--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'মোক নতুন মোবাইল লাগে৷ নিদিলে মই আত্মহত্যা কৰিম' এগৰাকী ১৮ বছৰীয়া যুৱতীৰ পিতৃ-মাতৃলৈ ভাবুকি৷ অৱশেষত মোবাইল নাপায় আত্মহত্যাৰ দৰে পথ বাচি লয় যুৱতীগৰাকীয়ে৷ এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত৷ এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে শুকুৰবাৰে জয়পুৰৰ চ'ডালা অঞ্চলত আত্মহত্যা কৰিছিল৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চল৷ কি হেঁচাত পৰি জীৱনৰ সংজ্ঞা বুজি নাপাওঁতেই চৰম সিদ্ধান্ত ল'বলগীয়া হয় যুৱতীগৰাকীয়ে৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ পাবজি খেলাৰ বাবে জন্মদিনত নতুন মোবাইল উপহাৰ হিচাপে বিচাৰিছিল যুৱতীগৰাকীয়ে৷ মোবাইল উপহাৰ হিচাপে নোপোৱাত চৰম সিদ্ধান্ত গ্ৰহণ কৰে যুৱতীগৰাকীয়ে। এই সন্দৰ্ভত জয়পুৰৰ আৰক্ষী অধীক্ষক ৰাজ কুমাৰ গুপ্তাই কয়, 'দ্বাদশ শ্ৰেণীৰ এগৰাকী ১৮ বছৰীয়া ছাত্ৰীয়ে ১৩ ফেব্ৰুৱাৰীত তেওঁৰ জন্মদিন উদযাপন কৰিছিল। জন্মদিনৰ দিনাখন তেওঁ পাবজি খেলাৰ বাবে মাক-দেউতাকৰ পৰা এটা মোবাইল ফোন দাবী কৰিছিল। ছাত্ৰীগৰাকীৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমাপ্ত হ'লেই দেউতাকে এটা নতুন ফোন কিনিবলৈ আশ্বাস দিছিল।' তেওঁ লগতে কয়, 'এগৰাকী ছাত্ৰীৰ মানসিক অৱস্থাৰ বিষয়ে প্ৰত্যেক পিতৃ-মাতৃয়ে ধ্যান দিয়া উচিত৷ মানসিক স্বাস্থ্য বৰ্তমান সময়ত প্ৰয়োজনীয় বিষয়।' উল্লেখ্য যে ক'ৰনা মহামাৰীৰ ফলত হোৱা লকডাউনে সকলোকে ঘৰৰ আবদ্ধ কৰি ৰাখিছিল৷ বন্ধ হৈ পৰিছিল বিদ্যালয়সমূহ৷ এনে সময়তে সময় অতিবাহিত কৰিবলৈ শিক্ষাৰ্থীসকলে হাতত লৈছিল মোবাইল ফোন৷ পাবজিৰ দৰে গেমৰ চিকাৰ হৈছিল তেওঁ৷ যাৰ ফলত মানসিক স্বাস্থ্যই হওক বা জীৱন ধাৰণৰ প্ৰণালীয়েই হওক অধিকভাৱে প্ৰভাৱিত হৈছিল ছাত্ৰ-ছাত্ৰীসকলৰ৷ যাৰ পৰিণত জয়পুৰৰ দৰে ঘটনা সংঘটিত হ'বলৈ ধৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ