--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তালিবানৰ উত্থানত পাকিস্তানৰ সহায়ৰ হাত থকাৰ কথা এতিয়া আৰু কাৰো বাবেই অজানা কথা নহয়। আফগানিস্তান্ত তালিবানৰ চৰকাৰ গঠনৰ ক্ষেত্ৰতো এনেকি আগভাগ লৈ আছে পাকিস্তানে। কাবুলত চৰকাৰ গঠনৰ প্ৰাক:ক্ষণত তালিবানী নেতৃত্বৰ সৈতে ঘনাই আলোচনাত বহিছে আই এছ আইৰ মুৰব্বী ফইজ আহমেদ। পাঞ্জশ্বিৰ দখল কৰি আফগানিস্তানত নিজৰ একচত্ৰী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে ব্যগ্ৰ হৈ থকা তালিবানী শাসকক সহায়ৰ হাত আগবঢ়াই পাকিস্তানী বায়ু সেনাই পাঞ্জশ্বিৰত বোমা বৰ্ষণ কৰাৰ অভিযোগো উত্থাপিত হৈছে।

এই কথাবোৰ বিশ্বই জানিছে। শান্তিপ্ৰিয় আফগানসকলে জানো জনা নাই? জানিছে, জনাটোৱেই স্বাভাৱিক। আৰু সেইবাবেই এতিয়া তালিবানৰ বিৰুদ্ধে আৰম্ভ হোৱা আফগান জনতাৰ প্ৰতিবাদে সামৰি লৈছে পাকিস্তানকো।
মঙলবাৰে ৭০ জনীয়া মহিলাৰ এনে এক প্ৰতিবাদী দল সমবেত হয় কাবুলস্থিত পাকিস্তানী দূতাবাসৰ সন্মুখত। তেওঁলোকে দূতাবাসৰ সন্মুখভাগ উত্তাল কৰি তোলে পাকিস্তান বিৰোধী শ্লোগানেৰে। কিন্তু নিজৰ ত্ৰাণকৰ্তা পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদৰ এই ধ্বনি কিদৰে সহ্য কৰি তালিবানী শাসকে!

পাকিস্তান বিদ্বেষী এইসকল মহিলাক ছত্ৰভংগ দিয়াবলৈ তালিবানী যোদ্ধাই গুলীচালনা কৰিলে শূণ্যলৈ। ইয়াৰ পিছতে তালিবানী প্ৰবক্তাই আগবঢ়ালে স্পষ্ট ঘোষণা- - - “আমাৰ শাসনৰ বিৰুদ্ধে মাত মতা যিকোনো শক্তিকে অতি কঠোৰভাৱে আঘাত কৰা হ’ব”। উল্লেখ্য যে দুদিন পূৰ্বে তালিবানীয়ে প্ৰতিবাদকাৰী মহিলাক প্ৰহাৰ কৰি মূৰ ফালি পেলাইছিল। যি নহওঁক, আফগনিস্তানৰ ভূমিত পাকিস্তান বিদ্বেষী যিকোনো কণ্ঠক ৰোধ কৰিবলৈ তৎপৰ হৈ উঠা তালিবানীৰ বন্দুকৰ গৰ্জনে তালিবান আৰু পাকিস্তানৰ দৃঢ় মিত্ৰতাৰ সম্পৰ্ককে প্ৰকট কৰে বুলি সহজে বুজিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ