--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নানা জল্পনা-কল্পনা, উদ্বেগ-আশংকাৰ পাছত আফগানিস্তানত গঠন হ’ল তালিবান চৰকাৰ। আনুষ্ঠানিকভাৱে ক্ষমতা দখলৰ পাছতে তালিবানে নিজৰ ৰং দেখুৱাবলৈ আৰম্ভ কৰিছে। শ্বৰিয়া আইন অনুসৰি দেশখনৰ সকলো শাসনকাৰ্য পৰিচালিত হ’ব তথা আফগান জনগণৰ গতি চূড়ান্ত ৰক্ষণশীল শ্বৰিয়া আইনেই নিৰ্ধাৰণ কৰিব বুলি স্পষ্ট ঘোষণা কৰিছে তালিবান নেতৃত্বই।

কেৱল এয়াই নহয় এইবাৰ এখোপ আগুৱাই গৈ তালিবানৰ শিক্ষামন্ত্ৰীয়ে কৰিছে আজৱ ঘোষণা। তালিবান চৰকাৰৰ শিক্ষামন্ত্ৰী নিযুক্ত হৈছে শ্বেখ মৌলবী নুৰুল্লা মুনিক। শিক্ষামন্ত্ৰীৰ আসনত বহি তেওঁ ঘোষণা কৰিছে স্নাতকোত্তৰ ডিগ্ৰী, পি এইচ ডি আদি মূল্যহীন। সৰ্বজ্ঞানী, সৰ্বময় কৰ্তা হৈছে তালিবান নেতাসকলহে। তেওঁ ঘোষণা কৰে, ‘আজিৰ দিনত পিএইচডি তথা স্নাতকোত্তৰ ডিগ্ৰীৰ কোনো মূল্য নাই।

মোল্লা তথা তালিবানৰ যিসকল নেতা ক্ষমতাত অধিষ্ঠিত হৈছে তেওঁলোকৰ এনে ডিগ্ৰী নাই। আনকি তেওঁলোকে বিদ্যালয়ৰ মজিয়াও গচকা নাই। কিন্তু তেওঁলোক শ্ৰেষ্ঠ।’ তালিবানী শিক্ষামন্ত্ৰীৰ এনে ঘোষণাই দেশখনৰ শিক্ষা ব্যৱস্থাৰ ৰূপ কি হ’ব তাৰ ইংগিত তুলি ধৰিছে। উল্লেখ্য যে, মহম্মদ হাছান আখুন্দৰ নেতৃত্বত দেশখনত তালিবানৰ চৰকাৰ গঠন হৈছে। আনহাতে উপ-প্ৰধানমন্ত্ৰীৰ পদত বহিছে বৰাদাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ