--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম চিকাৰ ধৰিলে  আফ্ৰিকাৰ পৰা অনা চিতাবাঘকেইটাই। আফ্ৰিকাৰ নামিবিয়াৰ পৰা অনা চিতাবাঘকেইটাৰ মাজৰ পৰা ২টা চিতাক শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত এৰি দিয়া হৈছিল।

এৰাৰ ২৪ ঘণ্টাৰ পাছতে চিকাৰ ধৰিলে বাঘদুটাই। জানিব পৰামতে, চিতা দুটাই এটা হৰিণ ধৰিবলৈ সক্ষম হৈছে। দেওবাৰ সন্দিয়া ৬টাৰ পৰা সোমবাৰ ৰাতিপুৱাৰ মাজভাগতে হৰিণটো চিকাৰ কৰে সিহঁতে।

বাঘ দুটাৰ নামো জানিব পৰা গৈছে। নামকেইটা ক্ৰমে- ফ্ৰেডী আৰু এল্টন। নামিবিয়াৰ পৰা অনাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰায় ৫০ দিন ৰখা হৈছিল সিহঁতক।

শনিবাৰে সন্ধ্যাই তাৰ মাজৰে দুটা বাঘক অৰণ্যত এৰি দিয়া হয়। তাৰপাছতে চিকাৰত সফল হোৱাৰ সংবাদ আহে। বাঘ দুটাৰ এই দক্ষমতাক লৈ বনকৰ্মীসকল উৎফুল্লিত হৈ পৰিছে।

বন কৰ্তৃপক্ষই কয় যে বাকী থকা পাঁচটা চিতাকো অতি সোনকালে এৰি দিয়া হ’ব। ইয়াৰোপৰি নামিবিয়া অথবা দক্ষিণ আফ্ৰিকাৰ পৰা ভৱিষ্যতেই অধিক চিতা বাঘ অনা বুলি জানিব পৰা গৈছে।

 



FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...