--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'মোক নতুন মোবাইল লাগে৷ নিদিলে মই আত্মহত্যা কৰিম' এগৰাকী ১৮ বছৰীয়া যুৱতীৰ পিতৃ-মাতৃলৈ ভাবুকি৷ অৱশেষত মোবাইল নাপায় আত্মহত্যাৰ দৰে পথ বাচি লয় যুৱতীগৰাকীয়ে৷ এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত৷ এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে শুকুৰবাৰে জয়পুৰৰ চ'ডালা অঞ্চলত আত্মহত্যা কৰিছিল৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চল৷ কি হেঁচাত পৰি জীৱনৰ সংজ্ঞা বুজি নাপাওঁতেই চৰম সিদ্ধান্ত ল'বলগীয়া হয় যুৱতীগৰাকীয়ে৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ পাবজি খেলাৰ বাবে জন্মদিনত নতুন মোবাইল উপহাৰ হিচাপে বিচাৰিছিল যুৱতীগৰাকীয়ে৷ মোবাইল উপহাৰ হিচাপে নোপোৱাত চৰম সিদ্ধান্ত গ্ৰহণ কৰে যুৱতীগৰাকীয়ে। এই সন্দৰ্ভত জয়পুৰৰ আৰক্ষী অধীক্ষক ৰাজ কুমাৰ গুপ্তাই কয়, 'দ্বাদশ শ্ৰেণীৰ এগৰাকী ১৮ বছৰীয়া ছাত্ৰীয়ে ১৩ ফেব্ৰুৱাৰীত তেওঁৰ জন্মদিন উদযাপন কৰিছিল। জন্মদিনৰ দিনাখন তেওঁ পাবজি খেলাৰ বাবে মাক-দেউতাকৰ পৰা এটা মোবাইল ফোন দাবী কৰিছিল। ছাত্ৰীগৰাকীৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমাপ্ত হ'লেই দেউতাকে এটা নতুন ফোন কিনিবলৈ আশ্বাস দিছিল।' তেওঁ লগতে কয়, 'এগৰাকী ছাত্ৰীৰ মানসিক অৱস্থাৰ বিষয়ে প্ৰত্যেক পিতৃ-মাতৃয়ে ধ্যান দিয়া উচিত৷ মানসিক স্বাস্থ্য বৰ্তমান সময়ত প্ৰয়োজনীয় বিষয়।' উল্লেখ্য যে ক'ৰনা মহামাৰীৰ ফলত হোৱা লকডাউনে সকলোকে ঘৰৰ আবদ্ধ কৰি ৰাখিছিল৷ বন্ধ হৈ পৰিছিল বিদ্যালয়সমূহ৷ এনে সময়তে সময় অতিবাহিত কৰিবলৈ শিক্ষাৰ্থীসকলে হাতত লৈছিল মোবাইল ফোন৷ পাবজিৰ দৰে গেমৰ চিকাৰ হৈছিল তেওঁ৷ যাৰ ফলত মানসিক স্বাস্থ্যই হওক বা জীৱন ধাৰণৰ প্ৰণালীয়েই হওক অধিকভাৱে প্ৰভাৱিত হৈছিল ছাত্ৰ-ছাত্ৰীসকলৰ৷ যাৰ পৰিণত জয়পুৰৰ দৰে ঘটনা সংঘটিত হ'বলৈ ধৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন