--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাৰ পাছতেই উদ্ধৱ থাকৰেই খেলিছে নতুন খেল৷ নৱনিযুক্ত মুখ্যমন্ত্ৰী একনাথ সিন্দেক দলৰ মজিয়াত একাষৰীয়া কৰাৰ সকলো কূটকৌশল ৰচিছে উদ্ধৱ থাকৰেই৷ আৰু তাৰেই প্ৰয়াসস্বৰূপে শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে একনাথ সিন্দেক সকলো দলীয় পদৰ পৰা বৰ্খাস্ত কৰিছে৷ 

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ এদিন পাছতে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেয়ে দলবিৰোধী কাৰ্যকলাপৰ বাবে বিসম্বাদী নেতাগৰাকীক সকলো দলীয় পদৰ পৰা আঁতৰাই দিছে৷ শিৱসেনাই কালি এক বিবৃতিযোগে সিন্দেক দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে আঁতৰোৱা হৈছে বুলি উল্লেখ কৰিছে৷ 

বিবৃতিটোত এইটোও উল্লেখ কৰা হৈছে যে সিন্দেৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে, কিয়নো তেওঁ দলৰ সদস্যপদো এৰি দিছিল।
চাৰিবাৰৰ বিধায়ক সিন্দেয়ে শিৱসেনা নেতা প্ৰয়াত বালাচাহেব থাকৰে আৰু থানে জিলাৰ তেওঁৰ ৰাজনৈতিক পৰামৰ্শদাতা আনন্দ দিঘেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শপত গ্ৰহণ আৰম্ভ কৰে।

ইপিনে, নতুন চৰকাৰে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আজিৰে পৰা আৰম্ভ হৈছে মহাৰাষ্ট্ৰ বিধানসভাৰ দুদিনীয়া বিশেষ অধিৱেশন৷ এক চমকপ্ৰদ ঘোষণাৰে দেৱেন্দ্ৰ ফাড়নবীশে ৩০ জুনৰ সন্ধিয়া ঘোষণা কৰিছিল যে শিৱসেনাত বিসম্বাদৰ নেতৃত্ব দিয়া সিন্দে নতুন মুখ্যমন্ত্ৰী হ’ব, আনহাতে তেওঁ নিজেই নতুন চৰকাৰৰ পৰা বাহিৰত থাকিব৷ কিন্তু, তেওঁৰ স্থিতি সলনি হৈছিল যেতিয়া তেওঁৰ দলীয় নেতৃত্বই তেওঁক উপ-মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰিছিল৷

ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে দক্ষিণ মুম্বাইৰ ৰাজভৱনত সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী ফাড়নবীশক শপতবাক্য পাঠ কৰোৱাইছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়