--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাৰ পাছতেই উদ্ধৱ থাকৰেই খেলিছে নতুন খেল৷ নৱনিযুক্ত মুখ্যমন্ত্ৰী একনাথ সিন্দেক দলৰ মজিয়াত একাষৰীয়া কৰাৰ সকলো কূটকৌশল ৰচিছে উদ্ধৱ থাকৰেই৷ আৰু তাৰেই প্ৰয়াসস্বৰূপে শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে একনাথ সিন্দেক সকলো দলীয় পদৰ পৰা বৰ্খাস্ত কৰিছে৷ 

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ এদিন পাছতে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেয়ে দলবিৰোধী কাৰ্যকলাপৰ বাবে বিসম্বাদী নেতাগৰাকীক সকলো দলীয় পদৰ পৰা আঁতৰাই দিছে৷ শিৱসেনাই কালি এক বিবৃতিযোগে সিন্দেক দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে আঁতৰোৱা হৈছে বুলি উল্লেখ কৰিছে৷ 

বিবৃতিটোত এইটোও উল্লেখ কৰা হৈছে যে সিন্দেৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে, কিয়নো তেওঁ দলৰ সদস্যপদো এৰি দিছিল।
চাৰিবাৰৰ বিধায়ক সিন্দেয়ে শিৱসেনা নেতা প্ৰয়াত বালাচাহেব থাকৰে আৰু থানে জিলাৰ তেওঁৰ ৰাজনৈতিক পৰামৰ্শদাতা আনন্দ দিঘেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শপত গ্ৰহণ আৰম্ভ কৰে।

ইপিনে, নতুন চৰকাৰে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আজিৰে পৰা আৰম্ভ হৈছে মহাৰাষ্ট্ৰ বিধানসভাৰ দুদিনীয়া বিশেষ অধিৱেশন৷ এক চমকপ্ৰদ ঘোষণাৰে দেৱেন্দ্ৰ ফাড়নবীশে ৩০ জুনৰ সন্ধিয়া ঘোষণা কৰিছিল যে শিৱসেনাত বিসম্বাদৰ নেতৃত্ব দিয়া সিন্দে নতুন মুখ্যমন্ত্ৰী হ’ব, আনহাতে তেওঁ নিজেই নতুন চৰকাৰৰ পৰা বাহিৰত থাকিব৷ কিন্তু, তেওঁৰ স্থিতি সলনি হৈছিল যেতিয়া তেওঁৰ দলীয় নেতৃত্বই তেওঁক উপ-মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰিছিল৷

ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে দক্ষিণ মুম্বাইৰ ৰাজভৱনত সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী ফাড়নবীশক শপতবাক্য পাঠ কৰোৱাইছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ