--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকালিকা লগা শনিবাৰ! এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা আজি ৰক্ষা পৰিল জবলপুৰঅভিমুখী এখন বিমান। কথমপি প্ৰাণৰক্ষা পৰিল  বিমান খনত থকা শতাধিক যাত্ৰীৰ । আজি পুৱা দিল্লীৰ পৰা  জবলপুৰলৈ যাত্ৰা কৰা স্পাইচজেট কোম্পানীৰ বিমান খনে আকাশমাৰ্গৰ ৫,০০০ ফুট উচ্চতাত উৰি থকাৰ সময়তে হঠাতে পাইলটৰ কেবিনৰ পৰা ক’লা ধোঁৱা নিৰ্গত হ’বলৈ ধৰে।

 ধোঁৱাই কিছুসময়ৰ পিছতে সমগ্ৰ বিমান খন চানি ধৰে। ফলত আতংকগ্ৰস্ত হৈ পৰে বিমান খনৰ যাত্ৰীসকল।

স্পাইচজেটৰ বিমানখনে শনিবাৰে পুৱা ৰাজধানী দিল্লীৰ পৰা জবলপুৰলৈ উৰা মৰাৰ সময়ত সকলো ঠিকে-ঠাকেই চলি আছিল যদিও আকাশমাৰ্গৰ ৫,০০০ ফুট উচ্চতাত উৰি থকাৰ সময়তে এই অঘটনটো ঘটে। বিমান খনত কোনো যান্ত্ৰিক বিজুতি হোৱাৰ বাবেই পাইলটৰ কেবিনৰ পৰা ক’লা ধোঁৱা ওলোৱা বুলি যাত্ৰীসকল নিশ্চিত হৈ পৰে। 

এনে পৰিস্থিতিত আতংকিত হৈ পৰা যাত্ৰীসকলক অভয় দান কৰি বিমান পৰিচাৰিকাই ঘোষণা কৰে যে বিমান খন পুনৰ নতুন দিল্লীলৈ ওভতাই নিয়া হ’ব। জৰুৰী অৱতৰণৰ বাবে ইতিমধ্যে পাইলটে নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিছিলেই। সেইমতে মৰণত শৰণ লৈ বিমান খনৰ পাইলটে বিমান খন পুনৰ নতুন দিল্লী অভিমুখে পোনাই দিয়ে।

 কেবিনৰ পৰা ধোঁৱা ওলাই থকা অৱস্থাতে বিমান খন কোনোমতে নতুন দিল্লীৰ বিমান বন্দৰত জৰুৰী অৱতৰণ কৰোৱাব পৰা যায়। ফলত কথমপি প্ৰাণৰক্ষা পৰে শতাধিক যাত্ৰী আৰু বিমান কৰ্মীৰ। 

 ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে স্পাইচজেটৰ এজন মুখপাত্ৰই কয়, "যাত্ৰীসকলৰ সুৰক্ষা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। গতিকে তেওঁলোকক ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছিল। সকলো যাত্ৰীক বিমানখনৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰা  হৈছে।" 

উল্লেখ্য ১৫ দিনৰ ভিতৰত  স্পাইচজেটৰ বিমানৰ এইটো দ্বিতীয় জৰুৰী অৱতৰণৰ ঘটনা। ইয়াৰ পূৰ্বে  ১৯ জুনত দিল্লীলৈ উৰা মৰা স্পাইচজেটৰ এখন বিমানৰ ইঞ্জিনত জুই লাগিছিল। ফলস্বৰূপে,বিমান খন পাটনাত জৰুৰী অৱতৰণ কৰোৱা হৈছিল। 

ফলত ১৮৫ জন যাত্ৰীৰ কথমপি  প্ৰাণৰক্ষা পৰিছিল। । আজি আকৌ কেবিনৰ পৰা ধোঁৱা ওলাই অহাৰ কাৰণে স্পাইচজেটৰ বিমানখন গন্তব্যস্থানত উপস্থিত হ'ব নোৱাৰিলে। 

কি কাৰণত কেবিনৰ পৰা ধোঁৱা ওলাইছিল সেয়া পৰীক্ষা কৰি চোৱা হ’ব আৰু এই বিষয়ত তদন্ত কৰা হ’ব বুলি বিমান পৰিবহন সংস্থাটোৱে প্ৰকাশ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ