--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্ধশতিকাৰ পাছত চৰ্চালৈ আহিছে লেটিন আমেৰিকান কবি পাবলো নেৰুডাৰ মৃত্যুৰ ঘটনা৷ ১৯৭৩ৰ ২৩ ছেপ্টেম্বৰত আকস্মিকভাৱে মৃত্যুক সাবটি লৈছিল বিশ্বখ্যাত কবিগৰাকীয়ে৷ নিজৰ দেশক প্ৰতিনিধিত্ব কৰি বিশ্বৰ কেইবাখনো দেশলৈ ৰাষ্ট্ৰদূত হিচাপে গৈছিল নেৰুডা৷ 

সেই সময়ত প্ৰষ্টেট কেন্সাৰত ভুগি থকা নেৰুডাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা চিলিৰ চৰকাৰে সদৰী কৰিছিল যদিও তেওঁৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ৷ তেওঁৰ একাংশ অনুৰাগৰী মতে সেয়া স্বাভাৱিক মৃত্যু নাছিল৷ নেৰুডাক হত্যা কৰা বুলি অভিযোগ কৰিছিল একাংশই৷ মাৰ্ক্সীয় দৰ্শনত বিশ্বাসী নেৰুডাক হত্যাৰ অভিযোগ উঠিছিল এটা সামৰিক অভ্যত্থানেৰে চালভাদৰ এলেন্দিৰ চৰকাৰৰ পতন ঘটোৱা আগষ্টা পিনোচেটৰ বিৰুদ্ধে৷ 

কবিগৰাকীৰ মৃত্যুৰ পঞ্চাশ বছৰৰ পাছত তেওঁৰ ভতিজাকে সদৰী কৰিছে যে বিহ প্ৰয়োগেৰে পিনোচেটৰ উদ্যোগতেই হত্যা কৰা হৈছিল নেৰুডাক৷ ভতিজাকৰ এই চাঞ্চল্যকৰ দাবীৰ পাছত এতিয়া পুনৰ সৃষ্টি হৈছে ৰহস্যৰ৷ পুনৰ খোল খাইছে নেৰুডাৰ মৃত্যু কাহিনীৰ নোখোলা পৃষ্ঠা৷

আনহাতে, আন্তৰ্জাতিক ফৰেনছিক বিশেষজ্ঞই দাখিল কৰা প্ৰতিবেদনত দাবী কৰা হৈছে যে ১৯৭৩চনত পাবলো নেৰুডাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা নাছিল৷ বৰঞ্চ বিহ খুৱাইহে হত্যা কৰা হৈছিল তেওঁক৷ কানাডা, ডেনমাৰ্ক আৰু চিলিৰ ফৰেনছিক বিশেষজ্ঞৰ এটা দলে দহবছৰীয়া অনুসন্ধানৰ অন্তত এই সিদ্ধান্তত উপনীত হৈছে৷ 

বুধবাৰে প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি নেৰুডাৰ শৰীৰত বিষাক্ত বেক্টেৰিয়াৰ অৱস্থিতি পোৱা গৈছিল৷ মৃত্যুৰ পূৰ্বে নেৰুডাৰ শৰীৰত এনে প্ৰাণঘাতী বেক্টেৰিয়া আছিল বুলিও দাবী কৰিছে ফৰেনছিক বিশেষজ্ঞৰ দলটোৱে৷ ১৯৭১ৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল নেৰুডাই৷ ১৯৭৩ত চিলিত সামৰিক অভ্যুত্থানৰ সময়ত নেৰুডা হাস্পতালত আছিল৷ তাৎপৰ্যপূৰ্ণভাৱে দেশত্যাগ কৰাৰ ৫ ঘণ্টা পূৰ্বে মৃত্যু হৈছিল নেৰুডাৰ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ