--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘যিমানেই নিৰ্বাচনৰ দিন চমু চাপে মোৰ স্বাস্থ্যৰ ওপৰত সিমানেই উৰাবাতৰি ওলায়। মোৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ আৰু মই বহুত সুখী। যেতিয়াই এনেধৰণৰ উৰাবাতৰি ওলায় বিজেডিয়ে নিৰ্বাচনত সিমানেই ভাল প্ৰদৰ্শন কৰে’- এই মন্তব্য ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ৷ আঞ্চলিক পাৰ্টী বিজু জনতা দলৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে শুকুৰবাৰে লিংগৰাজ মন্দিৰ দৰ্শন কৰাৰ পাছত তেওঁৰ স্বাস্থ্যৰ ওপৰত উৰাবাতৰি খাৰিজ কৰিছিল৷ লগতে ঘোষণা কৰিছিল যে তেওঁ ওড়িশাৰ লোকসকলৰ সেৱা কৰিবলৈ উপযুক্ত। 'যেতিয়াই নিৰ্বাচন হয় মোৰ স্বাস্থ্যৰ ওপৰত উৰাবাতৰি বিয়পি পৰে। মই সম্পূৰ্ণ সুস্থ আৰু বহুত সুখী। মই আপোনাক আশ্বাস দিওঁ যেতিয়াই এনে ধৰণৰ উৰাবাতৰি হয় বিজেপিয়ে নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰে’ বুলি মন্তব্য কৰে নবীনে৷ লগতে এই সন্দৰ্ভত একো ক'ব নিবিচাৰো বুলিও মন্তব্য কৰে৷ পাঁচ পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভিতৰত দুটা পৰ্যায়ৰ নিৰ্বাচন শুকুৰবাৰে সম্পন্ন হৈছে। নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে লোকসকলক ক’ভিডৰ ওপৰত সতৰ্ক হ’বলৈও পৰামৰ্শ দিয়ে৷ তেঁ কয়, ক’ভিড মহামাৰী এতিয়াও অব্যাহত আছে আৰু তেওঁলোকক মুখা পিন্ধি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। এইটো প্ৰথমবাৰৰ বাবে নহয় যে মুখ্যমন্ত্ৰীৰ স্বাস্থ্যসম্পৰ্কে এনেধৰণৰ উৰাবাতৰি বিয়পি পৰিছে। ২৬ জানুৱাৰী, গণতন্ত্ৰ দিৱসৰ কেইদিনমান আগতে এনে এটা উৰাবাতৰিওলাইছিল। যদিও এই বিষয়টোক লৈ কোনো আলোচনা হোৱা নাছিল, মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত সকলো আলোচনা আঁতৰাই ৰাখি ভুৱনেশ্বৰত আনুষ্ঠানিক গণতন্ত্ৰ দিৱস উদযাপনত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি, ২০১৯ৰ বিধানসভা আৰু লোকসভাৰ পূৰ্বে তেওঁৰ স্বাস্থ্যসম্পৰ্কে ৰাজনৈতিক চক্ৰত দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলি আছিল যিটো বিজেডিয়ে আৰামেৰে জিকিছিল। ইফালে, বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী অশোক পাণ্ডাই মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ ওপৰত উৰাবাতৰি প্ৰচাৰ কৰি ৰাজনীতি কৰি থকা সকলোলোকক গৰিহণা দিয়ে। এইটো এটা সুপৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিযোগ কৰি পাণ্ডাই কয় যে এনে লোকসকলে ৰাজ্যৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
তেলেংগনাত ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং ; ‘টপ’ক প্ৰতিনিধিত্ব কৰি খেলিব দুই অসম কন্যা লাভলিনা-অংকুশিতাই
সফল অস্ত্ৰোপচাৰৰ পিছত অনুৰাগীলৈ বিশেষ বাৰ্তা সূৰ্যকুমাৰ যাদৱৰ
চি বি এছ ইত বছৰত দুবাৰ হ'ব দশম শ্ৰেণীৰ পৰীক্ষা
পাকিস্তানক 'পাৰমাণৱিক শত্রু' ঘোষণা কৰিব আমেৰিকাই
বিশ্বৰ ভিতৰত দক্ষিণ এছিয়াই আটাইতকৈ বেছি ভূগৰ্ভৰ জল ব্যৱহাৰ কৰে
প্ৰতিৰক্ষা ব্যয়ৰ বাবে কৰিব জি ডি পিৰ ৫% বাৰ্ষিক বিনিয়োগ
তৎকাল টিকট বুকিঙৰ নিয়ম সলনি: ১ জুলাইৰ পৰা IRCTC একাউণ্টৰ সৈতে আধাৰ লিংক কৰাটো বাধ্যতামূলক
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
প্ৰেমিকাক কোলাত বহুৱাই ৰাজপথত প্ৰেমিকৰ বাইক ষ্টাণ্ট! ৫৩,৫০০ টকাৰ জৰিমনা আৰক্ষীৰ
লামডিঙত ন'বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি উত্তাল প্ৰতিবাদ
পশ্চিম কাৰ্বিআংলঙত চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে
যোৰহাটৰ পুৰণা বাছ আস্থানত গেছৰ পাইপ ফটাত তীব্ৰ আতংক
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা