--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চীন-ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্রেক্ষাপটত এই পৰিৱৰ্তন আনি বেইজিঙে ইছলামাবাদৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পর্ক ৰখা চীনে ক্ৰমাৎ দেশখনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ লৈছে। আমেৰিকাৰ সৈতে পাকিস্তানৰ শেহতীয়াকৈ মিতিৰালি বৃদ্ধি হোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে ৰঙা চীন।


তদুপৰি, শেহতীয়াকৈ চীনৰ টিয়ানজিন প্রদেশত অনুষ্ঠিত হোৱা ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশন (এছ চি অ') শীর্ষ সন্মিলনত চীন-ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্রেক্ষাপটত এই পৰিৱৰ্তন আনি বেইজিঙে ইছলামাবাদৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে।


ভূ-ৰাজনৈতিক প্রেক্ষাপটত গুৰুতৰ পৰিৱৰ্তন ঘটাই চীনৰ অভিলাষী প্রকল্প বেল্ট এণ্ড ৰ'ড ইনিচিয়েটিভৰ অংশ, চীন-পাকিস্তান অর্থনৈতিক কৰিড'ৰৰ (চি পি ই চি) প্রকল্প, মেইন লাইন-১ ৰে'ল পথ উন্নীতকৰণৰ পৰা চীনে ইয়াৰ বিত্তীয় সমর্থন প্রত্যাহাৰ কৰিছে।

পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে শেহতীয়াকৈ বেইজিং ভ্ৰমণলৈ যোৱাৰ সময়ত চি পি ই চি স্তৰ-২ প্ৰকল্পৰ অধীনত চীনৰ পৰা নতুনকৈ পুঁজি লাভ কৰাত ব্যর্থ হয়। এই প্রকল্পটোৰ লগতে কেইবাটাও প্রধান প্ৰকল্পৰ বাবে চীনে পাকিস্তানক বিত্তীয় সাহায্য দিবলৈ অস্বীকাৰ কৰে।


ইয়াৰ পৰিৱৰ্তে বিশেষকৈ কৃষি, ইলেক্ট্রিক বাহন, সৌৰ শক্তি আদি খণ্ডৰ বাবে ৮.৫ বিলিয়ন ডলাৰৰ এখন বুজাবুজি চুক্তিহে (এম অ' ইউ) পাকিস্তানৰ সৈতে স্বাক্ষৰ কৰে চীনে। কিন্তু পাকিস্তানত কোনো মুখ্য বিনিয়োগৰ পৰা বিৰত থাকিল চীন। আমেৰিকাৰ সৈতে পাকিস্তানে ঘনিষ্ঠতা বৃদ্ধি কৰাৰ বাবেই ইছলামাবাদে এই পৰিণাম ভুগিছে বুলি ভূ-ৰাজনৈতিক বিশেষজ্ঞ মহলে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু