--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চীন-ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্রেক্ষাপটত এই পৰিৱৰ্তন আনি বেইজিঙে ইছলামাবাদৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পর্ক ৰখা চীনে ক্ৰমাৎ দেশখনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ লৈছে। আমেৰিকাৰ সৈতে পাকিস্তানৰ শেহতীয়াকৈ মিতিৰালি বৃদ্ধি হোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে ৰঙা চীন।


তদুপৰি, শেহতীয়াকৈ চীনৰ টিয়ানজিন প্রদেশত অনুষ্ঠিত হোৱা ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশন (এছ চি অ') শীর্ষ সন্মিলনত চীন-ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্রেক্ষাপটত এই পৰিৱৰ্তন আনি বেইজিঙে ইছলামাবাদৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে।


ভূ-ৰাজনৈতিক প্রেক্ষাপটত গুৰুতৰ পৰিৱৰ্তন ঘটাই চীনৰ অভিলাষী প্রকল্প বেল্ট এণ্ড ৰ'ড ইনিচিয়েটিভৰ অংশ, চীন-পাকিস্তান অর্থনৈতিক কৰিড'ৰৰ (চি পি ই চি) প্রকল্প, মেইন লাইন-১ ৰে'ল পথ উন্নীতকৰণৰ পৰা চীনে ইয়াৰ বিত্তীয় সমর্থন প্রত্যাহাৰ কৰিছে।

পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে শেহতীয়াকৈ বেইজিং ভ্ৰমণলৈ যোৱাৰ সময়ত চি পি ই চি স্তৰ-২ প্ৰকল্পৰ অধীনত চীনৰ পৰা নতুনকৈ পুঁজি লাভ কৰাত ব্যর্থ হয়। এই প্রকল্পটোৰ লগতে কেইবাটাও প্রধান প্ৰকল্পৰ বাবে চীনে পাকিস্তানক বিত্তীয় সাহায্য দিবলৈ অস্বীকাৰ কৰে।


ইয়াৰ পৰিৱৰ্তে বিশেষকৈ কৃষি, ইলেক্ট্রিক বাহন, সৌৰ শক্তি আদি খণ্ডৰ বাবে ৮.৫ বিলিয়ন ডলাৰৰ এখন বুজাবুজি চুক্তিহে (এম অ' ইউ) পাকিস্তানৰ সৈতে স্বাক্ষৰ কৰে চীনে। কিন্তু পাকিস্তানত কোনো মুখ্য বিনিয়োগৰ পৰা বিৰত থাকিল চীন। আমেৰিকাৰ সৈতে পাকিস্তানে ঘনিষ্ঠতা বৃদ্ধি কৰাৰ বাবেই ইছলামাবাদে এই পৰিণাম ভুগিছে বুলি ভূ-ৰাজনৈতিক বিশেষজ্ঞ মহলে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ