--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাকিস্তানৰ এজন প্ৰাক্তন ক্ৰিকেটাৰে নিজৰ দেশৰে  ক্ৰিকেটাৰসকলক সমালোচনা কৰিবলৈ  অভিনেত্ৰী  ঐশ্বৰ্য ৰায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছে। পাকিস্তান ক্ৰিকেট দলৰ এজন শ্ৰেষ্ঠ তাৰকাই আকৌ   তেওঁৰ মন্তব্যক সমৰ্থন কৰাৰ কথাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  নেটিজেনসকলে প্ৰাক্তন পাক ক্ৰিকেটাৰগৰাকীক তেওঁৰ অপমানজনক মন্তব্যৰ বাবে সমালোচনা কৰিছে। পাকিস্তানে এইবাৰৰ  বিশ্বকাপত মাত্ৰ চাৰিখন মেচত জিকিছে। বাবৰ আজম ব্ৰিগেডে আনকি ছেমি ফাইনেলতো উপনীত হ'ব নোৱাৰিলে।

বিশ্বকাপত পাকিস্তানৰ প্ৰদৰ্শনৰ বিষয়ে বাখ্যা কৰিবলৈ  আব্দুৰ ৰাজ্জাক, ওমৰ গুল আৰু শ্বাহিদ আফ্ৰিদীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তাত ৰাজ্জাকে কয়, "বিশ্বকাপত পাকিস্তানে কিয় বেয়া খেলিছে ?  খেলিবলৈ এতিয়াও বহুত কথা আছে। মই ভাবো পাকিস্তান বোৰ্ডে ক্ৰিকেটাৰসকলক উন্নত কৰিবলৈ চেষ্টাও নকৰে। যদি কোনোবাই ভাবে যে ঐশ্বৰ্য ৰায়ক বিয়া কৰালেই সন্তান ধুনীয়া হ’ব, এয়া কেতিয়াও সম্ভৱ নহয়। " 

মঞ্চত থকা আফ্ৰিদি আৰু গুলৰাই ৰাজ্জাকৰ কথাত হাঁহিছিল আৰু তেওঁক সমৰ্থন কৰিছিল। দুয়োজন পাকিস্তানী তাৰকাই  হাততালিৰে ৰাজ্জাকৰ কথা সমৰ্থন কৰিছিল। ঘটনাটোৰ ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। তাৰ পিছত, ৰাজ্জাক নেটিজেনসকলৰ দ্বাৰা সমালোচিত হৈছে।  বহুতৰ মতে, ৰাজ্জাকৰ  মন্তব্যই ঐশ্বৰ্য আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক অপমান কৰিছে। পাকিস্তানৰ অলৰাউণ্ডাৰজনে  অতি তললৈ নামি গৈছে বুলিও বহুতে কয়। 
দৰাচলতে, বিশ্বকাপত ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ দৰে বহু  দলৰ বিৰুদ্ধে খেলি  পাকিস্তান পৰাজিত হৈছে। প্ৰতিযোগিতাখনৰ শেষত সামান্য আশা থকা স্বত্বেও বাবৰৰ দলটোৱে ছেমি ফাইনেলত উপনীত হ'ব নোৱাৰিলে। পাকিস্তানৰ বলিং প্ৰশিক্ষক মৰ্নে মৰ্কেলে ইয়াৰ পিছতে  পদত্যাগ কৰিছে। অধিনায়ক হিচাপে বাবৰৰ ভৱিষ্যতকলৈয়ো  প্ৰশ্ন উত্থাপন হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক