--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ নামটোৱেই এতিয়া কাল হৈ পৰিছে উত্তৰ কোৰিয়াৰ বহু যুৱতীৰ বাবে৷ সেয়ে নাম সলনি কৰিবলৈ এতিয়া লৰা-ধপৰা লগাইছে বহু যুৱতীয়ে৷ কিন্তু কিয় এনে হৈছে? উত্তৰ কোৰিয়াৰ নেতা কিম জং আনে ছোৱালী আৰু মহিলাসকলক তেওঁৰ কন্যাৰ দৰে একে নাম ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

 যিসকলে কিমৰ কন্যাৰ নামেৰে নাম ৰাখিছে তেওঁলোককো শীঘ্ৰে নাম সলনি কৰিবলৈ নিৰ্দেশ দিছে।  ফক্স নিউজৰ মতে কিম জং আনৰ কন্যাৰ  নাম কিম জু এ আৰু তেওঁৰ বয়স প্ৰায় ন বছৰ বুলি কোৱা হছে।  কিমৰ নিৰ্দেশৰ পিছতে  স্থানীয় প্ৰশাসনে জু-এ নামৰ মহিলাসকলক তেওঁলোকৰ জন্মৰ প্ৰমাণপত্ৰ সলনি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। জেওংজু চহৰৰ নিৰাপত্তা মন্ত্ৰালয়ে 'জু এ' নামৰ আৱাসী পঞ্জীয়ন বিভাগত পঞ্জীয়ন কৰা মহিলাসকলক তেওঁলোকৰ নাম সলনি কৰিবলৈ সুৰক্ষা মন্ত্ৰালয়লৈ মাতি পঠিয়াইছে।

 উত্তৰ কোৰিয়াৰ ছোৱালী আৰু মহিলাসকলক "এসপ্তাহৰ ভিতৰত" তেওঁলোকৰ নাম সলনি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিমৰ কন্যাক শেহতীয়াকৈ বিশাল সামৰিক কুচকাৱাজত পিতৃ কিমৰ সৈতে  দেখা গৈছিল।দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমসমূহে অনুমান কৰিছে যে কিম জং আনৰ  এজন পুত্ৰও আছে যি কিম জু এতকৈ ডাঙৰ আৰু তৃতীয় সন্তান  সম্ভৱতঃ এজনী কন্যা। উত্তৰ কোৰিয়াই নৱেম্বৰত কিম জু -এ তেওঁৰ দেউতাকৰ সৈতে আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল পৰীক্ষা চোৱা বুলি প্ৰকাশ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ