াৰ বাবে কিশোৰজনে পৰিয়ালৰ আটাইকে গুলিয়াই হত্যা কৰে। খবৰ অনুসৰি, কিশোৰজনে তেওঁৰ মাক, ককায়েক, ভগ্নী আটাইকে গুলীয়াই হত্যা কৰে। পাকিস্তানৰ সংবাদ মাধ্যম 'ডন'য়ে শুক্ৰবাৰে পঞ্জাৱ আৰক্ষীৰ বিবৃতিৰ উদ্ধৃতিত এই প্ৰতিবেদন প্ৰকাশ পাইছিল। কিছুদিন পূৰ্বে, অভিযুক্ত কিশোৰ গৰাকীৰ বাসগৃহত তেওঁৰ ৪৫ বছৰীয়া মাতৃ নাহিদ মুবাৰক, তেওঁৰ ২২ বছৰীয়া পুত্ৰ টাইমুৰ, ১৭ আৰু ১১ বছৰ বয়সৰ দুগৰাকী কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ঘৰটোত উদ্ধাৰ হোৱা চাৰিটা ৰক্তহীন মৃতদেহ আছিল। কিন্তু একেটা ঘৰতে বাস কৰা সৰু লৰাটো কোনো আঘাতপ্ৰাপ্ত হোৱা নাছিল। আৰক্ষীৰ জেৰাৰ অন্তত ১৪ বছৰীয়া কিশোৰজনে পৰিয়ালৰ আটাইকেইজনকে হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰে। আৰক্ষীৰ জেৰাৰ সময়ত কিশোৰজনৰ প্ৰকাশ পোৱা ভাষ্য অনুসৰি, কিশোৰজনে তলৰ মহলাৰ এটা কোঠাটো শুই আছিল আৰু ৰাতিপুৱা সাৰ দেকা যে ঘৰৰ সকলো লোক মৃত অৱস্থাত পৰি আছে। কিন্তু আৰক্ষীয়ে কিশোৰজনৰ কথাত অসঙ্গতি দেখা পাইছিল আৰু জেৰাৰ পৰৱৰ্তী সময়ত, তেওঁ নিজে স্বীকাৰ কৰিছে যে, তেওঁৰ মাক, ককাক, ভগ্নী আৰু ভগ্নীক তেওঁৱেই গুলীয়াই মাৰিছিল। কিশোৰজনক তেওঁৰ মাতৃয়ে অত্যাধিক মোবাইল গেম খেলাত বাধা দিয়াৰ বাবে মাতৃৰ সৈতে তেওঁ পৰিয়ালৰ বাকী সদস্যসকলোকে গুলীয়াইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ