--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ নামটোৱেই এতিয়া কাল হৈ পৰিছে উত্তৰ কোৰিয়াৰ বহু যুৱতীৰ বাবে৷ সেয়ে নাম সলনি কৰিবলৈ এতিয়া লৰা-ধপৰা লগাইছে বহু যুৱতীয়ে৷ কিন্তু কিয় এনে হৈছে? উত্তৰ কোৰিয়াৰ নেতা কিম জং আনে ছোৱালী আৰু মহিলাসকলক তেওঁৰ কন্যাৰ দৰে একে নাম ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

 যিসকলে কিমৰ কন্যাৰ নামেৰে নাম ৰাখিছে তেওঁলোককো শীঘ্ৰে নাম সলনি কৰিবলৈ নিৰ্দেশ দিছে।  ফক্স নিউজৰ মতে কিম জং আনৰ কন্যাৰ  নাম কিম জু এ আৰু তেওঁৰ বয়স প্ৰায় ন বছৰ বুলি কোৱা হছে।  কিমৰ নিৰ্দেশৰ পিছতে  স্থানীয় প্ৰশাসনে জু-এ নামৰ মহিলাসকলক তেওঁলোকৰ জন্মৰ প্ৰমাণপত্ৰ সলনি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। জেওংজু চহৰৰ নিৰাপত্তা মন্ত্ৰালয়ে 'জু এ' নামৰ আৱাসী পঞ্জীয়ন বিভাগত পঞ্জীয়ন কৰা মহিলাসকলক তেওঁলোকৰ নাম সলনি কৰিবলৈ সুৰক্ষা মন্ত্ৰালয়লৈ মাতি পঠিয়াইছে।

 উত্তৰ কোৰিয়াৰ ছোৱালী আৰু মহিলাসকলক "এসপ্তাহৰ ভিতৰত" তেওঁলোকৰ নাম সলনি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিমৰ কন্যাক শেহতীয়াকৈ বিশাল সামৰিক কুচকাৱাজত পিতৃ কিমৰ সৈতে  দেখা গৈছিল।দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমসমূহে অনুমান কৰিছে যে কিম জং আনৰ  এজন পুত্ৰও আছে যি কিম জু এতকৈ ডাঙৰ আৰু তৃতীয় সন্তান  সম্ভৱতঃ এজনী কন্যা। উত্তৰ কোৰিয়াই নৱেম্বৰত কিম জু -এ তেওঁৰ দেউতাকৰ সৈতে আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল পৰীক্ষা চোৱা বুলি প্ৰকাশ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ