--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘যিমানেই নিৰ্বাচনৰ দিন চমু চাপে মোৰ স্বাস্থ্যৰ ওপৰত সিমানেই উৰাবাতৰি ওলায়। মোৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ আৰু মই বহুত সুখী। যেতিয়াই এনেধৰণৰ উৰাবাতৰি ওলায় বিজেডিয়ে নিৰ্বাচনত সিমানেই ভাল প্ৰদৰ্শন কৰে’- এই মন্তব্য ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ৷ আঞ্চলিক পাৰ্টী বিজু জনতা দলৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে শুকুৰবাৰে লিংগৰাজ মন্দিৰ দৰ্শন কৰাৰ পাছত তেওঁৰ স্বাস্থ্যৰ ওপৰত উৰাবাতৰি খাৰিজ কৰিছিল৷ লগতে ঘোষণা কৰিছিল যে তেওঁ ওড়িশাৰ লোকসকলৰ সেৱা কৰিবলৈ উপযুক্ত। 'যেতিয়াই নিৰ্বাচন হয় মোৰ স্বাস্থ্যৰ ওপৰত উৰাবাতৰি বিয়পি পৰে। মই সম্পূৰ্ণ সুস্থ আৰু বহুত সুখী। মই আপোনাক আশ্বাস দিওঁ যেতিয়াই এনে ধৰণৰ উৰাবাতৰি হয় বিজেপিয়ে নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰে’ বুলি মন্তব্য কৰে নবীনে৷ লগতে এই সন্দৰ্ভত একো ক'ব নিবিচাৰো বুলিও মন্তব্য কৰে৷ পাঁচ পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভিতৰত দুটা পৰ্যায়ৰ নিৰ্বাচন শুকুৰবাৰে সম্পন্ন হৈছে। নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে লোকসকলক ক’ভিডৰ ওপৰত সতৰ্ক হ’বলৈও পৰামৰ্শ দিয়ে৷ তেঁ কয়, ক’ভিড মহামাৰী এতিয়াও অব্যাহত আছে আৰু তেওঁলোকক মুখা পিন্ধি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। এইটো প্ৰথমবাৰৰ বাবে নহয় যে মুখ্যমন্ত্ৰীৰ স্বাস্থ্যসম্পৰ্কে এনেধৰণৰ উৰাবাতৰি বিয়পি পৰিছে। ২৬ জানুৱাৰী, গণতন্ত্ৰ দিৱসৰ কেইদিনমান আগতে এনে এটা উৰাবাতৰিওলাইছিল। যদিও এই বিষয়টোক লৈ কোনো আলোচনা হোৱা নাছিল, মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত সকলো আলোচনা আঁতৰাই ৰাখি ভুৱনেশ্বৰত আনুষ্ঠানিক গণতন্ত্ৰ দিৱস উদযাপনত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি, ২০১৯ৰ বিধানসভা আৰু লোকসভাৰ পূৰ্বে তেওঁৰ স্বাস্থ্যসম্পৰ্কে ৰাজনৈতিক চক্ৰত দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলি আছিল যিটো বিজেডিয়ে আৰামেৰে জিকিছিল। ইফালে, বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী অশোক পাণ্ডাই মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ ওপৰত উৰাবাতৰি প্ৰচাৰ কৰি ৰাজনীতি কৰি থকা সকলোলোকক গৰিহণা দিয়ে। এইটো এটা সুপৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিযোগ কৰি পাণ্ডাই কয় যে এনে লোকসকলে ৰাজ্যৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ