--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাকিস্তানৰ এজন প্ৰাক্তন ক্ৰিকেটাৰে নিজৰ দেশৰে  ক্ৰিকেটাৰসকলক সমালোচনা কৰিবলৈ  অভিনেত্ৰী  ঐশ্বৰ্য ৰায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছে। পাকিস্তান ক্ৰিকেট দলৰ এজন শ্ৰেষ্ঠ তাৰকাই আকৌ   তেওঁৰ মন্তব্যক সমৰ্থন কৰাৰ কথাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  নেটিজেনসকলে প্ৰাক্তন পাক ক্ৰিকেটাৰগৰাকীক তেওঁৰ অপমানজনক মন্তব্যৰ বাবে সমালোচনা কৰিছে। পাকিস্তানে এইবাৰৰ  বিশ্বকাপত মাত্ৰ চাৰিখন মেচত জিকিছে। বাবৰ আজম ব্ৰিগেডে আনকি ছেমি ফাইনেলতো উপনীত হ'ব নোৱাৰিলে।

বিশ্বকাপত পাকিস্তানৰ প্ৰদৰ্শনৰ বিষয়ে বাখ্যা কৰিবলৈ  আব্দুৰ ৰাজ্জাক, ওমৰ গুল আৰু শ্বাহিদ আফ্ৰিদীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তাত ৰাজ্জাকে কয়, "বিশ্বকাপত পাকিস্তানে কিয় বেয়া খেলিছে ?  খেলিবলৈ এতিয়াও বহুত কথা আছে। মই ভাবো পাকিস্তান বোৰ্ডে ক্ৰিকেটাৰসকলক উন্নত কৰিবলৈ চেষ্টাও নকৰে। যদি কোনোবাই ভাবে যে ঐশ্বৰ্য ৰায়ক বিয়া কৰালেই সন্তান ধুনীয়া হ’ব, এয়া কেতিয়াও সম্ভৱ নহয়। " 

মঞ্চত থকা আফ্ৰিদি আৰু গুলৰাই ৰাজ্জাকৰ কথাত হাঁহিছিল আৰু তেওঁক সমৰ্থন কৰিছিল। দুয়োজন পাকিস্তানী তাৰকাই  হাততালিৰে ৰাজ্জাকৰ কথা সমৰ্থন কৰিছিল। ঘটনাটোৰ ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। তাৰ পিছত, ৰাজ্জাক নেটিজেনসকলৰ দ্বাৰা সমালোচিত হৈছে।  বহুতৰ মতে, ৰাজ্জাকৰ  মন্তব্যই ঐশ্বৰ্য আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক অপমান কৰিছে। পাকিস্তানৰ অলৰাউণ্ডাৰজনে  অতি তললৈ নামি গৈছে বুলিও বহুতে কয়। 
দৰাচলতে, বিশ্বকাপত ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ দৰে বহু  দলৰ বিৰুদ্ধে খেলি  পাকিস্তান পৰাজিত হৈছে। প্ৰতিযোগিতাখনৰ শেষত সামান্য আশা থকা স্বত্বেও বাবৰৰ দলটোৱে ছেমি ফাইনেলত উপনীত হ'ব নোৱাৰিলে। পাকিস্তানৰ বলিং প্ৰশিক্ষক মৰ্নে মৰ্কেলে ইয়াৰ পিছতে  পদত্যাগ কৰিছে। অধিনায়ক হিচাপে বাবৰৰ ভৱিষ্যতকলৈয়ো  প্ৰশ্ন উত্থাপন হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement