--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বিশ্বকাপত ছিক্সাৰৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকা বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেল মেচখনত ৰোহিতে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৫০ সংখ্যক ছিক্সাৰৰ জৰিয়তে ৰোহিত শৰ্মাই ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন তথা বিখ্যাত ছিক্স হিটাৰ ক্ৰীছ গেইলৰ অভিলেখ ভংগ কৰে। প্ৰতিযোগিতাখনত গেইলে ৪৯টা ছয় সংগ্ৰহ কৰিছিল।


এতিয়া ভাৰতীয় অধিনায়ক তথা হিটমেন ৰোহিত শৰ্মাই নিজৰ নামত এই অভিলেখ গঢ়ি তুলিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ভাৰতীয় অধিনায়কগৰাকীয়ে ১৬২.০৭ ষ্ট্ৰাইক ৰেটত ২৯টা বলত ৪৭ ৰান সংগ্ৰহ কৰে, য’ত ৪টা বাউণ্ডাৰী আৰু ৪টা ছিক্সাৰ অন্তৰ্ভুক্ত। এই ৪টা ছয়ৰ জৰিয়তে ৰোহিত শৰ্মাই বিশ্বকাপত ৫০টা ছিক্সাৰ সীমা অতিক্ৰম কৰি ৫১টা ছয় লাভ কৰিছে।


উল্লেখ্য যে ৩৫খন মেচৰ ৩৪ ইনিংছত ৪৯টা ছয় সংগ্ৰহ কৰিছিল ক্ৰীছ গেইলে। আনহাতে ৰোহিত শৰ্মাই মাত্ৰ ২৭খন মেচৰ ২৭টা ইনিংছত ৫১টা ছয় সংগ্ৰহ কৰিছে। ৰোহিত শৰ্মাইও ক্ৰীছ গেইলতকৈ অধিক ছয় কম ইনিংছতে সংগ্ৰহ কৰিছে। ছয় মাৰিব পৰাৰ উপৰিও ৰান সংগ্ৰহৰ ক্ষেত্ৰতো ক্ৰীছ গেইলতকৈ ৰোহিত শৰ্মা আগবাঢ়ি আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক