--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্ধশতিকাৰ পাছত চৰ্চালৈ আহিছে লেটিন আমেৰিকান কবি পাবলো নেৰুডাৰ মৃত্যুৰ ঘটনা৷ ১৯৭৩ৰ ২৩ ছেপ্টেম্বৰত আকস্মিকভাৱে মৃত্যুক সাবটি লৈছিল বিশ্বখ্যাত কবিগৰাকীয়ে৷ নিজৰ দেশক প্ৰতিনিধিত্ব কৰি বিশ্বৰ কেইবাখনো দেশলৈ ৰাষ্ট্ৰদূত হিচাপে গৈছিল নেৰুডা৷ 

সেই সময়ত প্ৰষ্টেট কেন্সাৰত ভুগি থকা নেৰুডাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা চিলিৰ চৰকাৰে সদৰী কৰিছিল যদিও তেওঁৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ৷ তেওঁৰ একাংশ অনুৰাগৰী মতে সেয়া স্বাভাৱিক মৃত্যু নাছিল৷ নেৰুডাক হত্যা কৰা বুলি অভিযোগ কৰিছিল একাংশই৷ মাৰ্ক্সীয় দৰ্শনত বিশ্বাসী নেৰুডাক হত্যাৰ অভিযোগ উঠিছিল এটা সামৰিক অভ্যত্থানেৰে চালভাদৰ এলেন্দিৰ চৰকাৰৰ পতন ঘটোৱা আগষ্টা পিনোচেটৰ বিৰুদ্ধে৷ 

কবিগৰাকীৰ মৃত্যুৰ পঞ্চাশ বছৰৰ পাছত তেওঁৰ ভতিজাকে সদৰী কৰিছে যে বিহ প্ৰয়োগেৰে পিনোচেটৰ উদ্যোগতেই হত্যা কৰা হৈছিল নেৰুডাক৷ ভতিজাকৰ এই চাঞ্চল্যকৰ দাবীৰ পাছত এতিয়া পুনৰ সৃষ্টি হৈছে ৰহস্যৰ৷ পুনৰ খোল খাইছে নেৰুডাৰ মৃত্যু কাহিনীৰ নোখোলা পৃষ্ঠা৷

আনহাতে, আন্তৰ্জাতিক ফৰেনছিক বিশেষজ্ঞই দাখিল কৰা প্ৰতিবেদনত দাবী কৰা হৈছে যে ১৯৭৩চনত পাবলো নেৰুডাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা নাছিল৷ বৰঞ্চ বিহ খুৱাইহে হত্যা কৰা হৈছিল তেওঁক৷ কানাডা, ডেনমাৰ্ক আৰু চিলিৰ ফৰেনছিক বিশেষজ্ঞৰ এটা দলে দহবছৰীয়া অনুসন্ধানৰ অন্তত এই সিদ্ধান্তত উপনীত হৈছে৷ 

বুধবাৰে প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি নেৰুডাৰ শৰীৰত বিষাক্ত বেক্টেৰিয়াৰ অৱস্থিতি পোৱা গৈছিল৷ মৃত্যুৰ পূৰ্বে নেৰুডাৰ শৰীৰত এনে প্ৰাণঘাতী বেক্টেৰিয়া আছিল বুলিও দাবী কৰিছে ফৰেনছিক বিশেষজ্ঞৰ দলটোৱে৷ ১৯৭১ৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল নেৰুডাই৷ ১৯৭৩ত চিলিত সামৰিক অভ্যুত্থানৰ সময়ত নেৰুডা হাস্পতালত আছিল৷ তাৎপৰ্যপূৰ্ণভাৱে দেশত্যাগ কৰাৰ ৫ ঘণ্টা পূৰ্বে মৃত্যু হৈছিল নেৰুডাৰ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ