--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বিশ্বকাপত ছিক্সাৰৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকা বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেল মেচখনত ৰোহিতে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৫০ সংখ্যক ছিক্সাৰৰ জৰিয়তে ৰোহিত শৰ্মাই ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন তথা বিখ্যাত ছিক্স হিটাৰ ক্ৰীছ গেইলৰ অভিলেখ ভংগ কৰে। প্ৰতিযোগিতাখনত গেইলে ৪৯টা ছয় সংগ্ৰহ কৰিছিল।


এতিয়া ভাৰতীয় অধিনায়ক তথা হিটমেন ৰোহিত শৰ্মাই নিজৰ নামত এই অভিলেখ গঢ়ি তুলিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ভাৰতীয় অধিনায়কগৰাকীয়ে ১৬২.০৭ ষ্ট্ৰাইক ৰেটত ২৯টা বলত ৪৭ ৰান সংগ্ৰহ কৰে, য’ত ৪টা বাউণ্ডাৰী আৰু ৪টা ছিক্সাৰ অন্তৰ্ভুক্ত। এই ৪টা ছয়ৰ জৰিয়তে ৰোহিত শৰ্মাই বিশ্বকাপত ৫০টা ছিক্সাৰ সীমা অতিক্ৰম কৰি ৫১টা ছয় লাভ কৰিছে।


উল্লেখ্য যে ৩৫খন মেচৰ ৩৪ ইনিংছত ৪৯টা ছয় সংগ্ৰহ কৰিছিল ক্ৰীছ গেইলে। আনহাতে ৰোহিত শৰ্মাই মাত্ৰ ২৭খন মেচৰ ২৭টা ইনিংছত ৫১টা ছয় সংগ্ৰহ কৰিছে। ৰোহিত শৰ্মাইও ক্ৰীছ গেইলতকৈ অধিক ছয় কম ইনিংছতে সংগ্ৰহ কৰিছে। ছয় মাৰিব পৰাৰ উপৰিও ৰান সংগ্ৰহৰ ক্ষেত্ৰতো ক্ৰীছ গেইলতকৈ ৰোহিত শৰ্মা আগবাঢ়ি আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক