--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকালিকা লগা শনিবাৰ! এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা আজি ৰক্ষা পৰিল জবলপুৰঅভিমুখী এখন বিমান। কথমপি প্ৰাণৰক্ষা পৰিল  বিমান খনত থকা শতাধিক যাত্ৰীৰ । আজি পুৱা দিল্লীৰ পৰা  জবলপুৰলৈ যাত্ৰা কৰা স্পাইচজেট কোম্পানীৰ বিমান খনে আকাশমাৰ্গৰ ৫,০০০ ফুট উচ্চতাত উৰি থকাৰ সময়তে হঠাতে পাইলটৰ কেবিনৰ পৰা ক’লা ধোঁৱা নিৰ্গত হ’বলৈ ধৰে।

 ধোঁৱাই কিছুসময়ৰ পিছতে সমগ্ৰ বিমান খন চানি ধৰে। ফলত আতংকগ্ৰস্ত হৈ পৰে বিমান খনৰ যাত্ৰীসকল।

স্পাইচজেটৰ বিমানখনে শনিবাৰে পুৱা ৰাজধানী দিল্লীৰ পৰা জবলপুৰলৈ উৰা মৰাৰ সময়ত সকলো ঠিকে-ঠাকেই চলি আছিল যদিও আকাশমাৰ্গৰ ৫,০০০ ফুট উচ্চতাত উৰি থকাৰ সময়তে এই অঘটনটো ঘটে। বিমান খনত কোনো যান্ত্ৰিক বিজুতি হোৱাৰ বাবেই পাইলটৰ কেবিনৰ পৰা ক’লা ধোঁৱা ওলোৱা বুলি যাত্ৰীসকল নিশ্চিত হৈ পৰে। 

এনে পৰিস্থিতিত আতংকিত হৈ পৰা যাত্ৰীসকলক অভয় দান কৰি বিমান পৰিচাৰিকাই ঘোষণা কৰে যে বিমান খন পুনৰ নতুন দিল্লীলৈ ওভতাই নিয়া হ’ব। জৰুৰী অৱতৰণৰ বাবে ইতিমধ্যে পাইলটে নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিছিলেই। সেইমতে মৰণত শৰণ লৈ বিমান খনৰ পাইলটে বিমান খন পুনৰ নতুন দিল্লী অভিমুখে পোনাই দিয়ে।

 কেবিনৰ পৰা ধোঁৱা ওলাই থকা অৱস্থাতে বিমান খন কোনোমতে নতুন দিল্লীৰ বিমান বন্দৰত জৰুৰী অৱতৰণ কৰোৱাব পৰা যায়। ফলত কথমপি প্ৰাণৰক্ষা পৰে শতাধিক যাত্ৰী আৰু বিমান কৰ্মীৰ। 

 ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে স্পাইচজেটৰ এজন মুখপাত্ৰই কয়, "যাত্ৰীসকলৰ সুৰক্ষা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। গতিকে তেওঁলোকক ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছিল। সকলো যাত্ৰীক বিমানখনৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰা  হৈছে।" 

উল্লেখ্য ১৫ দিনৰ ভিতৰত  স্পাইচজেটৰ বিমানৰ এইটো দ্বিতীয় জৰুৰী অৱতৰণৰ ঘটনা। ইয়াৰ পূৰ্বে  ১৯ জুনত দিল্লীলৈ উৰা মৰা স্পাইচজেটৰ এখন বিমানৰ ইঞ্জিনত জুই লাগিছিল। ফলস্বৰূপে,বিমান খন পাটনাত জৰুৰী অৱতৰণ কৰোৱা হৈছিল। 

ফলত ১৮৫ জন যাত্ৰীৰ কথমপি  প্ৰাণৰক্ষা পৰিছিল। । আজি আকৌ কেবিনৰ পৰা ধোঁৱা ওলাই অহাৰ কাৰণে স্পাইচজেটৰ বিমানখন গন্তব্যস্থানত উপস্থিত হ'ব নোৱাৰিলে। 

কি কাৰণত কেবিনৰ পৰা ধোঁৱা ওলাইছিল সেয়া পৰীক্ষা কৰি চোৱা হ’ব আৰু এই বিষয়ত তদন্ত কৰা হ’ব বুলি বিমান পৰিবহন সংস্থাটোৱে প্ৰকাশ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য